প্ৰদৰ্শনৰ লগতে আচৰণেৰেও মন মুহিলে আকাশেঃ কেঞ্চাৰৰ সৈতে যুঁজি থকা ভগ্নীৰ নামত উৎসৰ্গা কৰিলে ভাৰতৰ জয়
ফালে মেচখনত ভাৰতৰ আটাইতকৈ সফল বলাৰ হিচাপে পৰিগণিত হয় আকাশ দীপ। যশপ্ৰীত বুমৰাহৰ স্থানত মেচখনত খেলাৰ সুযোগ লাভ কৰা আকাশ দীপে দুয়োটা ইনিংছত সৰ্বমুঠ ১০টা উইকেট লাভ কৰে। এনে প্ৰদৰ্শনেৰে আকাশ দীপ ক্ৰিকেট বিশ্বত এতিয়া উচ্চ প্ৰশংসিত হৈছে। পিছে কেৱল প্ৰদৰ্শনেৰেই নহয়, নিজৰ আচৰণৰ দ্বাৰাও সকলোৰে হৃদয় জয় কৰিছে আকাশে।

দুৰন্ত প্ৰদৰ্শনেৰে এডজবাষ্টন টেষ্টত ঘৰুৱা দল ইংলেণ্ডক পৰাস্ত কৰিলে ভাৰতীয় দলে। সুদীৰ্ঘ ৫৮ বছৰৰ পিছত এডজবাষ্টনৰ জয়ৰ মুখ দেখা ভাৰতে লগতে বিদেশৰ মাটিত ৰানৰ হিচাপত সৰ্বাধিক ব্যৱধানত জয়ৰো অভিলেখ ৰচে। এই মেচখনত ভাৰতৰ জয়ৰ প্ৰধান নায়ক হৈ পৰে অধিনায়ক শুভমন গিল। দুয়োটা ইনিংছতে সৰ্বমুঠ ৪৩০ ৰান সংগ্ৰহ কৰি গিলে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। ইফালে মেচখনত ভাৰতৰ আটাইতকৈ সফল বলাৰ হিচাপে পৰিগণিত হয় আকাশ দীপ। যশপ্ৰীত বুমৰাহৰ স্থানত মেচখনত খেলাৰ সুযোগ লাভ কৰা আকাশ দীপে দুয়োটা ইনিংছত সৰ্বমুঠ ১০টা উইকেট লাভ কৰে।
এনে প্ৰদৰ্শনেৰে আকাশ দীপ ক্ৰিকেট বিশ্বত এতিয়া উচ্চ প্ৰশংসিত হৈছে। পিছে কেৱল প্ৰদৰ্শনেৰেই নহয়, নিজৰ আচৰণৰ দ্বাৰাও এতিয়া সকলোৰে হৃদয় জয় কৰিছে পেচাৰগৰাকীয়ে। ভাৰতীয় দলৰ এই ঐতিহাসিক জয় আকাশ দীপে কেঞ্চাৰৰ সৈতে যুঁজি থকা তেওঁৰ ভগ্নীৰ নামত উৎসৰ্গা কৰে। মেচ সমাপ্ত হোৱাৰ পিছতে আকাশ দীপে ভাৰতীয় দলৰ অভিজ্ঞ তাৰকা চেতেশ্বৰ পূজাৰাৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত অংশ লয়।
এই সাক্ষাৎকাৰৰ সময়তে আকাশ দীপে এই কথা প্ৰকাশ কৰে। আকাশ দীপে উল্লেখ কৰা মতে যোৱা দুমাহ ধৰি তেওঁৰ ভনীয়েকে কেঞ্চাৰৰ সৈতে যুঁজি আছে আৰু মেচৰ সময়ত তেওঁৰ বাৰে বাৰে ভগ্নীলৈ মনত পৰিছিল। আকাশ দীপে কয়, “মই এই কথা এতিয়ালৈকে কোনো লোকৰ আগত প্ৰকাশ কৰা নাছিল। মই এই জয় মোৰ ভগ্নীৰ নামত উৎসৰ্গা কৰিব বিচাৰোঁ। যোৱা ২ মাহ ধৰি তেওঁ কেঞ্চাৰৰ সৈতে যুঁজি আছে।”
অৱশ্যে তেওঁ লগতে উল্লেখ কৰে যে চিকিৎসাৰ পিছত তেওঁৰ ভগ্নী সম্প্ৰতি কিছু সুস্থ হৈ উঠিছে। আকাশ দীপে কয়, “তেওঁ এতিয়া অলপ সুস্থ হৈ উঠিছে। মোৰ প্ৰদৰ্শনত তেওঁ আটাইতকৈ সুখী হ’ব। যোৱা দুমাহত তেওঁ মানসিকভাৱে যথেষ্ট কষ্ট পাইছে। যেতিয়াই মই বল কৰিছিলো, তেতিয়াই তেওঁৰ মুখখন মনলৈ আহিছিল। মই তেওঁৰ মুখলৈ হাঁহি কঢ়িয়াই আনিব বিচাৰিছিলো। এই জয় মই তেওঁৰ বাবে উৎসৰ্গা কৰিছো।”
উল্লেখ্য যে এডজবাষ্টন টেষ্টৰ অন্তিম দিনা দেওবাৰে ভাৰতীয় দলে ইংলেণ্ডক মাত্ৰ ২৭১ ৰানত অল আউট কৰি ৩৩৬ ৰানৰ বিশাল ব্যৱধানত জয়লাভ কৰে আৰু পাঁচখনীয়া মেচৰ শৃংখলাটোত ১-১ ব্যৱধানত সমতা স্থাপন কৰে। মেচখনত নিজৰ চমক অব্যাহত ৰাখি অন্তিম দিনটোত আকাশ দীপে ৪টা উইকেট দখল কৰে আৰু এইদৰে ইনিংছত মুঠ ৬টা উইকেট দখল কৰে। প্ৰথম ইনিংছতো তেওঁ মুঠ ৪টা উইকেট দখল কৰিছিল আৰু এইদৰে ১০টা উইকেট দখল কৰি অনন্য কৃতিত্ব অৰ্জন কৰে। ইংলেণ্ডত এখন টেষ্টত ১০টা উইকেট দখল কৰা দ্বিতীয়গৰাকী ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় আকাশ দীপ।