7 OCT 2025
TV9 ASSAM
যেতিয়া যকৃতত চৰ্বি জমা হয় তেতিয়া ফেটি লিভাৰ হয়। ইয়াৰ আৰম্ভণি হ'লে কিছুমান লক্ষণে দেখা দিয়ে, যিবোৰ মানুহে আওকান কৰি চলে। সময়মতে ইয়াক চিনাক্ত কৰিলে ভাল।
ডাঃ সুভাষ গিৰিয়ে কয় যে,ফেটি লিভাৰ হ'লে ছালৰ পৰা আৰম্ভ কৰি চুলিলৈকে বিভিন্ন লক্ষণে দেখা দিয়ে। এনে কিছুমান লক্ষণ আছে যি অতি সাধাৰণ। ইয়াক আওকান কৰিব নালাগে।
যদি খাদ্য বা জীৱনশৈলী সলনি নকৰাকৈ পেটৰ আশে পাশে ওজন বৃদ্ধি হয় আৰু শৰীৰৰ বাকী অংশ ঠিকে ছাকে তেন্তে ই ফেটি লিভাৰৰ সংকেত হ'ব পাৰে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা প্ৰয়োজন।
ফেটি লিভাৰ হ'লে ৰোগীয়ে অনবৰতে ভাগৰুৱা অনুভৱ কৰে। পৰ্যাপ্ত টোপনি, বেছি কাম নকৰাৰ পাছতো ভাগৰ লাগি থাকিব পাৰে। যকৃতে শৰীৰত শক্তি সৃষ্টি কৰাত সহায় কৰে। যেতিয়া যকৃতত ফেট জমা হয় ই ঠিক মতে কাম কৰিব নোৱাৰে। যাৰ বাবে ভাগৰ লাগে।
যকৃতে হজমত সহায় কৰে। যেতিয়া ফেটি লিভাৰ হয় তেতিয়া কম খাদ্য খালেও পেট ভৰি থকা যেন লাগে। ইয়াৰোপৰি বমি বমি ভাব আহিব পাৰে। ফেটি লিভাৰত খাদ্য খাবলৈ মন নাযায়।
যেতিয়া যকৃতত চৰ্বি জমা হয় তেতিয়া পেটৰ সোঁফালৰ ওপৰৰ অংশত বিষ অনুভৱ হয়। এই বিষ তীব্ৰ নহয়, ইয়াৰ সলনি ই বিষ লাহে লাহে হয়। হেঁচি থকা অনুভৱ হয়।
ফেটি লিভাৰৰ বাবে ছাল আৰু চুলিৰ পৰিৱৰ্তন হ'ব পাৰে। যেনে খজুৱতি, শুকান ছাল,শালমইনা, ৰঙা দাগ, চুলি সৰা, ছাল আৰু চকু হালধীয়া হোৱা দেখা যায়। শৰীৰত বিষাক্ত পদাৰ্থ,হৰমনৰ পৰিবৰ্তনৰ বাবে এনে হয়।
পঢ়িবলৈ ক্লিক কৰক