পুনৰ ২২ গজত উঠিব স্পীন ঘূৰ্ণী! ক্ৰিকেটলৈ উভতিব ৰবিচন্দ্ৰন অশ্বিন

বিৰামৰ অন্ত পেলাই পুনৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে অশ্বিন। শীঘ্ৰেই হাতত বল লৈ বেটাৰক স্পীন জালত পেলাবলৈ ক্ৰীজত নামিব পাৰে প্ৰাক্তন ভাৰতীয় তাৰকাগৰাকী।

পুনৰ ২২ গজত উঠিব স্পীন ঘূৰ্ণী! ক্ৰিকেটলৈ উভতিব ৰবিচন্দ্ৰন অশ্বিন

ৰবিচন্দ্ৰন অশ্বিন

Published: 

23 Sep 2025 13:19 PM

বিগত বৰ্ষৰ শেষৰ ফালে অষ্ট্ৰেলিয়াৰ বিপক্ষে টেষ্ট শৃংখলাৰ মাজতে সকলোকে হতভম্ব কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লৈছিল ভাৰতীয় ক্ৰিকেটৰ অন্যতম তাৰকা ৰবিচন্দ্ৰন অশ্বিনে তাৰকা ক্ৰিকেটাৰগৰাকীৰ অৱসৰৰ খবৰে সমগ্ৰ ক্ৰিকেট বিশ্বক আশ্চৰ্যচকিত কৰি তুলিছিল জোকাৰি তুলিছিল ভাৰতীয় ক্ৰিকেট অনুৰাগীক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ পিছতে তাৰকা ক্ৰিকেটাৰগৰাকীয়ে যোৱা আগষ্ট মাহত আই পি এলৰ পৰাও অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছিল

ইয়াৰ পিছত ২২ গজত পুনৰ অশ্বিনৰ স্পীন যাদু দেখা পোৱাৰ সম্ভাৱনা শূন্য যেন হৈ পৰিছিল পিছে এই বিৰামৰ অন্ত পেলাই পুনৰ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তনৰ বাবে সাজু হৈছে অশ্বিন শীঘ্ৰেই হাতত বল লৈ বেটাৰক স্পীন জালত পেলাবলৈ ক্ৰীজত নামিব পাৰে প্ৰাক্তন ভাৰতীয় তাৰকাগৰাকী

প্ৰকাশিত খবৰ অনুসৰি, ৰবিচন্দ্ৰন অশ্বিনক শীঘ্ৰেই বিশ্বৰ দুখন টি-২০ লীগত দেখা যাব পাৰে অষ্ট্ৰেলিয়াৰ বিগ বেছ লীগ (BBL) আৰু ইউ ইত অনুষ্ঠিত হোৱা ইণ্টাৰনেচনেল টি-২০ লীগ (ILT20)ত অশ্বিনে অংশ ব পাৰে বুলি খবৰ ওলাইছে। অৱশ্যে ইয়াৰ পূৰ্বেও এনে খবৰে চৰ্চা লাভ কৰিছিল

আই পি এলৰ পৰা অৱসৰ লোৱাৰ পিছতে অশ্বিনে আন এখন দেশৰ টি-২০ লীগত খেলাৰ সম্ভাৱনাক লৈ খবৰ প্ৰকাশ পাইছিল প্ৰথম অৱস্থাত তেওঁ BBL বা ILT20ত খেলিব পাৰে বুলি চৰ্চা চলিছিল যদিও এতিয়া ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি তেওঁক দুয়োখন প্ৰতিযোগতাতে দেখা যাব পাৰে

ইতিমধ্যেই তেওঁ ILT20ত নিলামৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছে বুলিও কোৱা হৈছে। প্ৰতিবেদন অনুসৰি অশ্বিনে কেইবাটাও বিগ বেছ ফ্ৰেঞ্চাইজিৰ পৰা অফাৰ লাভ কৰিছে। ইতিমধ্যে ছিডনী ছিক্সাৰ্ছ আৰু ছিডনী থাণ্ডাৰে তেওঁৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। তদুপৰি ৰিকি পণ্টিঙৰ সৈতে জড়িত ফ্ৰেঞ্চাইজি হোবাৰ্ট হাৰিকনেছৰ লগতে এডিলেইড ষ্ট্ৰাইকাৰ্ছেও প্ৰস্তাৱ আগবঢ়াইছে

অৰ্থাৎ অৱসৰ লেও এইমুহূৰ্ততো অশ্বিনৰ হাতত বিকল্পৰ অভাৱ নাই অৱশ্যে দুয়োখন প্ৰতিযোগিতাত অংশ লোৱাৰ ক্ষেত্ৰত অশ্বিন প্ৰত্যাহ্বানৰো সন্মুখীন হ’ব। ইউ এ ইত ২ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ILT20 ৪ জানুৱাৰীলৈকে চলিব। ইফালে ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব BBL- আৰম্ভ আৰু ২৫ জানুৱাৰীলৈকে এই প্ৰতিযোগিতা চলিব।

সেয়ে প্ৰথমে ILT20 ত খেলি তাৰ পিছত BBLৰ বাবে অশ্বিন অষ্ট্ৰেলিয়ালৈ ৰাওনা হ’ব বুলি অনুমান কৰা হৈছে। অশ্বিনে এতিয়াও বিগ বেছ লীগ (BBL)ত অংশগ্ৰহণৰ বিষয়ে কোনো মন্তব্য কৰা নাই যদিও অনাগত কেইদিনমানৰ ভিতৰত এই বিষয়ে চূড়ান্ত হ’ব পাৰে বুলি ইংগিত দিছে।

এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!