উপ-ৰাষ্ট্ৰপতিৰ পদত্যাগৰ পৰা গুৱাহাটীৰ কৃত্ৰিম বানলৈ, দিনটোৰ শীৰ্ষ খবৰ
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আকস্মিক পদত্যাগে আচৰিত কৰিছে সকলোকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সুস্বাস্থ্য কামনা কৰে। ইফালে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এই সন্দৰ্ভত চৰকাৰক উত্তৰ বিচৰা দেখা গৈছে।
উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ আকস্মিক পদত্যাগে আচৰিত কৰিছে সকলোকে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সুস্বাস্থ্য কামনা কৰে। ইফালে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এই সন্দৰ্ভত চৰকাৰক উত্তৰ বিচৰা দেখা গৈছে। ধনখড়ৰ পদত্যাগ আশ্চৰ্যজনক বুলি মন্তব্য কৰে গগৈয়ে। কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনৰ সময়ত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ জটিল বিষয়সমূহ আলোচনাৰ বাবে চৰকাৰে আগ্ৰহ প্ৰকাশ কৰা নাই বুলিও অভিযোগ কৰে। বিশেষকৈ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেচন সেন্দূৰক লৈ আলোচনাৰ সন্দৰ্ভত চৰকাৰে মৌনতা অৱলম্বন কৰা বুলি দুখ প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।
পুনৰ গুৱাহাটীত সৃষ্টি হৈছে কৃত্ৰিম বান। আজি পুৱাৰ ভাগত অহা বৰষুণৰ ফলত গুৱাহাটীৰ কেবাটাও অঞ্চলত কৃত্ৰিম বানৰ উদ্ভৱ হয়। ৰাজপথত একাঁঠু পৰ্যন্ত পানী হোৱাত দৈনন্দিন জীৱন যাত্ৰা ব্যাহত হৈ পৰে মহানগৰবাসীৰ। চাওঁ আহক দিনটোৰ আন কেইটামান গুৰুত্বপূৰ্ণ খবৰ…