এইবাৰো পূৰ নহ’ব RCBৰ স্বপ্ন! IPL পুনৰ আৰম্ভ হোৱাৰ আগে আগে আঘাত পালে এইগৰাকী তাৰকাই
এইবাৰ আৰচিবিয়ে খিতাপ জয়ৰ স্বপ্ন পূৰণ কৰিব বুলি পৰম আশাৰে বাট চাইছিল অনুৰাগীসকলে। কিন্তু দলটোৰ এগৰাকী তাৰকা খেলুৱৈৰ আঘাতৰ খবৰে আৰচিবি শিবিৰৰ লগতে অনুৰাগীসকলকো চিন্তিত কৰি তুলিছে। আই পি এল পুনৰ আৰম্ভ হ’লে এই খেলুৱৈগৰাকীৰ অংশগ্ৰহণ এতিয়া অনিশ্চয়তাৰ মাজত সোমাই পৰিছে।

RCBৰ শিবিৰত বৃহৎ আঘাত!
ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত যোৱা ৯ মে’ত আই পি এল ২০২৫ এসপ্তাহৰ বাবে স্থগিত ৰাখিছিল বিচিচিআইয়ে। অৱশ্যে শনিবাৰে সন্ধিয়া দুয়ো দেশে যুদ্ধবিৰতিৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হোৱাৰ বিচিচিআইয়ে পুনৰ প্ৰতিযোগিতা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। কিন্তু যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে বহুকেইজন বিদেশী খেলুৱৈ ইতিমধ্যে ভাৰত এৰি নিজ দেশলৈ উভতিছে আৰু তেনে পৰিস্থিতিত এই খেলুৱৈসকল পুনৰ প্ৰতিযোগিতাৰ বাবে ভাৰতলৈ অহাৰ ক্ষেত্ৰত এতিয়াও সন্দেহৰ সৃষ্টি হৈছে।
স্বাভাৱিকতেই এনে স্থিতিত চিন্তিত হৈছে প্ৰতিটো ফ্ৰেন্সাইজি। কিন্তু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ শিবিৰত এই চিন্তাৰ উপৰিও আন এক খবৰে দেখা দিছে সংশয়ৰ। আই পি এলৰ অন্যতম জনপ্ৰিয় ফ্ৰেন্সাইজি হ’লেও আৰচিবিয়ে এইপৰ্যন্ত দখল কৰিব পৰা নাই খিতাপ। ১৭টা ছিজনৰ ব্যৰ্থতাৰ পিছত এইবাৰ পিছে দলটোৱে কিছু আশা দেখুৱাইছিল অনুৰাগীক। এইপৰ্যন্ত পইণ্ট তালিকাৰ দ্বিতীয় স্থানত অৱস্থান কৰি আছে দলটোৱে।
গতিকে অনুৰাগীসকলে এইবাৰ আৰচিবিয়ে খিতাপ জয়ৰ স্বপ্ন পূৰণ কৰিব বুলি পৰম আশাৰে বাট চাইছিল। কিন্তু দলটোৰ এগৰাকী তাৰকা খেলুৱৈৰ আঘাতৰ খবৰে আৰচিবি শিবিৰৰ লগতে অনুৰাগীসকলকো চিন্তিত কৰি তুলিছে। এই ছিজনত বাংগালুৰুৰ সফলতাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল জ’ছ হেজলউডে। কিন্তু সংবাদ মাধ্যমৰ খবৰ অনুসৰি শেহতীয়াকৈ হেজেলউড আঘাতপ্ৰাপ্ত হৈছে।
ইফালে ১১ জুনৰ পৰা লৰ্ডছত অনুষ্ঠিত হ’বলগীয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে হেজেলউড ফিট হৈ থাকিব বিচাৰিব। সেয়েহে আই পি এল পুনৰ আৰম্ভ হ’লে তেওঁ ভাৰতলৈ অহাৰ সম্ভাৱনা প্ৰায় শূন্য হৈ পৰিছে। কান্ধৰ আঘাতৰ বাবে যোৱা ৩ মে’ত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে ঘৰুৱা মেচত অংশ ল’ব পৰা নাছিল হেজেলউডে। ESPNcricinfoৰ প্ৰতিবেদন অনুসৰি প্ৰতিযোগিতাখন স্থগিত নোহোৱা হ’লে তেওঁ ৯ মে’ত LSGৰ বিৰুদ্ধে খেলাটোও সন্দেহৰ মাজত আছিল।
অৱশ্যে হেজেলউডৰ আঘাতক লৈ ক্ৰিকেট অষ্ট্ৰেলিয়া চিন্তিত নহয় বুলি দাবী কৰা হৈছে প্ৰতিবেদনত। টেষ্ট চেম্পিয়নশ্চিপৰ ফাইনেলৰ বাবে টেষ্ট দলত তেওঁ নিৰ্বাচিত হোৱাৰেই সম্ভাৱনা আছে। এই মেচৰ পূৰ্বে অষ্ট্ৰেলিয়ান ব’ৰ্ডে ব্ৰিটেইনত কণ্ডিচনিং কেম্প স্থাপন কৰিব। হেজেলউডে স্বাভাৱিকতেই এই কণ্ডিচনিং কেম্পত অংশ ল’ব।