লীডছ টেষ্টত পৰাজিত ভাৰত, ৩৭১ ৰানৰ লক্ষ্যত উপনীত হৈ ইংলেণ্ডে ৰচিলে ইতিহাস
লীডছৰ খেলপথাৰত ইংলেণ্ডৰ সুন্দৰ প্ৰদৰ্শন। এই খেলপথাৰত ৩৭১ ৰানৰ ডাঙৰ লক্ষ্যত উপনীত হৈ সৰ্বাধিক জয় পঞ্জীয়ন কৰিছে বেন ষ্ট’কছৰ দলটোৱে। আনহাতে, প্ৰথম ইনিংছত ৫টা শতক অৰ্জন কৰি অগ্ৰগতি লাভ কৰিও এই মেচত পৰাস্ত হয় শুভমন গীলৰ টীম ইণ্ডিয়া।

লীডছ টেষ্টত পৰাজিত ভাৰত
ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত টীম ইণ্ডিয়াই এনেকৈ পৰাজয়ৰ সন্মুখীন হ’ব বুলি হয়তো কোনেও ভবা নাছিল। প্ৰথম ইনিংছত ৪৭১ ৰান আৰু দ্বিতীয় ইনিংছত ৩৬৪ ৰান সংগ্ৰহ কৰি ইংলেণ্ডক ৩৭১ ৰানৰ ডাঙৰ লক্ষ্য দিছিল যদিও পৰাস্ত হয় এই মেচত পৰাস্ত হয় শুভমন গীলৰ দলটো । আনহাতে লিডছ টেষ্টত ইতিহাসৰ সৃষ্টি কৰিলে ইংলেণ্ডে। লিডছৰ খেলপথাৰত ৰান অতিক্ৰম কৰা ইংলেণ্ডৰ এইটোৱেই আটাইতকৈ ডাঙৰ জয়। ৫ উইকেটত জয়লাভ কৰে ইংলেণ্ডে। ইংলেণ্ডৰ জয়ৰ নায়ক আছিল বেন ডাকেট, যিয়ে প্ৰথম ইনিংছত ৬২ ৰান আৰু দ্বিতীয় ইনিংছত ১৩৭ ৰান সংগ্ৰহ কৰি আচৰিত ইনিংছ খেলিছিল। এই খেলখনত ভাৰতে পাঁচটা শতক অৰ্জন কৰিছিল যদিও সকলো কষ্ট যেন অথলে গ’ল।
লীডছ টেষ্টত কেনেকৈ পৰাস্ত হ’ল ভাৰত?
লীডছ টেষ্টত ভাৰতে ইংলেণ্ডক ৩৭১ ৰানৰ বিশাল লক্ষ্য বান্ধি দিছিল। খেলখনৰ পঞ্চম দিনা ইংলেণ্ডে জয়ৰ পৰা ৩৫০ ৰান দূৰত আছিল আৰু পিছত দলৰ জয়ৰ চিত্ৰনাট্য লিখিছিল ইয়াৰ অ’পেনাৰসকলে। অ’পেন কৰিবলৈ অহা বেন ডাকেট আৰু জেক ক্ৰ’লিয়ে পঞ্চাশ প্লাছ ৰাণৰ এক উজ্জ্বল ইনিংছ খেলিছিল। বেন ডাকেটে শতক অৰ্জন কৰিছিল আৰু ক্ৰ’লিয়ে ৬৫ ৰান সংগ্ৰহ কৰিছিল, দুয়োগৰাকী খেলুৱৈয়ে ১৮৮ ৰানৰ অংশীদাৰিত্ব কৰি টীম ইণ্ডিয়াক চাপত পেলাইছিল। ক্ৰ’লি আউট হোৱাৰ পাছত অলি পোপ আৰু হেৰী ব্ৰুক’ৰ উইকেট একেৰাহে দুটা বলত পৰিল যদিও ইয়াৰ পিছত বেন ষ্ট’কে জ’ ৰুটৰ সৈতে অৰ্ধশতকীয়া অংশীদাৰিত্ব কৰি টrম ইণ্ডিয়াক মেচখনৰ পৰা বাহিৰ কৰি দিয়ে। বেন ডাকেটে ১৪৯ ৰান সংগ্ৰহ কৰি টেষ্ট কেৰিয়াৰৰ ষষ্ঠ শতক অৰ্জন কৰে। তেওঁৰ বাহিৰেও জ’ ৰুটে অৰ্ধশতকৰ ইনিংছ খেলিছিল। বেন ষ্টোকেছেও গুৰুত্বপূৰ্ণ ৩৩ ৰান সংগ্ৰহ কৰে।
লিডছ টেষ্টত টীম ইণ্ডিয়াই উজ্জ্বল বেটিং কৰিছিল যদিও দ্বিতীয় ইনিংছত বলিং আৰু ফিল্ডিং অতি দুৰ্বল আছিল। দ্বিতীয় ইনিংছৰ কথা ক’বলৈ গ’লে দুয়োজন ষ্ট্ৰাইক বলাৰ বুমৰাহ আৰু ছিৰাজে এটাও উইকেট নাপালে। শাৰদুল ঠাকুৰ, প্ৰসিদ্ধ কৃষ্ণই ২-২ উইকেট লাভ কৰিছিল যদিও সেইবোৰ অতি ব্যয়বহুল প্ৰমাণিত হয়। এই মেচত টীম ইণ্ডিয়াই মুঠ ৬টা কেচ ড্ৰপ কৰে। খেলখনত অকল যশস্বী জয়ছৱালে ৪টা কেচ ড্ৰপ কৰে।
ভাৰতৰ বাবে ডাঙৰ এই পৰাজয়
- এই পৰাজয় টীম ইণ্ডিয়াৰ বাবে এক জোকাৰণিতকৈ কম নহয় আৰু ইয়াৰ কাৰণ এই অভিলেখ
- টীম ইণ্ডিয়া প্ৰথমটো দল যাৰ বেটছমেনে পাঁচটাকৈ শতক অৰ্জন কৰিছিল যদিও ইয়াৰ পিছতো টেষ্ট মেচত পৰাস্ত হয়।
- ভাৰতৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত লক্ষ্য খেদি ইংলেণ্ডে দুটাকৈ ডাঙৰ জয় লাভ কৰিছে।
- যোৱা ২৫ বছৰত ভাৰতীয় অধিনায়ক হিচাপে প্ৰথমখন টেষ্টত পৰাস্ত হোৱাৰ তালিকাত গীলৰ নাম লিপিবদ্ধ হৈছে। বিৰাট, কে এল ৰাহুল, বুমৰাহও ইয়াত অন্তৰ্ভুক্ত।