ক্ৰিকেটক বিদায় জনালে নেকি তাৰকা অলৰাউণ্ডাৰ অক্ষৰে!

5 June 2025

TV9 ASSAM

যোৱা ৩ জুনত অন্ত পৰিল আই পি এল ২০২৫। এই প্ৰতিযোগিতাত দিল্লী কেপিটেলছৰ অধিনায়কৰ দায়িত্ব পালন কৰে অক্ষৰ পেটেলে।

আই পি এল ২০২৫

অক্ষৰৰ নেতৃত্বত দিল্লী কেপিটেলছে দুৰন্ত আৰম্ভণি ঘটাইছিল যদিও হতাশাজনকভাৱে লীগ পৰ্যায়ৰ পৰাই বিদায় ল’বলগা হয়।

প্ৰদৰ্শন

সম্প্ৰতি অক্ষৰৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত অক্ষৰে ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰা দেখা গৈছে।

অৱসৰৰ ভিডিঅ’

ভিডিঅ’টোত অক্ষৰে কৈছে, ‘‘এয়া এক অতি গুৰুত্বপূৰ্ণ ঘোষণা। মোৰ বাবে এই ঘোষণা কৰাটো সহজ নহয়। ক্ৰিকেটে মোক পৰিচয়, মৰম সকলো দিলে।”

কি ক’লে

“কিন্তু প্ৰতিটো যাত্ৰাৰ অন্ত থাকে। হয়তো মোৰ ক্ৰিকেটৰ যাত্ৰা ইয়াতেই শেষ হৈছে।”- ভিডিঅ’টোত এইদৰে কয় অক্ষৰে।

অৱসৰ

সম্প্ৰতি ভাৰতীয় দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্যত পৰিণত হোৱা অক্ষৰৰ অৱসৰৰ এই ভিডিঅ’ই অনুৰাগীৰ মাজত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে।

চাঞ্চল্য

অৱশ্যে এতিয়া এই খবৰৰ সত্যতা ওলাইছে। ভাইৰেল এই ভিডিঅ'টো ভুৱা আৰু অক্ষৰৰ মাত আৰু ছবি ব্যৱহাৰৰ AI ৰ সহায়ত নিৰ্মাণ কৰা হৈছে বুলি প্ৰমাণিত হৈছে।

ভুৱা ভিডিঅ'

পঢ়িবলৈ ক্লিক কৰক 

পুৱা দুপৰীয়া কি খাইছিল কবিগুৰুৱে