শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ৰ সূচী প্ৰকাশঃ কোন দলৰ বিপক্ষে আৰু কিমানখনকৈ টেষ্ট খেলিব ভাৰতে!

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰিছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ৰ সূচী। আগন্তুক এই নতুন সংস্কৰণত ৯টা দলৰ মাজত মুঠ ৭১খন খেল অনুষ্ঠিত হ’ব। ভাৰতে এই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ত কোন দলৰ বিপক্ষে কিমানখনকৈ মেচ খেলিব লাগিব চাওঁ আহক।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ৰ সূচী প্ৰকাশঃ কোন দলৰ বিপক্ষে আৰু কিমানখনকৈ টেষ্ট খেলিব ভাৰতে!
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ৰ সূচীImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Updated On: 15 Jun 2025 16:38 PM

শনিবাৰে অন্ত পৰিল বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫। অষ্ট্ৰেলিয়াক পৰাস্ত কৰি লৰ্ডছৰ বুকুত কালি ঐতিহাসিক বিজয় সাব্যস্ত কৰে দক্ষিণ আফ্ৰিকাই আৰু এইদৰে দখল কৰে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৩-২৫ৰ খিতাপ। টেষ্ট চেম্পিয়নশ্বিপৰ এই সংস্কৰণ অন্ত পৰাৰ পিছতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে ঘোষণা কৰিছে নতুন সংস্কৰণৰ সূচী। আগন্তুক এই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ত ৯টা দলৰ মাজত মুঠ ৭১খন খেল অনুষ্ঠিত হ’ব। এই নতুন সংস্কৰণ ১৭ জুনৰ পৰা আৰম্ভ হ’ব।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ প্ৰথমখন মেচ শ্ৰীলংকাৰ গালেত অনুষ্ঠিত হ’ব শ্ৰীলংকা আৰু বাংলাদেশৰ মাজত। সূচী অনুসৰি এইবাৰ অষ্ট্ৰেলিয়াই সৰ্বাধিক ২২খন খেল খেলিব, আনহাতে ইংলেণ্ডে ২১খন খেল খেলিব লাগিব। চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া এছেছ ছিৰিজৰ সময়ত দুয়োটা দলে মুখামুখি হ’ব। আনহাতে ভাৰতীয় দলে ২০ জুনৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচৰ জৰিয়তে নতুন সংস্কৰণত অভিযান আৰম্ভ কৰিব।

নতুন সংস্কৰণত ভাৰতীয় দলে ১৮খন টেষ্ট মেচ খেলিব। নতুন অধিনায়ক শুভমন গিলৰ নেতৃত্বত ভাৰতে এই সংস্কৰণত প্ৰতিদ্বন্দীতাত নামিব। প্ৰতিযোগিতাত দুবাৰৰ ৰাণাৰ্ছ আপ ভাৰতক প্ৰথমটো খিতাপ জয়ৰ সোৱাদ দিয়াৰ ক্ষেত্ৰত গিল সন্মুখী হ’ব কঠিন পৰীক্ষাৰ। অহা ২০ জুনৰ পৰা ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে ৫খন মেচৰ টেষ্ট শৃংখলাত অৱতীৰ্ণ হ’ব। ইয়াৰ পিছত ঘৰৰ মাটিত ৱেষ্ট ইণ্ডিজ, দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলিব টিম ইণ্ডিয়াই।

ইয়াৰ উপৰিও শ্ৰীলংকা আৰু নিউজিলেণ্ড ভ্ৰমণত টেষ্ট শৃংখলা খেলিব ভাৰতীয় দলে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ত ভাৰতীয় দলে ইংলেণ্ডৰ বিপক্ষে ৫ খন, ৱেষ্ট ইণ্ডিজৰ বিপক্ষে ২ খন, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ২খন, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫খন, শ্ৰীলংকাৰ বিৰুদ্ধে ২ খন, নিউজিলেণ্ডৰ বিৰুদ্ধে ২ খন টেষ্ট খেলিব। এইবাৰ ভাৰতীয় দলে অধিকাংশ মেচ নিজৰ ঘৰুৱা পৰিৱেশতে খেলাৰ সুযোগ লাভ কৰিব।

ইফালে ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ আফ্ৰিকাই অক্টোবৰৰ পৰা নতুন সংস্কৰণত অভিযান আৰম্ভ কৰিব। প্ৰটিয়াছ বাহিনীয়ে নিজৰ প্ৰথমটো শৃংখলা খেলিব পাকিস্তানৰ বিপক্ষে আৰু এই শৃংখলাটোৰ বাবে দলটোৱে পাকিস্তান ভ্ৰমণ কৰিব। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২৭ত অষ্ট্ৰেলিয়াই সৰ্বাধিক ২২খন টেষ্ট খেলাৰ বিপৰীতে ইংলেণ্ডে দ্বিতীয় সৰ্বাধিক ২১খন টেষ্ট খেলিব।

ইয়াৰ উপৰিও নিউজিলেণ্ডে ১৬ খন, ৱেষ্ট ইণ্ডিজে ১৪খন, দক্ষিণ আফ্ৰিকাই ১৪ খন, পাকিস্তানে ১৩ খন, শ্ৰীলংকাই ১২ খন আৰু বাংলাদেশে ১২ খন টেষ্ট মেচ খেলিব এই নতুন সংস্কৰণত।