TV9 ASSAM
ভিটামিনে শৰীৰৰ বিভিন্ন কাম কৰে। ই আমাৰ ইমিউনিটি বৃদ্ধি কৰাৰ লগতে ছাল, চুলি, হাড় আৰু পেশীসমূহ শক্তিশালী কৰাত সহায় কৰে। যেতিয়া শৰীৰত ইয়াৰ অভাৱ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে।
ডাঃ সুভাষ গিৰীৰ মতে, শৰীৰত বিশেষকৈ ভিটামিন ডি আৰু ভিটামিন B12 ৰ অভাৱ হয়। এনে অৱস্থাত ভাগৰুৱা অনুভৱ হয়। এনে ভিটামিনৰ অভাৱত কোনো কাম নকৰাকৈ ভাগৰুৱা অনুভৱ কৰে।
ইয়াৰোপৰি ভিটামিন B7 অৰ্থাৎ বায়োটিনৰ আৰু বি১২ ৰ অভাৱৰ ফলত চুলি সৰিবলৈ আৰম্ভ কৰে। ইয়াৰ অভাৱত চুলি দুৰ্বল হৈ পৰে, যাৰ ফলত চুলি ফাটি যোৱা, চুলি সৰা আদি সমস্যাৰ সৃষ্টি হয়।
ভিটামিন এ, চি, ই আদিৰ অভাৱৰ ফলত ছাল প্ৰভাৱিত হ'ব পাৰে। ইয়াৰ ফলত ছাল শুকান, শেতা, ৰঙা পৰা আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইয়াৰোপৰি খজুৱতি, সৰু সৰু গুটি ওলোৱা আদি হ'ব পাৰে।
ভিটামিন ডি আৰু মেচনেছিয়ামৰ অভাৱৰ ফলত পেশী প্ৰভাৱিত হয়। ইয়াৰ ফলত পেশীত টনা টনা অনুভৱ, বিষ আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। পেশী দুৰ্বল হৈ পৰে।
ভিটামিনৰ অভাৱে ইমিউনিটি দুৰ্বল কৰিব পাৰে। যাৰ ফলত বাৰে বাৰে চৰ্দি, কাহ বা আন সংক্ৰমণ হ'ব পাৰে। ই ভিটামিন চি আৰু ডিৰ অভাৱত হ'ব পাৰে। এনে ক্ষেত্ৰত বাৰে বাৰে ৰোগ হ'ব পাৰে।
ভিটামিন চিৰ অভাৱ হোৱাৰ ফলত শৰীৰত সামান্য আঘাত পালেও দুৰ্বল হৈ পৰে। এনে অৱস্থাত সামান্য আঘাত পালেও ঘাঁ হ'লে ঠিক হোৱাত বেছি সময় লাগে। এনে ক্ষেত্ৰত সাৱধান হোৱা ভাল।
পঢ়িবলৈ ক্লিক কৰক