পুৱা শুই উঠাৰ পাছত চকুৰ পৰা পানী কিয় ওলায়?

6June 2025

TV9 ASSAM

পুৱা শুই উঠাৰ লগে লগে চকুৰ পৰা পানী ওলোৱা সাধাৰণ কথা। কিন্তু এয়া যদি বাৰে বাৰে হয় আৰু জ্বলা-পোৰা, খজুৱতি হয় তেন্তে ই বেমাৰৰ লক্ষণ হ'ব পাৰে।

চকুৰ পৰা পানী

ডাঃ দীপক সুমনে কয় যে, এয়া এক সাধাৰণ এলাৰ্জী সম্পৰ্কীয় ৰোগ। এই ৰোগত চকুত খজুৱতি, পানী ওলোৱা, ফুলি উঠা, ৰঙা পৰা আদি সমস্যা হয়।  ধূলি, ধোঁৱা, জন্তু আদিৰ পৰা এই ৰোগ হয়।

এলাৰ্জিক কঞ্জাক্টিভাইটিছ

ই এক ভাইৰেল সংক্ৰমণ। ইয়াৰ ফলত চকু প্ৰভাৱিত হয় আৰু অতি সোনকালে ই সংক্ৰমিত কৰে। ইয়াৰ ফলত চকু ৰঙা পৰা, বাৰে বাৰে পানী ওলোৱা, দৃষ্টিশক্তিত সমস্যা আদি হয়।

ভাইৰেল কঞ্জাক্টিভাইটিছ

যেতিয়া চকু বহুত শুকাই যায় তেতিয়া শৰীৰে ইয়াক সন্তুলন কৰিবলৈ চকুপানী গঠন কৰে। যাৰ ফলত চকুৰ পৰা বাৰে বাৰে পানী ওলাব পাৰে।

ড্ৰাই আই চিণ্ড্ৰোম

ই চকুৰ পতাত হোৱা এবিধ ৰোগ। ইয়াৰ ফলত চকুৰ পৰা পানী ওলাব পাৰে। লগতে জ্বলা-পোৰা, পানী পানী আৰু খজুৱতি হ'ব পাৰে। এনেবোৰ সমস্যাৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।

ব্লেফেৰাইটিছ

যদি চকুৰ নলী বন্ধ হৈ যায় তেতিয়া চকুৰ পৰা পানী ওলাই থাকে। এই ৰোগ সাধাৰণতে শিশু আৰু বৃদ্ধসকলৰ মাজত বেছিকৈ হোৱা দেখা যায়।

ডক্ট ব্লকেজ

কেতিয়াবা ছাইনাছ ইনফেকশ্যন, মাইগ্ৰেইন আদিৰ ফলতো চকুৰ পৰা পানী ওলায়। বিশেষকৈ পুৱা এনে হয়। একেৰাহে কেইবাদিনো চকুৰ পৰা পানী ওলাই থাকিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

ছাইনাছ আৰু মাইগ্ৰেইন

পঢ়িবলৈ ক্লিক কৰক 

ভিটামিন E অভাৱৰ লক্ষণ