MI vs GT Live Score, IPL 2025: অন্ত পৰিল মুম্বাইৰ অপ্ৰতিৰোধ্য গতিঃ শ্বাসৰুদ্ধকাৰী জয়েৰে উত্থান গুজৰাটৰ
Mumbai Indians vs Gujarat Titans Live Score in Assamese: অন্তিম বলত ৰোমাঞ্চকৰ জয়েৰে মুম্বাই ইণ্ডিয়ানছৰ অপ্ৰতিৰোধ্য গতি স্তব্ধ কৰিছে গুজৰাট টাইটানছে। ডাৰ্কৱৰ্থ লিৱিছ পদ্ধতিৰে মেচখনত গুজৰাট ৩ উইকেটত জয়ী হয় আৰু পইণ্ট তালিকাৰ প্ৰথম স্থানলৈ উন্নীত হয়। আনহাতে আজিৰ পৰাজয়ৰ লগে লগে অন্ত পৰে মুম্বাইৰ ৬ খন মেচত জয়ৰ অপ্ৰতিৰোধ্য গতি।

আজি মুম্বাই বনাম গুজৰাটৰ মেচ
আই পি এলৰ আজিৰ মেচত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু গুজৰাট টাইটানছ। এই দুয়োটা দলেই সম্প্ৰতি প্লে’ অফৰ দৌৰত আছে। মুম্বাইয়ে এইপৰ্যন্ত ১১ খন মেচত ১৪ পইণ্ট লাভ কৰাৰ বিপৰীতে গুজৰাটে ১০ খন মেচতে লাভ কৰিছে ১৪ পইণ্ট। অৱশ্যে উন্নত ৰান ৰেটৰ আধাৰত মুম্বাই সম্প্ৰতি পইট তালিকাত তৃতীয় স্থানত আছে। আনহাতে চতুৰ্থ স্থানত আছে গুজৰাট টাইটানছ। উল্লেখ্য যে মুম্বাই ইণ্ডিয়ানছে প্ৰতিযোগিতাত হতাশাজনক আৰম্ভণিৰ পিছতো দুৰন্ত প্ৰত্যাৱৰ্তনেৰে প্লে’ অফৰ প্ৰবল দাবীদাৰ হিচাপে ধৰা দিছে। দলটোৱে অন্তিম ছয়খন মেচতে অপ্ৰতিৰোধ গতিৰে জয়ৰ মুখ দেখিছে।
আনহাতে গুজৰাটেও শক্তিশালী প্ৰদৰ্শন দাঙি ধৰি ছিজনত অন্যতম ধাৰাবাহিকতা দেখুওৱা দল হিচাপে পৰিগণিত হৈছে। বেটিং-বলিং উভয় দিশতে দলটোৱে প্ৰতিপক্ষৰ সমুখত আগ্ৰাসী মনোভাৱ দাঙি ধৰিছে। গুজৰাটেও অন্তিম মেচত জয়েৰে আজিৰ মেচত নামিব। এই ধাৰা আগলৈ নি গুজৰাটে মুম্বাইৰ ছয়খন মেচৰ অপৰাজেয় ধাৰা ভংগ কৰিব পাৰিবনে, সেয়া লক্ষণীয় হ’ব।
LIVE NEWS & UPDATES
-
গুজৰাটৰ ৰোমাঞ্চকৰ জয়
ৱাংখেড়েত আজি এক অনন্য উন্মাদনাৰ সাক্ষী হ’ল ক্ৰিকেটপ্ৰেমী। আক্ৰমণ-প্ৰত্যাক্ৰমেৰে ভৰপূৰ মেচখনত ৩ উইকেটত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিছে গুজৰাট টাইটানছে। অন্তিম বলত গুজৰাটক ১ ৰানৰ প্ৰয়োজন হৈছিল। এই ৰান সংগ্ৰহৰ চেষ্টা কৰা অৱস্থাতে গুজৰাটৰ ইনিংছত আঘাত হনাৰ এক সুন্দৰ সুযোগ লাভ কৰিছিল মুম্বাইৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই। কিন্তু ৰান আউটৰ এক সুৱৰ্ণ সুযোগ গ্ৰহণ কৰা পাণ্ডিয়া ব্যৰ্থ হয় আৰু গুজৰাটে দেখে জয়ৰ মুখ। ইয়াৰ লগে লগে মুম্বাইৰ ৬ খন মেচত জয়ৰ অপ্ৰতিৰোধ্য গতি অন্ত পৰে। ইয়াৰ বিপৰীতে আজিৰ জয়েৰে পুনৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানলৈ উন্নীত হৈছে গুজৰাট।
