IPL 2025: বিপদত RCB ! ফাইনেল মেচৰ পৰা বাহিৰ হ’ব নেকি এইগৰাকী তাৰকা খেলুৱৈ? অধিনায়কে দিলে ডাঙৰ আপডেট…

IPL 2025 Final: আজি সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ'ব আই পি এল ২০২৫ ৰ ফাইনেল মেচ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত চেলেঞ্জাৰছ বেংগালুৰু আৰু পঞ্জাৱ কিংছৰ মাজত এই খেল অনুষ্ঠিত হ'ব।

IPL 2025: বিপদত RCB ! ফাইনেল মেচৰ পৰা বাহিৰ হব নেকি এইগৰাকী তাৰকা খেলুৱৈ? অধিনায়কে দিলে ডাঙৰ আপডেট...

আৰ চি বি

Published: 

03 Jun 2025 09:24 AM

আজি (৩ জুন) অনুষ্ঠিত হ’ব আই পি এল ২০২৫ ৰ ফাইনেল মেচ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (RCB) আৰু পঞ্জাব কিংছ (PBKS) ৰ মাজত অনুষ্ঠিত হ’ব এই ছিজনৰ শেষৰখন মেচ। কিন্তু ফাইনেলৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ চিন্তা বৃদ্ধি পাইছে। কিয়নো দলটোৰ এজন তাৰকা খেলুৱৈয়ে বিগত কিছুদিন ধৰি মেচ খেলিব পৰা নাই। এই খেলুৱৈজন এতিয়া ফাইনেল খেলিব পাৰিব নে নাই তাকলৈও এক ডাঙৰ প্ৰশ্ন।

দুৰ্দান্ত বেটিঙৰ বাবে পৰিচিত অষ্ট্ৰেলিয়াৰ পাৱাৰ হিটাৰ টিম ডেভিদে হামষ্ট্ৰিঙৰ আঘাতৰ বাবে যোৱা দুখন মেচ খেলিব পৰা নাই। অৱশ্যে তেওঁৰ অনুপস্থিতিতো দলটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই কোৱালিফায়াৰ ১ত পঞ্জাব কিংছক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। কিন্তু ফাইনেলত ডেভিদৰ অনুপস্থিতিয়ে দলটোক প্ৰভাৱিত কৰিব পাৰে আৰু ই আৰ চি বিৰ বাবে এক প্ৰত্যাহ্বান হ’ব পাৰে। তেওঁ এই মেচখনৰ অংশ হ’ব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

মেচৰ পূৰ্বে সংবাদমেল সম্বোধন কৰি আৰ চি বিৰ অধিনায়ক ৰজত পাটিদাৰে টিম ডেভিদ সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰে। তেওঁ কয় যে, “এতিয়ালৈকে আমি টিম ডেভিদৰ অৱস্থাৰ বিষয়ে স্পষ্ট তথ্য লাভ কৰা নাই। চিকিৎসক তেওঁৰ লগত আছে আৰু আজি সন্ধিয়াৰ ভিতৰত তেওঁৰ ফিটনেচ সন্দৰ্ভত চূড়ান্ত খবৰ লাভ কৰা যাব”।

উল্লেখ কৰা প্ৰয়োজন, এই ছিজনত টিম ডেভিদে অত্যন্ত ভাল প্ৰদৰ্শন কৰিছে। আৰ চি বিৰ ফাইনেলত প্ৰৱেশ কৰাত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ। গতিকে যদি তেওঁ এই মেচৰ পৰা আঁতৰি থাকে তেন্তে আৰচিবিৰ বাবে ই এক ডাঙৰ বিপৰ্যয় হ’ব।

এই ছিজনত ডেভিদে ১২খন মেচত ১৮৭ ৰান সংগ্ৰহ কৰিছে। ইয়াৰোপৰি তেওঁৰ ষ্ট্ৰাইক ৰেট হৈছে ১৮৫.১৪। এই সময়চোৱাত তেওঁক অৰ্ধশতকো অৰ্জন কৰিছে। আৰ চি বিৰ সৈতে ডেভিদৰ এয়াই প্ৰথম ছিজন। মেগা নিলামত তেওঁক আৰ চি বিয়ে ৩ কোটি টকাত নিজৰ দলত অন্তৰ্ভুক্ত কৰিছিল।

 

অন্য খবৰ পঢ়কঃ IPL 2025 ৰ পৰা বাহিৰ হোৱাৰ পাছতো কিমান কোটি টকা লাভ কৰিব মুম্বাই ইণ্ডিয়ানছে? জানক…

ভুলতো নিশা এইসকল লোকে দাইল খাব নালাগে, জানক সকলো...
শালমনৰ দাগৰ বাবে ভুগিছে নেকি হতাশাত, এনে ঘৰুৱা উপায়েৰে এসপ্তাহত হ’ব হতাশা মুক্ত…
শৰীৰত ভিটামন B12 ৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
পুৱা শুই উঠাৰ পাছত চকুৰ পৰা পানী ওলাই নেকি? ই কি ৰোগৰ লক্ষণ জানক...