শেষবাৰৰ বাবে…ছিডনীৰ শতকৰ পাছতে ৰোহিতৰ বিশেষ পোষ্ট, চিন্তিত অনুৰাগী…
ছিডনীত অনুষ্ঠিত এদিনীয়াত ৰোহিত শৰ্মাই শতক অৰ্জন কৰিছিল। ইয়াৰোপৰি তেওঁ প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। অৱশ্যে তেওঁৰ এদিনীয়াৰ ভৱিষ্যতক লৈ এতিয়াও জল্পনা-কল্পনা অব্যাহত আছে।

ৰোহিত শৰ্মা
ক্ৰিকেটাৰ ৰোহিত শৰ্মাই অষ্ট্ৰেলিয়া ভ্ৰমণৰ এদিনীয়া শৃংখলা আকৰ্ষণীয়ভাৱে সমাপ্ত কৰে। ছিৰিজৰ পূৰ্বে অধিনায়ক পদৰ পৰা তেওঁ আঁতৰ হৈছিল। যাৰ বাবে ৰোহিতৰ কেৰিয়াৰক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছিল। ইয়াৰ মাজতে তেওঁ ছিডনীত অনুষ্ঠিত হোৱা শেষৰখন এদিনীয়াত ৰোহিতে শতক অৰ্জন কৰে। এই শতকৰ ফলত টিম ইণ্ডিয়াই ছিৰিজৰ একমাত্ৰ মেচত জয়ী হয়। ইয়াৰ পাছতো ৰোহিতৰ কেৰিয়াৰ সন্দৰ্ভত জল্পনা-কল্পনা চলি আছে।
ছিডনীৰ পৰা বিদায়
এইখিনিতে বহুতে ভাবিব পাৰে যে ৰোহিত শৰ্মাই নিজৰ কেৰিয়াৰ বা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছে নেকি? যদি এনেকৈ ভাবিছে তেন্তে এয়া নহয়।
আচলতে ৰোহিত শৰ্মাই নিজৰ সামাজিক মাধ্যমৰ পৰা এটা পোষ্ট শ্বেয়াৰ কৰিছে। য’ত তেওঁ ছিডনী এয়াৰপোৰ্টৰ প্ৰস্থান শাখাত আছে। এই সময়চোৱাত ৰোহিতে ভাৰতলৈ ঘূৰি অহাৰ প্ৰস্তুতি চলাইছে। এই ফটোৰ কেপছনত লিখিছিল- ‘শেষবাৰ, ছিডনীক বিদায়’। অৱশ্যে বিভিন্নজনে ৰোহিত শৰ্মাৰ এই পোষ্টটো বেলেগ ধৰণে চাইছে।
One last time, signing off from Sydney 👊 pic.twitter.com/Tp4ILDfqJm
— Rohit Sharma (@ImRo45) October 26, 2025
ৰোহিতক প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান
এইবাৰ ছিৰিজতো ৰোহিতে উজ্বল প্ৰদৰ্শন কৰে। তিনিখন মেচৰ শৃংখলাত ৰোহিতে সৰ্বাধিক ২০২ ৰান সংগ্ৰহ কৰি প্লেয়াৰ অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰে। ফাইনেল মেচত তেওঁ ১২১ ৰান সংগ্ৰহ কৰি টিম ইণ্ডিয়াক জয়ী হোৱাৰ সুযোগ দিয়াৰ লগতে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰাত সহায় কৰে।
পৰৱৰ্তী ছিৰিজত তেওঁ সুযোগ পাবনে?
প্ৰশ্ন হয়, উজ্বল প্ৰদৰ্শনৰ পাছতে ৰোহিতে পৰৱৰ্তী ছিৰিজ খেলিবনে? অৱশ্যে এই প্ৰশ্নৰ উত্তৰ এতিয়া যেন কাৰো ওচৰত নাই। আগন্তুক সময়ত ইয়াৰ ওপৰত ক্ৰিকেটাৰজনে সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় ক্ৰিকেট দলটোৰ পৰৱৰ্তী এদিনীয়া ছিৰিজ ৩০ নৱেম্বৰৰ পৰা অনুষ্ঠিচ হ’ব। গতিকে এই খেলত ৰোহিতে খেলে নে নাই সেয়া কোৱা টান।
অন্য খবৰ পঢ়কঃ স্বামীৰ অনুপস্থিতিত আহিছিল ঘৰলৈ! সন্দেহৰ বাবেই যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড জ্যেষ্ঠ ভাতৃৰ…