-
শ্বাসৰুদ্ধকাৰী স্থিতি
ৱাংখেড়েত দেখা গৈছে শ্বাসৰুদ্ধকাৰী পৰিস্থিতিৰ। জয়ৰ বাবে অন্তিম দুই বলত এক ৰানৰ প্ৰয়োজন হোৱাৰ সময়তে বিদায় লৈছে ক’টজেই। অন্তিম বলত দলটোক এতিয়া প্ৰয়োজন ১ ৰানৰ। অন্যথা চুপাৰ অভাৰলৈ গতি কৰিব মেচ।
-
-
১৫ ৰানৰ লক্ষ্য
বৰষুণৰ বাধাৰ বাবে মেচৰ ১ অভাৰ হ্ৰাস কৰা হৈছে। এতিয়া ডাৰ্কৱৰ্থ লিৱিছ অনুসৰি গুজৰাটক এক অভাৰত ১৫ ৰানৰ প্ৰয়োজন। মুম্বাইৰ হৈ এই অভাৰটোত বলিং কৰা দেখা যাব দীপক চাহাৰক।
-
পুনৰ বৰষুণ
পুনৰ এবাৰ বৰষুণে বাধা দিছে মেচত। গুজৰাটক অন্তিম দুই অভাৰত ২৪ ৰানৰ প্ৰয়োজন হোৱাৰ সময়তে বৰষুণ অহাৰ বাবে খেলপথাৰ পুনৰ ঢাকি দিয়া হৈছে। ইফালে বৰষুণৰ বাবে যদি পুনৰ মেচ আৰম্ভ কৰিব পৰা নহয়, তেতিয়া জয়ৰ সোৱাদ লাভ কৰিব মুম্বাই ইণ্ডিয়াঞ্চে। ডাৰ্কৱৰ্থ লিৱিছ অনুসৰি মুম্বাইতকৈ এতিয়া ৫ ৰানত পিছ পৰি আছে গুজৰাটৰ ইনিংছ।
-
ৰছিদক বিদায় দিলে অশ্বনীয়ে
প্ৰায় নিশ্চিত জয়ৰ পথৰ পৰা এতিয়া ক্ৰমাৎ পৰাজয়ৰ শংকাত ভুগিবলগা হৈছে গুজৰাটে। বুমৰাহ, ব’ল্টৰ পিছত এইবাৰ যুৱ পেচাৰ অশ্বনী কুমাৰে এক নিখুঁত য়ৰ্কাৰেৰে ৰছিদ খানক বিদায় দিছে।
-
বুমৰাহৰ আন এক উইকেট
বৰষুণৰ পিছত ক্ৰমাগত তৃতীয় অভাৰত তৃতীয়টো উইকেট পতন ঘটিছে গুজৰাটৰ। ইয়াৰে দুটা উইকেট দখল কৰিছে বুমৰাহে। গিলৰ পিছত এইবাৰ শ্বাহৰুখ খানকো পেভিলিয়নলৈ উভতাই পঠাইছে বুমৰাহে।
-
ৰাডাৰফৰ্ডৰো বিদায়
বৰষুণৰ পিছতে সলনি হৈ পৰিছে মেচৰ স্থিতি। প্ৰথমে বুমৰাহে গিলক বিদায় দিয়াৰ পিছত এইবাৰ ব’ল্টে দখল কৰিছে ৰাডাৰফৰ্ডৰ উইকেট। আক্ৰমণাত্মক বেটিঙেৰে গুজৰাটৰ ইনিংছত গতি দিয়া ৰাডাৰফৰ্ডে ১৫টা বলত দুটাকৈ চাৰি আৰু ছয়েৰে ২৮ ৰান সংগ্ৰহ কৰে।
-
বুমৰাহে বিদায় দিলে গিলক
মেচ পুনৰ আৰম্ভ হোৱাৰ পিছত প্ৰথম অভাৰতে সফলতা লাভ কৰিছে বুমৰাহে। মুম্বাইক এতিয়াও জয়ৰ আশা দেখুৱাই বুমৰাহে দখল কৰিছে শুভমন গিলৰ গুৰুত্বপূৰ্ণ উইকেট। গিলৰ বেটৰ পৰা আহে ৪৩ ৰান।
-
বৰষুণ আঁতৰিল, পুনৰ আৰম্ভ মেচ
বৰষুণৰ বাধাৰ বাবে কিছুসময়লৈ খেল স্থগিত ৰাখিবলগা হোৱাৰ পিছত পুনৰ আৰম্ভ হৈছে মেচ। গুজৰাটক এতিয়া অন্তিম ৬ অভাৰত জয়ৰ বাবে ৪৯ ৰানৰ প্ৰয়োজন।
