শ্ৰেয়াছ আয়াৰ-হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে BCCIৰ ডাঙৰ একশ্যন! এই ভুলৰ বাবে দিলে শাস্তি…
পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হোৱা আইপিএল ২০২৫ৰ কোৱালিফায়াৰ ২ মেচখনৰ পাছত শ্ৰেয়াছ আয়াৰ আৰু হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই মেচখনত দুয়োজন অধিনায়কে ডাঙৰ ভুল কৰিছিল, যাৰ বাবে তেওঁলোকক জৰিমনা বিহা হৈছে।

হাৰ্দিক পাণ্ডিয়া- শ্ৰেয়াছ আয়াৰ
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আইপিএল ২০২৫ৰ কোৱালিফায়াৰ ২ মেচত পঞ্জাব কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ তীব্ৰ সংঘৰ্ষ দেখা গৈছিল। কিন্তু এই মেচখনৰ পাছত দুয়োটা দলৰ অধিনায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পআই পি এলৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে ঞ্জাৱ কিংছৰ অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াক । যাৰ বাবে দুই অধিনায়কক জৰিমনা বিহা হৈছে। এই খেলখনত পঞ্জাবে মুম্বাইক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান দখল কৰে।
শ্ল’ অভাৰ ৰেটৰ বাবে শ্ৰেয়াছ আয়Eৰ আৰু হাৰ্দিক পাণ্ডিয়াৰ বিৰুদ্ধে লোৱা হৈছে এই ব্যৱস্থা । আই পি এলৰ নিয়ম অনুসৰি দলসমূহে নিৰ্দিষ্ট সময়ত নিজৰ অভাৰ সম্পূৰ্ণ কৰিব লাগিব আৰু তেনে নকৰিলে শাস্তিব্যৱস্থা আছে। পঞ্জাব কিংছৰ বাবে এই ছিজনৰ দ্বিতীয়টো অভাৰ ৰেট উলংঘা আছিল, যাৰ বাবে শ্ৰেয়াছ আয়াৰক ২৪ লাখ টকা জৰিমনা বিহা হৈছে। ইয়াৰ লগতে ইমপেক্ট প্লেয়াৰকে ধৰি পঞ্জাব কিংছৰ প্লেয়িং একাদশৰ সকলো সদস্যকে ৬ লাখ টকা ( অথবা তেওঁলোকৰ মেচ মাচুলৰ ২৫%) জৰিমনা বিহা হৈছে।
মুম্বাই ইণ্ডিয়ানছৰ বাবে এইটো আছিল ছিজনৰ তৃতীয়টো অভাৰ ৰেট উলংঘা। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছৰ বিৰুদ্ধে দুয়োখন খেলতে মুম্বাইয়ে শ্ল’ অভাৰ ৰেটৰ বাবে পেনাল্টি লাভ কৰিছিল। ইয়াৰ বাবে হাৰ্দিক পাণ্ডিয়াকো যথেষ্ট জৰিমনা বিহা হৈছে। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক পাণ্ডিয়াক ৩০ লাখ টকাৰ জৰিমনা বিহা হৈছে। ইমপেক্ট প্লেয়াৰকে ধৰি বাকী খেলা একাদশ সদস্যসকলক ব্যক্তিগতভাৱে ১২ লাখ টকা বা তেওঁলোকৰ মেচ মাচুলৰ ৫০ শতাংশ জৰিমনা বিহা হৈছে।
দেওবাৰে অনুষ্ঠিত এই ৰোমাঞ্চকৰ খেলখনত পঞ্জাব কিংছে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰি ২০৩/৬ ৰান সংগ্ৰহ কৰে মুম্বাই ইণ্ডিয়ানছে । সূৰ্যকুমাৰ যাদৱ আৰু তিলক ভাৰ্মাই ৪৪-৪৪ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল যদিও পঞ্জাৱৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে ৪১টা বলত নট আউট ৮৭ ৰানৰ ধুমুহাময় ইনিংছ খেলি নিজৰ দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। ১৯ অভাৰত ৫টা উইকেট হেৰুৱাই পঞ্জাবে এই লক্ষ্যত উপনীত হয়, আৰু এই জয়েৰে ১১ বছৰৰ পাছত ফাইনেলত প্ৰৱেশ কৰে। এতিয়া ৩ জুনত নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হ’ব পঞ্জাব কিংছ।