শ্ৰীলংকাক পৰাস্ত কৰি ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত ভাৰত
১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় ক্ৰিকেট দলটোৱে। ভাৰতীয় দলটোৱে ছেমি ফাইনেলত শ্ৰীলংকাক ৮ উইকেটত পৰাস্ত কৰে। ফাইনেলত পাকিস্তানৰ মুখামুখি হ’ব ভাৰত।

২০২৫ চনৰ ছিনিয়ৰ মেন এছিয়া কাপৰ পিছত ২০২৫ চনৰ ১৯ বছৰ অনুৰ্ধ মেন এছিয়া কাপৰ ফাইনেলত ভাৰত। ডুবাইত অনুষ্ঠিত হোৱা ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় ক্ৰিকেট দলটোৱে। আয়ুষ ম্হাত্ৰেৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে ছেমি ফাইনেলত শ্ৰীলংকাক ৮ উইকেটত পৰাস্ত কৰে। ফাইনেলত পাকিস্তানৰ মুখামুখি হ’ব ভাৰত। ছিনিয়ৰ এছিয়া কাপৰ দৰেই এছিয়ান ক্ৰিকেটত ভাৰত আৰু পাকিস্তানে পুনৰবাৰ খিতাপ দখলৰ বাবে যুঁজ দিব। দ্বিতীয় ছেমি ফাইনেলত বাংলাদেশক পৰাস্ত কৰি পাকিস্তানে ফাইনেলত প্ৰৱেশ কৰে।
ডুবাইত বৰষুণৰ বাবে দুয়োখন ছেমি ফাইনেল সময়মতে আৰম্ভ কৰিব নোৱাৰাৰ বাবে ৫০ অভাৰৰ খেলখনৰ অভাৰ সীমিত কৰিবলগীয়া হয়। ভাৰত-শ্ৰীলংকাৰ খেলখন টি-২০ ফৰ্মেটলৈ ৰূপান্তৰিত হয়, য’ত শ্ৰীলংকাই প্ৰথমে বেটিং কৰি ৮টা উইকেট হেৰুৱাই ১৩৮ ৰান সংগ্ৰহ কৰে। ইফালে অধিনায়ক বিমথ দিনাছাৰাই ৩২ ৰান আৰু চামিকা হীনাটিগলাই ৪২ ৰান সংগ্ৰহ কৰে। ইফালে নিম্ন ক্ৰমত ছেটমিকা সেনাবিৰাত্নেই দ্ৰুত ৩০ ৰান সংগ্ৰহ কৰি দলটোক ১৩৮ ৰান সংগ্ৰহ কৰাত সহায় কৰে।ভাৰতৰ হৈ স্পীনাৰ কনিষ্ক চৌহান আৰু পেচাৰ হেনিল পেটেলে দুটাকৈ উইকেট দখল কৰে।
অৱশ্যে টিম ইণ্ডিয়াৰ আৰম্ভণি ভাল নহ’ল, চতুৰ্থ অভাৰলৈকে অধিনায়ক আয়ুষ মাহত্ৰে আৰু বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ ২৫ ৰান সংগ্ৰহ কৰি আউট হয়। শ্ৰীলংকাই চাপ ধৰি ৰখাৰ সুযোগ পাইছিল যদিও বিহান মালহোত্ৰা আৰু এৰন জৰ্জে ক্ৰীজত থিতাপি লয়। স্থিৰ গতিৰে বেটিং কৰি শ্ৰীলংকাক এটা উইকেট হেৰুৱাৰ পৰা ৰক্ষা কৰিছিল। বিহান মালহোত্ৰাই মাত্ৰ ৩৫টা বলত অৰ্ধশতক অৰ্জন কৰে, তাৰ পিছতে জৰ্জে অৰ্ধশতক অৰ্জন কৰে। তেওঁলোকে একেলগে ১১৪ ৰানৰ অপৰাজিত অংশীদাৰিত্ব গঢ়ি তুলি মাত্ৰ ১৮ অভাৰতে দলটোক লক্ষ্যত উপনীত হোৱাত সহায় কৰি ফাইনেলত স্থান নিশ্চিত কৰে।
দ্বিতীয়খন ফাইনেল খেল পাকিস্তান আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হয়। মেচখন ২৭ অভাৰলৈ হ্ৰাস কৰি বাংলাদেশে প্ৰথমে বেটিং কৰে। কিন্তু প্ৰথমে বেটিং কৰি বাংলাদেশে ২৬.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১২১ ৰান সংগ্ৰহ কৰে ইফালে পাকিস্তানে ১৬.৩ অভাৰত মাত্ৰ ২ উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়।
এই প্ৰতিযোগিতাৰ ফাইনেল এতিয়া ২১ ডিচেম্বৰ দেওবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব। ভাৰতীয় দলটোৱে অভিলেখ অষ্টমবাৰৰ বাবে এছিয়া কাপৰ ফাইনেল খেলিব। আনহাতে পাকিস্তানে চতুৰ্থবাৰৰ বাবে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে।