RCB vs PBKS Head to Head Records: কাইলৈ প্ৰথমটো খিতাপৰ সন্ধানত নামিব আৰচিবি-পঞ্জাৱঃ পৰিসংখ্যাৰ দিশত কোন দল আগত?
IPL 2025 Royal Challengers Bengaluru vs Punjab Kings Match stats: আৰচিবি আৰু পঞ্জাৱ কিংছে চলিত ছিজনত দাঙি ধৰা প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি এক কথাত ফাইনেল মেচখন ৰোমাঞ্চকৰ হৈ উঠিব বুলিয়েই সকলোৱে আশা কৰিছে। পিছে দুয়োপক্ষই যিমানেই যুঁজ নিদিলেও খিতাপ জয়ৰ আনন্দ লভিব যিকোনো এটা দলে। এই সুখকৰ ক্ষণত উপনীত হোৱাৰ পূৰ্বে চাওঁ আহক এইপৰ্যন্ত পৰিসংখ্যাৰ দিশত কোনটো দল আগবাঢ়ি আছে।

RCB নে PBKS, পৰিসংখ্যাৰ দিশত কোন আগত!
কাইলৈ ক্ৰিকেট অনুৰাগীৰ বহু প্ৰতীক্ষিত আই পি এল ২০২৫ৰ ফাইনেল। প্ৰতিযোগিতাৰ ইতিহাসত কাইলৈ দেখিবলৈ পোৱা যাব এক নতুন চেম্পিয়ন দল। ষ্টেডিয়ামৰ গেলাৰীতে হওক অথবা টেলিভিচন স্ক্ৰীণৰ আগতেই হওক, অধিকাংশ ক্ৰিকেট অনুৰাগীয়েই কাইলৈ বিভক্ত হ’ব দুই শিবিৰত। এফালে যদি প্ৰিয় তাৰকা বিৰাট কোহলীৰ হাতত আই পি এল ট্ৰফী দেখা পোৱাৰ আশা, আনফালে আকৌ চৰ্চাৰ প্ৰায় বাহিৰত থকা অথচ শক্তিশালী প্ৰদৰ্শনেৰে ফাইনেলত উপনীত হোৱা পঞ্জাৱ কিংছৰ আনন্দত সুখী হোৱাৰ ভাৱনা!
মুঠৰ ওপৰত এতিয়া কাইলৈৰ নিশাটোৰ বাবে উৎকণ্টিত হৈ বাট চাইছে অনুৰাগীসকলে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কাইলৈ দেখা যাব অলেখ ক্ৰিকেট অনুৰাগীৰ মনত চলি থকা জল্পনা-কল্পনাৰ উত্তৰ। দুয়োটা দলেই লীগ পৰ্যায়ত উজ্জীৱিত প্ৰদৰ্শন আগবঢ়াই প্লে’ অফত প্ৰৱেশ কৰিছিল আৰু তাৰ পৰা আগুৱাই উপনীত হৈছে ফাইনেলত। এতিয়া সমুখত মাত্ৰ এখনেই যুঁজ আৰু এই যুঁজত জয়ী হ’লেই হাতত পৰিব পৰম প্ৰত্যাশিত আই পি এল ট্ৰফী।
ছিজনত দুয়ো দলৰ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি এক কথাত ফাইনেল মেচখন ৰোমাঞ্চকৰ হৈ উঠিব বুলিয়েই সকলোৱে আশা কৰিছে। পিছে দুয়োপক্ষই যিমানেই যুঁজ নিদিলেও খিতাপ জয়ৰ আনন্দ লভিব যিকোনো এটা দলে। এই সুখকৰ ক্ষণত উপনীত হোৱাৰ পূৰ্বে চাওঁ আহক এইপৰ্যন্ত পৰিসংখ্যাৰ দিশত কোনটো দল আগবাঢ়ি আছে।
আই পি এলৰ উদ্বোধনী বৰ্ষ অৰ্থাৎ ২০০৮ চনৰ পৰাই আৰচিবি আৰু পঞ্জাৱ দুয়োটা দলে এই প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। পঞ্জাবে দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে চতুৰ্থবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে আৰচিবি। এই দুয়োটা দলে আই পি এলত মুঠ ৩৬ বাৰ মুখামুখি হৈছে। ইয়াৰে ইতিমধ্যে এই ছিজনতে তিনিবাৰকৈ মুখামুখি হৈছে দল দুটা- লীগ পৰ্যায়ত দুবাৰ আৰু প্ৰথম কোৱালিফায়াৰ। এতিয়া ফাইনেলতো মুখামুখি হ’ব দুয়োটা দল।
এইপৰ্যন্ত পৰস্পৰৰ মাজত হোৱা ৩৬ বাৰৰ মুখামুখিত দুয়োটা দলেই পৰিসংখ্যাৰ দিশৰ পৰা সমপৰ্যায়ত আছে। অৰ্থাৎ আৰচিবি আৰু পঞ্জাৱ কিংছে ১৮ বাৰকৈ পৰস্পৰৰ বিপক্ষে মেচত জয়লাভ কৰিছে। পঞ্জাব কিংছৰ বিৰুদ্ধে আৰচিবিৰ এতিয়ালৈকে সৰ্বোচ্চ স্ক’ৰ হৈছে ৭ উইকেটত ২৪১ ৰান। আনহাতে আৰচিবিৰ বিপক্ষে পঞ্জাব কিংছৰ সৰ্বোচ্চ স্ক’ৰ ২ উইকেটত ২৩২ ৰান।
দুয়োটা দলৰ মুখামুখিত আৰচিবিৰ সৰ্বনিম্ন স্ক’ৰ হৈছে ১০৯ (অল আউট)। ইয়াৰ বিপৰীতে পঞ্জাব কিংছৰ সৰ্বনিম্ন স্ক’ৰ হৈছে ৮৮ (অল আউট)। ৰানৰ ক্ষেত্ৰত পঞ্জাৱৰ বিৰুদ্ধে আৰচিবিৰ সৰ্ববৃহৎ জয় ১৩৮ ৰান। একেদৰে পঞ্জাৱৰ সৰ্বাধিক জয়ৰ ব্যৱধান ১১১ ৰান। লক্ষণীয়ভাৱে বিগত ছয়বাৰৰ মুখামুখিত পঞ্জাৱ কিংছক ৫ খনতে পৰাস্ত কৰিছে আৰচিবিয়ে। এই ছিজনতো আৰচিবি লীগৰ দুখন মেচৰ ভিতৰত এখন আৰু প্ৰথম কোৱালিফায়াৰত জয়ী হৈছিল।