TV9 ASSAM
শৰীৰত ভিটামিন B-12 ৰ অভাৱ হোৱাৰ ফলত বিভিন্ন সমস্যাই দেখা দিলে। এই ভিটামিনৰ অভাৱ হোৱাৰ ফলত ব্যক্তিয়ে সকলো সময়তে ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰে।
ভিটামিন B-12ৰ অভাৱ হোৱাৰ লক্ষণ হাত-ভৰিতো দেখা দিয়ে। ইয়াৰ ফলত হাত-ভৰিত অজ্ঞানতা বা টিং টিং অনুভৱ হ'ব পাৰে।
B-12 ৰ অভাৱ হোৱাৰ ফলত মগজুতো প্ৰভাৱ পৰে। ইয়াৰ ফলত মগজুই ভালদৰে কাম নকৰে আৰু স্মৃতিশক্তি দুৰ্বল হয়। গতিকে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।
ভিটামিন B-12 ৰ অভাৱ হোৱাৰ ফলত জিভাত জ্বলা-পোৰা, বিষ বা কেতিয়াবা সামান্য ফুলিব পাৰে। আন উপাদানৰ দৰে আমাৰ শৰীৰৰ বাবে ভিটামিন B-12 প্ৰয়োজনীয়।
ভিটামিন B-12 ৰ অভাৱৰ ফলত মানুহৰ সঘনাই মুড পৰিবৰ্তন হয়। ইয়াৰ ফলত ব্যক্তি কেতিয়াবা খিংখিঙিয়া স্বভাৱৰ হয়। প্ৰতিটো ক্ষেত্ৰত খং উঠিব পাৰে।
ভিটামিন B12 ৰ অভাৱৰ লক্ষণ ছালতো পৰে। ইয়াৰ ফলত ছাল হালধীয়া হোৱা দেখা যায়। কিয়নো এই ভিটামিনৰ অভাৱৰ ফলত শৰীৰত তেজ কম হয়।
এই ভিটামিনৰ অভাৱৰ প্ৰভাৱ উশাহ-নিশাহতো পৰে। ইয়াৰ ফলত ব্যক্তিয়ে উশাহ-নিশাহ লোৱাত অসুবিধা পাই আৰু হৃদস্পন্দত তীব্ৰ হয়। এনে লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
পঢ়িবলৈ ক্লিক কৰক