শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
তামুলপুৰত ব্যতিক্ৰমী লক্ষ্মী পূজা, দেৱীক আৰাধনা ভক্তৰ

তামুলপুৰত ব্যতিক্ৰমী লক্ষ্মী পূজা, দেৱীক আৰাধনা ভক্তৰ

Trishna Kalita
Trishna Kalita | Published: 07 Oct 2025 14:03 PM

এফালে হিন্দু ধৰ্মীয় বিশ্বাসৰ লক্ষ্মী পূজা আৰু আনফালে বড়ো জনগোষ্ঠীৰ ধনৰ অধিষ্ঠাত্ৰী দেৱী মাইনাওৰ ব্যতিক্ৰমী আৰু সমন্বিত ধৰ্মীয়,সাংস্কৃতিক আয়োজন।

ৰাজ্যবাসীয়ে পালন কৰিলে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা। তামুলপুৰৰ পশ্চিম তামুলপুৰ অঞ্চলত বৰ্ণাঢ্য আয়োজনেৰে আৰম্ভ হৈছে ৯ দিনীয়া ৮০ সংখ্যক তেতেলীগুৰি–কালাকুছি বাৰোৱাৰী লক্ষ্মী আৰু মাইনাও পূজা। এফালে হিন্দু ধৰ্মীয় বিশ্বাসৰ লক্ষ্মী পূজা আৰু আনফালে বড়ো জনগোষ্ঠীৰ ধনৰ অধিষ্ঠাত্ৰী দেৱী মাইনাওৰ ব্যতিক্ৰমী আৰু সমন্বিত ধৰ্মীয়,সাংস্কৃতিক আয়োজন।

সোমবাৰে সন্ধিয়া ৬ বজাত পূজাথলীৰ মুখ্যদ্বাৰ উন্মোচন কৰে তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। আনপিনে মন্দিৰৰ দ্বাৰ উন্মোচন কৰে চক্ৰ বিষয়া এলিমা কান্ডুলনাই, আৰু মাইনাও মন্দিৰৰ দ্বাৰ উন্মোচন কৰে বিটিচিৰ প্ৰাক্তন মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাই। অঞ্চলটোৰ ভক্তসকলে বাথৌ আৰজৰ মাধ্যমেৰে দেৱী মাইনাওক সেৱা জনায়। মাইনাও স্থাপন আৰু আৰজৰ সমান্তৰালভাৱে নিশা লক্ষ্মী পূজা কৰা হয়।