-
বাটলাৰৰ বিদায়
একেটা অভাৰতে দেখা গৈছে দুই পৃথক দৃশ্য। অভাৰৰ দ্বিতীয় বলত গিলে প্ৰাণৰক্ষা পালেও তৃতীয় বলত বিদায় লৈছে বাটলাৰে। অশ্বনীৰ বলত বাটলাৰে উইকেটকীপাৰ ৰিকেল্টনৰ হাতত কেচ তুলি দি বিদায় লয়।
-
জীৱনদান পালে গিলে
জীৱনদান পাইছে গুজৰাটৰ অধিনায়ক শুভমন গিলে। তিলক বাৰ্মাই এক সহজ কেচ মিচ কৰাৰ বাবে ৰক্ষা পৰে গুজৰাটৰ অধিনায়কগৰাকী।
-
পাণ্ডিয়াৰ খৰচী অভাৰ
অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ এক খৰচী অভাৰে গুজৰাটক দিছে এক সবল স্থিতি। ইনিংছৰ অষ্টম অভাৰত পাণ্ডিয়াই ব্যয় কৰে ১৮ ৰান। এইদৰে গুজৰাটে ৮ অভাৰৰ সমাপ্তিত সংগ্ৰহ কৰিছে ৫৮ ৰান।
-
ছাইৰ বিদায়
ইনিংছৰ দ্বিতীয় অভাৰতে গুজৰাটৰ শিবিৰত লাগিছে প্ৰথমটো উইকেট। ট্ৰেণ্ট ব’ল্টে নিজ স্পেলৰ দ্বিতীয় বলতে ছাই সুদৰ্শনক পেভিলিয়নৰ পথ দেখুৱাইছে। ফৰ্মত থকা ছায়ে আজি ৫ ৰান সংগ্ৰহ কৰিয়েই বিদায় লয়।
-
মুম্বাইৰ সংগ্ৰহ ১৫৫ ৰান
অন্তিম অভাৰত অহা ১৮ ৰানৰ সহায়ত মুম্বাইয়ে থিয় কৰাইছে ১৫৫ ৰানৰ স্ক’ৰ। এতিয়া জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ মুম্বাইৰ বলিং আক্ৰমণে এই স্ক’ৰ ৰক্ষা কৰিব পাৰিবনে সেয়া লক্ষণীয় হ’ব।
-
গুৰুত্বপূৰ্ণ ইনিংছ খেলি বছৰ বিদায়
মুম্বাইৰ ইনিংছক এক সন্মানজনক স্থিতিলৈ নি বিদায় লৈছে কৰবিন বছে। ২২টা বলত ২৭ ৰানৰ অৱদান আগবঢ়াই বছ ৰান আউট হয়।
-
প্ৰসিধে বিদায় দিলে নমনক
পাৰ্পল কেপ বিজয়ী প্ৰসিধ কৃষ্ণৰ হাতলৈ আহিছে মেচত নিজ স্পেলৰ প্ৰথমটো উইকেট। প্ৰসিধৰ চিকাৰ হৈছে নমন ধীৰ। ইয়াৰ লগে লগে মুম্বাইয়ে হেৰুৱাইছে সপ্তমটো উইকেট।
-
তিলকো আউট
এইবাৰ পেভিলিয়নলৈ উভতিছে তিলক বাৰ্মায়ো। মাত্ৰ ৭ ৰান সংগ্ৰহ কৰিয়েই তিলকে বিদায় লয়। জেৰাল্ট ক’টজেৰ বলত তিলকে শুভমন গিলৰ হাতত কেচ তুলি দিয়ে।
-
পাণ্ডিয়াও উভতিল
দলীয় বিপৰ্যয়ৰ মাজত অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ পৰা আশা কৰা হৈছিল এক অধিনায়কোচিত ইনিংছ। পিছে মাত্ৰ ১ ৰান সংগ্ৰহ কৰিয়েই পাণ্ডিয়াই বিদায় লৈছে। ছাই কিশোৰৰ বলত পাণ্ডিয়াই শ্লীপত থকা গিলৰ হাতত কেচ তুলি দিয়ে।
-
ৰছিদে বিদায় দিলে জেকছক
মুম্বাইৰ ইনিংছত পুনৰ সৃষ্টি হৈছে সংকটৰ। সূৰ্যৰ পিছতে এইবাৰ জেকছেও বিদায় লৈছে ক্ৰীজৰ পৰা। ৩৫টা বলত ৫টা চাৰি আৰু ৩টা ছয়েৰে ৫৩ ৰান সংগ্ৰহ কৰি ৰছিদ খানৰ বলত আউট হয় জেকছ।
