আজিৰ পৰা পুনৰ আই পি এলৰ উন্মাদনাঃ প্লে’ অফৰ দৌৰত কোন দলৰ কিমান আশা!
আই পি এল ২০২৫ৰ পৰা এইমুহূৰ্তলৈ তিনিটা দলে প্ৰতিযোগিতাৰ পৰা বিদায় মাগিছে। চেন্নাই চুপাৰ কিংছ, ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে শোচনীয় প্ৰদৰ্শনেৰে অন্ত পেলাইছে এই ছিজনৰ যাত্ৰা। আনহাতে আন ৭টা দল এতিয়াও প্লে’ অফৰ দৌৰত আছে।

আই পি এল ২০২৫ত কোন দলৰ কিমান আশা!
এসপ্তাহৰ বাবে স্থগিত ৰখাৰ পিছত অৱশেষত আজিৰ পৰা পুনৰ আৰম্ভ হ’ব আই পি এল ২০২৫। প্ৰতিযোগিতাখনৰ ইতিমধ্যে ৫৭খন মেচ অনুষ্ঠিত হৈছে। এইমুহূৰ্তলৈ তিনিটা দলে প্ৰতিযোগিতাৰ পৰা বিদায় মাগিছে। চেন্নাই চুপাৰ কিংছ, ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে শোচনীয় প্ৰদৰ্শনেৰে অন্ত পেলাইছে এই ছিজনৰ যাত্ৰা। আনহাতে আন ৭টা দল এতিয়াও প্লে’ অফৰ দৌৰত আছে। অৱশ্যে এইক্ষেত্ৰত অধিক সুগম স্থিতিত আছে গুজৰাট টাইটানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু।
এই ছিজনত পইণ্ট তালিকাৰ শীৰ্ষত থকা গুজৰাট টাইটানছক প্লে’ অফত প্ৰৱেশ কৰিবলৈ মাত্ৰ এখন মেচত জয়ৰ প্ৰয়োজন। দলটোৰ হাতত এতিয়াও তিনিখন মেচ বাকী আছে। ইয়াৰ ভিতৰত যদি গুজৰাট এখন মেচতো জয়ী হয়, তেতিয়া দলটোৰ ১৮ পইণ্ট হ’ব আৰু সহজেই প্লে’ অফত প্ৰৱেশ কৰিব। পইণ্ট তালিকাৰ দ্বিতীয় স্থানত থকা ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে আজি নিজৰ ঘৰুৱা খেলপথাৰত কলকাতাৰ বিৰুদ্ধে খেলিব।
আৰচিবিকো প্লে’ অফত প্ৰৱেশ কৰিবলৈ মাত্ৰ এখন মেচত জয়ৰ প্ৰয়োজন আৰু হাতত আছে তিনিখন মেচ। আজি বৰষুণৰ বাবে মেচ বাতিল হ’লেও দলটোৰ প্লে’ অফৰ পথ মুকলি হোৱাৰ আশা কৰিব পাৰি। অৱশ্যে ৰান ৰেটৰ হিচাপ সময়ত আহিব পাৰে। ইফালে সম্প্ৰতি তৃতীয় স্থানত থকা পঞ্জাৱ কিংছক পোনে পোনে প্লে’ অফলৈ যাবলৈ দুখন মেচত জয়ৰ প্ৰয়োজন। এখন মেচত জয়ী হ’লে দলটোৰ ৰান ৰেটৰ ওপৰত নিৰ্ভৰশীল হ’বলগা হ’ব পাৰে।
বৰ্তমান ১২খন খেলৰ পৰা ১৪ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ানছ। এতিয়া প্লে’ অফত পোনে পোনে প্ৰৱেশ কৰিবলৈ দলটো দুয়োখন মেচতে জয়ী হ’ব লাগিব। এখন মেচত জয়ী হ’লেও অৱশ্যে দলটোৰ প্লে’ অফৰ আশা থাকি। এইক্ষেত্ৰত অৱশ্যে মুম্বাই আন দলৰ ওপৰত নিৰ্ভৰশীল হ’ব। অৱশ্যে এইপৰ্যন্ত মুম্বাইৰ ৰান ৰেট এই ছিজনত আটাইকেইটা দলৰ ভিতৰত সৰ্বোত্তম।
ইফালে শীৰ্ষৰ এই চাৰি দলৰ বিপৰীতে এতিয়াও আশা সজীৱ কৰি ৰখা দিল্লী কেপিটেলছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বাবে বাকী থকা মেচকেইখন ‘ডু অৰ ডাই’ সদৃশ। বৰ্তমান দিল্লী ১১খন খেলৰ পৰা ১৩ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। প্লে’ অফত পোনে পোনে প্ৰৱেশ কৰিবলৈ দিল্লীয়ে তিনিওখন মেচতে জয়লাভ কৰিব লাগিব। অৱশ্যে দুখন মেচত জয়লাভ কৰিলেও ৰান ৰেটৰ আধাৰত দিল্লীৰ সম্ভাৱনা থাকিব।
ইয়াৰ বিপৰীতে কলকাতা আৰু লক্ষ্ণৌৰ সম্ভাৱনা যথেষ্ট ক্ষীণ বুলিব পাৰি। কলকাতাই এইপৰ্যন্ত ১২খন ১১ পইণ্ট লাভ কৰি ষষ্ঠ স্থানত আছে। প্লে’ অফৰ আশা জীয়াই ৰাখিবলৈ দলটোৱে দুয়োখন মেচতে বৃহৎ ব্যৱধানত জয়লাভ কৰিব লাগিব। কিন্তু বৰষুণৰ বাবে আজিৰ মেচ যদি বাতিল কৰিবলগা হয়, তেতিয়া ডিফেণ্ডিং চেম্পিয়ন দলটোৰ বিদায় নিশ্চিত হ’ব। একে পৰিস্থিতি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰো।
একেৰাহে তিনিখন মেচত পৰাস্ত হোৱাৰ ফলত লক্ষ্ণৌৱে এতিয়া ছন্দ উদ্ধাৰৰ প্ৰচেষ্টাত আছে। এইপৰ্যন্ত ১১ খন মেচত ১০ পইণ্ট লাভ কৰা লক্ষ্ণৌৱে বাকী থকা তিনিওখন মেচত জয়লাভ কৰিলে ১৬ পইণ্ট সংগ্ৰহ কৰিব আৰু এইদৰে প্লে’ অফৰ বাবে কিছু আশা জীয়াই ৰাখিব। কিন্তু এইক্ষেত্ৰত কলকাতা আৰু লক্ষ্ণৌৱে আনকেইটা দলৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হ’ব লাগিব।