TV9 ASSAM
খাদ্য খোৱাৰ পিছত চফ চোবাই খালে হজম শক্তি উন্নত হয়। কিন্তু আপুনি জানেনে যে চফৰ উপৰিও আন কিছু বস্তুও খাদ্য খোৱাৰ পিছত চোলবাই খাব পাৰি?
চফ বা আন বনৌষধি চোবাই খালে আন্ত্ৰিক স্বাস্থ্য উন্নত হয়। এইবোৰে লালা উৎপাদনত সহায় কৰে বাবে মুখৰ pH বৃদ্ধি পায়, ইয়াৰ ফলত এচিডিটি হ্ৰাস পায়।
খাদ্যৰ সোৱাদ বৃদ্ধি কৰা ইলাচিয়ে কেৱল মুখৰ দুৰ্গন্ধ দূৰ কৰাই নহয় পেটৰ এনজাইম সক্ৰিয় কৰে। ইয়াৰ এণ্টিচেপ্টিক গুণে দুগুণ উপকাৰ প্ৰদান কৰে।
লঙত ইউজেনল নামৰ এণ্টিচেপ্টিক গুণেৰে সমৃদ্ধ ৰাসায়নিক পদাৰ্থ থাকে। লং দাঁত বা দাঁতৰ আলুৰ বিষৰ পৰা উপশম কৰাত সহায়ক। লগতে উশাহ সতেজ কৰে।
নিশাৰ আহাৰ খোৱাৰ পিছত মাত্ৰ ২-৩ খিলা পদিনা পাত চোবাই খালে মুখৰ দুৰ্গন্ধ নাইকিয়া হোৱাই নহয় পেটৰ স্বাস্থ্যৰ ক্ষেত্ৰতো উপকৃত হয়।
নিশাৰ আহাৰ খোৱাৰ পিছত ভজা জিৰা বা আজৱাইন খাব পাৰে। ইয়াৰ ফলত পাচন এনজাইম সক্ৰিয় হয়। অৱশ্যে গৰ্ভাৱস্থাত এই ঔষধ গ্ৰহণৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক।
খাদ্যৰ সোৱাদ বৃদ্ধি কৰা ধনীয়া স্বাস্থ্যৰ বাবেও এক আশীৰ্বাদ। ইয়াৰ এণ্টি-ইনফ্লেমেটৰী গুণে প্ৰদাহ কমায়। ধনীয়া গুটিৰ পানী খালে আন্ত্ৰিক স্বাস্থ্যৰ উন্নতি হয়।
পঢ়িবলৈ ক্লিক কৰক
পেণ্টৰ পিছফালৰ জেপত মানিবেগ লয় নেকি?