Shafali Verma: শতক বঞ্চিত হ’লেও বিশ্ব অভিলেখ গঢ়িলে শ্বেফালীয়ে, পুৰুষৰ বিশ্বকাপতো হোৱা নাছিল এনে…
শ্বেফালীয়ে কেৱল ভাৰতীয় দলক এক শক্তিশালী স্থিতিত উপনীত কৰাই নহয়, গঢ়ি তুলিছে এক ইৰ্ষণীয় বিশ্ব অভিলেখ। কেৱল মহিলা ক্ৰিকেটতে নহয়, শ্বেফালীয়ে গঢ়া এই অভিলেখ পুৰুষ ক্ৰিকেটতো আজিপৰ্যন্ত দেখিবলৈ পোৱা নাই।
চলিত মহিলা বিশ্বকাপৰ ফাইনেলত আজি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে ভাৰতীয় দল। প্ৰথমে বেটিং কৰি ভাৰতীয় দলে ২৯৮ ৰান এক শক্তিশালী স্ক’ৰ থিয় কৰাই বিশ্বকাপ জয়ৰ আকাংক্ষিত লক্ষ্য জীয়াই তুলিছে। ভাৰতৰ এই শক্তিশালী স্ক’ৰৰ মূলতে আছে দলৰ অপেনিং বেটাৰ শ্বেফালী বাৰ্মাৰ বিস্ফোৰক বেটিং। দলক এক প্ৰত্যাশিত আৰম্ভণি প্ৰদান কৰি শ্বেফালীয়ে ৭৮টা বলত ৮৭ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। তেওঁৰ লগতে দীপ্তি শৰ্মায়ো খেলে ৫৮ ৰানৰ এক অৰ্ধশতকীয় ইনিংছ।
লক্ষণীয়ভাৱে ফাইনেলত দলৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী শ্বেফালী এই বিশ্বকাপৰ বাবে স্থান পোৱা নাছিল দলত। কিন্তু ছেমিৰ প্ৰাকক্ষণত প্ৰতিকা ৰাৱটৰ আঘাতে শ্বেফালীৰ বাবে ভাগ্যৰ দ্বাৰ মুকলি কৰে আৰু পোনে পোনে ছেমি ফাইনেলত দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে। ছেমিত ব্যৰ্থ হ’লেও আজি ফাইনেলত শ্বেফালীয়ে খেলে এক স্বপ্নৰ ইনিংছ।
এই ইনিংছেৰে শ্বেফালীয়ে কেৱল ভাৰতীয় দলক এক শক্তিশালী স্থিতিত উপনীত কৰাই নহয়, গঢ়ি তুলিছে এক ইৰ্ষণীয় বিশ্ব অভিলেখ। কেৱল মহিলা ক্ৰিকেটতে নহয়, শ্বেফালীয়ে গঢ়া এই অভিলেখ পুৰুষ ক্ৰিকেটতো আজিপৰ্যন্ত দেখিবলৈ পোৱা নাই। ইয়াৰ সমান্তৰালকৈ শ্বেফালীয়ে প্ৰাক্তন তাৰকা বীৰেন্দ্ৰ সেহৱাগৰ সৈতে এক অনন্য তালিকাতো স্থান লাভ কৰিছে।
তিনি বছৰতকৈ অধিক সময়ৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অৰ্ধশতক অৰ্জন কৰিছে শ্বেফালীয়ে। নিজ এদিনীয়া কেৰিয়াৰৰ এই পঞ্চম অৰ্ধশতকীয় ইনিংছটো শ্বেফালীৰ বাবে হৈ পৰে অনন্য সাফল্য। এই অৰ্ধশতকৰ জৰিয়তে শ্বেফালী বিশ্বকাপ ফাইনেলৰ ইতিহাসত অৰ্ধশতক অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া বেটাৰ হিচাপে পৰিগণিত হয়।
মাত্ৰ ২১ বছৰ ২৭৮ দিন বয়সতে এই বিশ্ব অভিলেখ গঢ়িছে। লক্ষণীয়ভাৱে কেৱল মহিলা বিশ্বকাপৰে নহয়, পুৰুষ–মহিলা উভয়ৰে ক্ষেত্ৰত এতিয়া এই দিশত অভিলেখৰ গৰাকী শ্বেফালী বাৰ্মা। তদুপৰি তেওঁ বিশ্বকাপৰ ফাইনেলত অৰ্ধশতক অৰ্জন কৰা মাত্ৰ তৃতীয়গৰাকী ভাৰতীয় অ’পেনাৰ হিচাপে পৰিগণিত হৈছে।
ইয়াৰ পূৰ্বে ২০০৩ চনৰ পুৰুষৰ বিশ্বকাপত এই কৃতিত্ব অৰ্জন কৰিছিল বীৰেন্দ্ৰ ছেহৱাগে। তাৰ পাছত ২০১৭ চনৰ মহিলা বিশ্বকাপত পুনম ৰাউতে অৰ্ধশতক অৰ্জন কৰে। এতিয়া এই তালিকাত শ্বেফালীৰ নামো সংযোজন হৈছে। স্বাভাৱিকতেই এতিয়া বিশ্বকাপৰ খিতাপত চুম্বন দি এই কৃতিত্ব অধিক আকৰ্ষণীয় কৰি ৰাখিব বিচাৰিব শ্বেফালীয়ে।