-
সূৰ্যই ল’লে বিদায়
দুবাৰকৈ জীৱনদান পোৱাৰ পিছত অৱশেষত এইবাৰ আউট হৈছে সূৰ্যকুমাৰ যাদৱ। ২৪টা বলত ৩৫ ৰাব সংগ্ৰহ কৰি সূৰ্যই ছাই কিশোৰৰ বলত শ্বাহৰুখৰ হাতত কেচ তুলি দি বিদায় লয়। ইফালে সূৰ্যৰ বিদায়ৰ পূৰ্বে অৰ্ধশতক সম্পূৰ্ণ কৰিছে উইল জেকছে।
-
পাৱাৰ প্লে’ৰ সংগ্ৰহ
মুম্বাইৰ ইনিংছৰ প্ৰথম ছয় অভাৰ অৰ্থাৎ বেটিং পাৱাৰ প্লে’ৰ অন্ত পৰিছে। এই ছয় অভাৰত মুম্বাইয়ে ২ উইকেট হেৰুৱাই ৫৬ ৰান সংগ্ৰহ কৰিছে। পাৱাৰ প্লে’ৰ অন্ত পৰাৰ আগে আগে অৱশ্যে মুম্বাইৰ আন এগৰাকী সদস্য উইল জেকছে জীৱনদান পায়।
-
ৰোহিতো পেভিলিয়নলৈ
মুম্বাইৰ শিবিৰত লাগিছে বৃহৎ আঘাত। মাত্ৰ ৭ ৰান সংগ্ৰহ কৰিয়েই পেভিলিয়নলৈ উভতিছে ৰোহিত শৰ্মা। আৰ্শ্বাদ খানৰ বলত প্ৰসিধ কৃষ্ণৰ হাতত কেচ তুলি দি ৰোহিত আউট হয়।
-
বিদায় ল’লে ৰিকেল্টনে
মেচৰ দ্বিতীয় বলতে মুম্বাইৰ শিবিৰত লাগিছে গুৰুতৰ আঘাত। মহম্মদ চিৰাজে দ্বিতীয় বলটোতে পেভিলিয়নলৈ উভতাই পঠিয়াইছে ৰিয়ান ৰিকেল্টনক।
-
গুজৰাট টাইটানছৰ মূল একাদশ
গুজৰাট টাইটানছৰ মূল একাদশত আজি দেখা যাব ছাই সুদৰ্শন, শুভমন গিল (অধিনায়ক), জ’ছ বাটলাৰ, ৰাহুল তেৱাটিয়া, শ্বাহৰুখ খান, ৰছিদ খান, ৰবিশ্ৰীনিবাসন ছাই কিশোৰ, আৰ্শ্বাদ খান, গেৰাল্ড ক’টজে, মহম্মদ চিৰাজ, প্ৰসিধ কৃষ্ণক। আনহাতে দলটোৰ ইম্পেক্ট চাবৰ তালিকাত আছে ৱাশ্বিংটন সুন্দৰ, মহিপাল লোমৰোৰ, অনুজ ৰাৱাট, দচুন শনাকা, শ্বেৰফানে ৰাডাৰফৰ্ডৰ নাম।
-
মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশ
আজিৰ মেচত মুম্বাই ইণ্ডিয়ানছৰ মূল একাদশ হ’ব এনেধৰণৰ- ৰিয়ান ৰিকেল্টন, ৰোহিত শৰ্মা, উইল জেকছ, সূৰ্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, কৰ্বিন বছ, দীপক চাহাৰ, ট্ৰেণ্ট ব’ল্ট, যশপ্ৰীত বুমৰাহ। আনহাতে ইম্পেক্ট চাবৰ তালিকাত আছে কৰ্ণ শৰ্মা, ৰাজ বাৱা, ৰবিন মিঞ্জ, ৰিচ টপলী, অশ্বনী কুমাৰৰ নাম।
-
গিলে ল’লে বলিঙৰ সিদ্ধান্ত
প্লে’ অফৰ পথত আগবঢ়াৰ ক্ষেত্ৰত আজিৰ মেচখন দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই গুৰুত্বপূৰ্ণ মেচত টছত জয়ী হৈ গুজৰাট টাইটানছৰ অধিনায়ক শুভমন গিলে প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।