শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Garima Saikia Garg: দিনে ৰাতিয়ে কষ্ট পাই আছোঁ, প্ৰকৃততে মানুহজনৰ লগত কি হৈছিল সেয়াহে জানিব বিচাৰো- গৰিমা গাৰ্গ

Barasha Misra
Barasha Misra | Updated On: 07 Oct 2025 16:32 PM

ইয়াৰ মাজতে গৰিমাই জুবিনৰ মৃত্যুৰ ন্যায় বিচাৰে। কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ? জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে কয়, আমাৰ ভিতৰত একুৰা জুই জ্বলি আছে। দিনে ৰাতিয়ে কষ্ট পাই আছোঁ, প্ৰকৃততে মানুহজনৰ লগত কি হৈছিল সেয়াহে জানিব বিচাৰো। সঁচা কথাটো জানিব পাৰিলে আমি ন্যায় পাম। 

জুবিন গাৰ্গৰ আকস্মিক বিয়োগক মানি ল’ব পৰা নাই অসমবাসীয়ে। জুবিনৰ মৃত্যু হৈছিল নে হত্যা কৰা হৈছিল সেয়া এক নুবুজা সাঁথৰ! প্ৰতিদিনে পোহৰলৈ আহি আছে ইটোৰ পিছত সিটো নতুন তথ্য। আজি জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে শ্বুটিঙৰ কামত ব্যস্ত হৈ পৰে গৰিমা গাৰ্গ। পত্নীয়ে কয়, এইখন তেওঁৰ সপোনৰ ছবি, এই ছবিখনৰৰ বাবে বহু বছৰ ৰৈ আছিল, বহুত আশা আছিল জুবিনৰ।’