RCB vs PBKS IPL 2025 Final Live Streaming: আহমেদাবাদত কাইলৈ বাজিব ৰণশিঙাঃ চাওক আই পি এল ২০২৫ৰ ফাইনেলৰ বিতং তথ্য
Watch IPL 2025 Final Royal Challengers Bengaluru vs Punjab Kings Live: আই পি এলৰ নতুন চেম্পিয়ন কোন হ’ব? সেই প্ৰশ্নৰ উত্তৰ কাইলৈ পোৱা যাব। এই প্ৰশ্নটিৰ সমান্তৰালকৈ ক্ৰিকেট অনুৰাগীৰ মনত আন কিছুমান প্ৰশ্নই দোলা নিদিয়াকৈ থকা নাই। এই প্ৰতিবেদনত আই পি এলৰ ১৮ সংখ্যক সংস্কৰণৰ ফাইনেল মেচ কেতিয়া, কেনেকৈ আৰু ক'ত চাব পাৰিব, সেই সম্পৰ্কে জানিব পাৰিব।

কাইলৈ আই পি এল ২০২৫ৰ ফাইনেল
বিগত ২২ মাৰ্চৰ পৰা ৩ জুনলৈ, সুদীৰ্ঘ আঢ়ৈ মাহজোৰা যুঁজৰ কাইলৈ সমাপ্তি ঘটিব। অন্ত পৰিব বিশ্বৰ আটাইতকৈ ধনাঢ্য আৰু জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ। প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ প্ৰতিদ্বন্দিতাত নামিব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই বহু প্ৰত্যাশিত মেচ। দুয়োটা দলে কাইলৈ নিজৰ প্ৰথমটো আই পি এল খিতাপৰ লক্ষ্যৰে পূৰ্ণ শক্তিৰে অৱতীৰ্ণ হ’ব। অৰ্থাৎ যিটো দলেই জয়ী নহওক কিয়, কাইলৈ আই পি এলে লাভ কৰিব এক নতুন চেম্পিয়ন দল।
উল্লেখ্য যে প্ৰথম কোৱালিফায়াৰত পঞ্জাৱ কিংছক পৰাস্ত কৰিয়েই পোনপটীয়াকৈ ফাইনেলত স্থান নিশ্চিত কৰিছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে। এই মেচত পৰাস্ত হোৱাৰ পিছত পঞ্জাৱে দ্বিতীয় কোৱালিফায়াৰত অৱতীৰ্ণ হ’বলগা হৈছিল আৰু মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি ফাইনেলৰ পথ প্ৰশস্ত কৰিছিল। প্ৰতিযোগিতাৰ ইতিহাসত চতুৰ্থবাৰৰ বাবে ফাইনেল খেলিব আৰচিবিয়ে। আনহাতে পঞ্জাৱ কিংছৰ বাবে এয়া হ’ব দ্বিতীয় ফাইনেল।
আই পি এলৰ নতুন চেম্পিয়ন কোন হ’ব? সেই প্ৰশ্নৰ উত্তৰ কাইলৈ পোৱা যাব। এই প্ৰশ্নটিৰ সমান্তৰালকৈ ক্ৰিকেট অনুৰাগীৰ মনত আন কিছুমান প্ৰশ্নই দোলা নিদিয়াকৈ থকা নাই। এই প্ৰতিবেদনত আই পি এলৰ ১৮ সংখ্যক সংস্কৰণৰ ফাইনেল মেচ কেতিয়া, কেনেকৈ আৰু ক’ত চাব পাৰিব, সেই সম্পৰ্কে জানিব পাৰিব।
ক’ত অনুষ্ঠিত হ’ব ফাইনেল মেচ?
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কাইলৈ (৩ জুন) অনুষ্ঠিত হ’ব আই পি এল ২০২৫ৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম পঞ্জাব কিংছৰ ফাইনেল মেচ।
কেতিয়াৰ পৰা আৰম্ভ হ’ব?
ফাইনেল মেচখন সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব। খেলৰ পূৰ্বে সন্ধিয়া ৭ বজাত টছ হ’ব। ইয়াৰ পূৰ্বে প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব।
মেচৰ টেলিকাষ্ট আৰু লাইভ ষ্ট্ৰীমিং ক’ত চাব পাৰিব?
এই ফাইনেল মেচখনৰ লাইভ সম্প্ৰচাৰ (লাইভ ষ্ট্ৰীমিং) টিভিত ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত চাব পাৰিব। ইয়াৰ উপৰিও দৰ্শকে JioHotstar এপ বা ৱেব চাইটত মেচখনৰ লাইভ ষ্ট্ৰীমিং চাব পাৰিব। তদুপৰি TV9 Assam- ৰ লাইভ ব্লগত অসমীয়া ভাষাত খেলখনৰ লাইভ আপডেট লাভ কৰিব।