RCB vs KKR Predicted Playing XI IPL 2025: অনুৰাগীৰ মাজলৈ আজি উভতিব আই পি এলঃ সমুখ সমৰত আৰচিবি-কেকেআৰ, চাওক সম্ভাৱ্য একাদশ..

Royal Challengers Bengaluru vs Kolkata Knight Riders Preview: ভাৰত-পাক সংঘাতৰ পৰিপ্ৰেক্ষিতত এসপ্তাহৰ বাবে আই পি এল স্থগিত ৰাখিছিল বিচিচিআইয়ে। ইয়াৰ পিছত আজি পুনৰ প্ৰতিযোগিতাখনৰ আনন্দ উপভোগ কৰিব পাৰিব ক্ৰিকেটপ্ৰেমীসকলে। বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এলৰ এই প্ৰত্যাৱৰ্তন মেচখন। মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছ।

RCB vs KKR Predicted Playing XI IPL 2025: অনুৰাগীৰ মাজলৈ আজি উভতিব আই পি এলঃ সমুখ সমৰত আৰচিবি-কেকেআৰ, চাওক সম্ভাৱ্য একাদশ..

আজি পুনৰ উভতিব আই পি এল

Updated On: 

17 May 2025 18:31 PM

প্ৰায় সপ্তাহজোৰা বিৰতিৰ পিছত অৱশেষত আজি পুনৰ অনুৰাগীৰ মাজলৈ উভতিব আই পি এল ২০২৫। ভাৰত-পাক সংঘাতৰ পৰিপ্ৰেক্ষিতত এসপ্তাহৰ বাবে প্ৰতিযোগিতাখন স্থগিত ৰাখিছিল বিচিচিআইয়ে। ইয়াৰ পিছত আজি পুনৰ আই পি এলৰ আনন্দ উপভোগ কৰিব পাৰিব ক্ৰিকেটপ্ৰেমীসকলে। বাংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আই পি এলৰ এই প্ৰত্যাৱৰ্তন মেচখন। মুখামুখি হ’ব ঘৰুৱা দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছ। দুয়োটা দলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই মেচখন।

সম্প্ৰতি পইণ্ট তালিকাত ১৬ পইণ্ট সংগ্ৰহেৰে দ্বিতীয় স্থানত আছে বাংগালুৰু। চাৰিখন মেচ বাকী থকা অৱস্থাত দলটোৰ প্লে’ অফৰ সম্ভাৱনা প্ৰায় নিশ্চিত হৈ আছে। আজিৰ মেচখনত জয়ী হ’লেই বাংগালুৰুৱে প্ৰথমটো দল হিচাপে প্লে’ অফত প্ৰৱেশ কৰিব। আনহাতে কলকাতা নাইট ৰাইডাৰ্ছে সম্প্ৰতি ১২ খন মেচত ১১ পইণ্ট লাভ কৰিছে আৰু এইদৰে পইণ্ট তালিকাত ষষ্ঠ স্থানত আছে।

যদি আজিৰ মেচখনত কলকাতা পৰাস্ত হয়, তেতিয়া দলটোৰ প্লে’ অফৰ আশাৰ অন্ত পৰিব। এনে পৰিস্থিতিত আজি ডিফেণ্ডিং চেম্পিয়ন দলটোৰ বাবে জয় অনিবাৰ্য। অৱশ্যে বৃহৎ ব্যৱধানত জয়লাভ কৰিলেহে দলটোৱে নিজৰ আশা সজীৱ কৰি ৰাখিব পাৰিব। উল্লেখ্য যে আজিৰ মেচখনত কলকাতাৰ শিবিৰত দেখা নাযাব মঈন আলী আৰু ৰ’ভমেন পাৱেলক। ইয়াৰ বিপৰীতে আৰচিবিৰ দলত নাথাকিব জ’ছ হেজেউড আৰু দেৱদত্ত পাড়িক্কালক।

আঘাতৰ বাবে পাড়িক্কাল প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ পিছত আৰচিবিয়ে দলত অন্তৰ্ভুক্ত কৰিছে মায়াংক যাদৱক। লক্ষণীয়ভাৱে আজি বাংগালুৰুত বৰষুণৰ পূৰ্ণ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে বাংগালুৰুত বৰষুণৰ সম্ভাৱনা জাৰি কৰিছে। যদি বৰষুণৰ বাবে মেচখন বাতিল কৰিবলগা হয়, তেতিয়া কলকাতাৰ বিদায়ৰ পথ নিশ্চিত হৈ পৰিব। চাওঁ আহক আজি দুয়োটা দলৰ সম্ভাৱ্য একাদশ-

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ সম্ভাৱ্য একাদশ আৰু ইম্পেক্ট চাবঃ ফিল ছল্ট, বিৰাট কোহলী, মায়াংক আগৰৱাল, ৰজত পাটিদাৰ, জিতেশ শৰ্মা, ৰোমাৰিঅ’ শ্বেফাৰ্ড, টিম ডেভিদ, ক্ৰুনাল পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, যশ দয়াল, লুংগী এনগিডি, সুয়শ শৰ্মা।

কলকাতা নাইট ৰাইডাৰ্ছৰ সম্ভাৱ্য একাদশ আৰু ইম্পেক্ট চাবঃ সুনীল নাৰাইণ, ৰহমানুল্লাহ গুৰবাজ, অজিংক্যা ৰাহানে, ভেংকটেশ আয়াৰ, অংকৃশ ৰঘুবংশী/মনিষ পাণ্ডে, ৰিংকু সিং, আন্দ্ৰে ৰাছেল, ৰমনদীপ সিং, বৈভৱ অৰোৰা, হৰ্ষিত ৰাণা, বৰুণ চক্ৰৱৰ্তী, এনৰিখ ন’কিয়া/স্পেনচাৰ জনচন।

ধন-সম্পত্তিৰে উপচি পৰিব আপোনাৰ ঘৰ, মাথোঁ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা
আপোনাৰো ভালকৈ টোপনি নাহে নেকি? এই পদ্ধতিৰে দূৰ কৰক টোপনিৰ সমস্যা
তুৰ্কীত কিমান ভাৰতীয় লোক বাস কৰে?
ৰাছিয়া, চীন নে আমেৰিকা! কাৰ হাতত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে?