শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Women’s World Cup 2025: এখনো মেচত জয়ী নোহোৱাকৈয়ে বিদায় পাকিস্তানৰ, লাভৱান হ’ব পাৰে গুৱাহাটী! কিদৰে সম্ভৱ এয়া?

সমগ্ৰ দেশৰ লগতে অসমৰ ক্ৰিকেটপ্ৰেমীয়ে এক সুখকৰ সুযোগ লাভ কৰিছে। লক্ষণীয়ভাৱে এই সুখৰ কাৰক হৈছে পাকিস্তান। পিছে অসমৰ প্ৰেক্ষাপটত পাকিস্তান কিদৰে সুখৰ কাৰক হ’ব পাৰে? স্বাভাৱিকতেই এই লৈ প্ৰশ্ন উঠিব পাৰে।

Women’s World Cup 2025: এখনো মেচত জয়ী নোহোৱাকৈয়ে বিদায় পাকিস্তানৰ, লাভৱান হ’ব পাৰে গুৱাহাটী! কিদৰে সম্ভৱ এয়া?
মহিলা এদিনীয়া বিশ্বকাপ ২০২৫Image Credit source: PTI
monjit-dutta
Monjit Dutta | Published: 23 Oct 2025 15:58 PM

চলিত মহিলা এদিনীয়া বিশ্বকাপত আজি নিউজিলেণ্ডৰ সন্মুখীন হৈছে ভাৰতীয় দল। প্ৰতিযোগিতাৰ ছেমিত স্থানৰ আশা জীয়াই ৰাখিবলৈ এই মেচখনত ভাৰতীয় দলৰ জয় অত্যন্ত প্ৰয়োজনীয়। ভাৰতীয় দলৰ এই আশাৰ মাজতে এতিয়া সমগ্ৰ দেশৰ লগতে অসমৰ ক্ৰিকেটপ্ৰেমীয়ে এক সুখকৰ সুযোগ লাভ কৰিছে। লক্ষণীয়ভাৱে এই সুখৰ কাৰক হৈছে পাকিস্তান। পিছে অসমৰ প্ৰেক্ষাপটত পাকিস্তান কিদৰে সুখৰ কাৰক হ’ব পাৰে? স্বাভাৱিকতেই এই লৈ প্ৰশ্ন উঠিব পাৰে। ইয়াৰ আঁৰত আছে এই বিশ্বকাপত পাকিস্তানৰ প্ৰদৰ্শন।

পাকিস্তান ক্ৰিকেট দলে এই প্ৰতিযোগিতাত এইপৰ্যন্ত ছয়খন মেচ খেলিছে যদিও এখনো মেচত জয়ী হোৱা নাই। সেই সূত্ৰে দলটো পইণ্ট তালিকাৰ অন্তিম স্থানত আছে। ইতিমধ্যে দলটোৰ বিদায় নিশ্চিত হৈ পৰিছে। পাকিস্তানৰ বিদায়ৰ লগে লগে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ সমুখলৈ আহিছে সুখকৰ সুযোগ।

কি এই সুখৰ কাৰণ

ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হৈছে মহিলাৰ এদিনীয়া বিশ্বকাপ ২০২৫। ভাৰতেই এই প্ৰতিযোগিতাখনৰ আয়োজক হিচাপে স্বীকৃতি লাভ কৰিছিল যদিও পাকিস্তানৰ উপস্থিতিৰ বাবেই শ্ৰীলংকাক সহ-আয়োজক হিচাপে বাচনি কৰা হয়। এইদৰে পাকিস্তানে প্ৰতিযোগিতাত নিজৰ প্ৰতিখন মেচ শ্ৰীলংকাত খেলিছে।

পাকিস্তানৰ উপস্থিতিৰ বাবেই এই প্ৰতিযোগিতাৰ প্ৰথম ছেমি ফাইনেল আৰু ফাইনেলৰ স্থান নিৰ্ধাৰণ কৰা হোৱা নাছিল। অৱশ্যে এতিয়া দলটো বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ বাবে ভাৰততে ছেমি ফাইনেল আৰু ফাইনেল অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে। পাকিস্তানে ছেমিত বা ফাইনেলত প্ৰৱেশ কৰা হ’লে এই মেচ দুখন শ্ৰীলংকাত অনুষ্ঠিত হ’লহেঁতেন।

ছেমি আৰু ফাইনেলৰ স্থান

বিশ্বকাপৰ প্ৰথম ছেমিৰ আয়োজনৰ স্বত্ব গুৱাহাটী বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামে লাভ কৰিব পাৰে। সূচী প্ৰকাশৰ সময়তে এয়া চৰ্চালৈ আহিছিল। এতিয়া পাকিস্তানৰ বিদায়ৰ লগে লগে এয়া প্ৰায় নিশ্চিত হোৱাৰ দিশে। অৱশ্যে এইপৰ্যন্ত এই সন্দৰ্ভত কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। অহা ২৯ অক্টোবৰত অনুষ্ঠিত হ’ব এই মেচখন।

আনহাতে এই প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ৩০ অক্টোবৰত নৱী মুম্বাইৰ ডাঃ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত অনুষ্ঠিত হ’ব। এই ষ্টেডিয়ামতে এতিয়া প্ৰতিযোগিতাৰ ফাইনেল অনুষ্ঠিত হ’ব পাৰে। ইতিমধ্যে দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, অষ্ট্ৰেলিয়াই ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এতিয়া ভাৰত আৰু নিউজলেণ্ডৰ মাজত প্ৰধানতঃ চতুৰ্থটো দলৰ বাবে যুঁজ হ’ব।