বিহাৰত ক’ত নোহোৱা হ’ল এইসমূহ ভোটাৰ?
লাখ লাখ ভোটাৰৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে আশংকা। হাতত নাই এসপ্তাহৰো সময়, ইফালে পৰিচয় পোৱা নাই বিহাৰৰ প্ৰায় ৭৩ লাখ ভোটাৰৰ। তেওঁলোকক বিচাৰি হাবাথুৰি খাইছে নিৰ্বাচন আয়োগেও।
লাখ লাখ ভোটাৰৰ ভৱিষ্যতক লৈ সৃষ্টি হৈছে আশংকা। হাতত নাই এসপ্তাহৰো সময়, ইফালে পৰিচয় পোৱা নাই বিহাৰৰ প্ৰায় ৭৩ লাখ ভোটাৰৰ। তেওঁলোকক বিচাৰি হাবাথুৰি খাইছে নিৰ্বাচন আয়োগেও। হাজাৰ বিতৰ্কৰ অন্তত চলিত মাহৰ পৰাই নিৰ্বাচন আয়োগে বিহাৰৰ ভোটাৰ তালিকাৰ বিশেষ আৰু বিতং অধ্যয়নত নামি পৰিছে। আয়োগৰ হাতত অন্তিম তাৰিখ ২৫ জুলাই আৰু ইয়াৰ পিছতে ১ আগষ্টত এখন খচৰা তালিকা প্ৰকাশ কৰা হ’ব। কিন্তু বিহাৰৰ ৭৩ লাখ ভোটাৰে হয়তো সেই তালিকাত স্থান নাপাব।
পিছে কি হ’ব এই ভোটাৰসকলৰ? আয়োগে তেওঁলোকৰ নাম বাদ দিলে নেকি? সেয়া সময়ে ক’ব। কিন্তু এই ৭৩ লাখ ভোটাৰৰ নাম নিজাববীয়াকৈ বাদ দিবলৈ আয়োগ হতাশ হোৱা নাই। ইতিমধ্যে আয়োগে বিহাৰৰ মূল ১২টা ৰাজনৈতিক দললৈ ২৯ লাখ ভোটাৰৰ তালিকা প্ৰেৰণ কৰিছে। আয়োগে কয় যে এই ২৯ লাখ ভোটাৰে তেওঁলোকৰ Enumeration Form দাখিল কৰা নাই, যাৰ ভিত্তিত তেওঁলোকৰ পৰিচয় পৰীক্ষণৰ জৰিয়তে খচৰা তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব।