কাপোৰত লগা খাদ্যৰ দাগক লৈ কৰিব নালাগে চিন্তা, এনে সহজ ঘৰুৱা উপায়ে ক্ষণিকতে দিব সকাহ
দাগৰ বাবে পছন্দৰ কাপোৰসাজ পিন্ধাটোও কেতিয়াবা লজ্জাৰ কাৰণ হৈ পৰিব পাৰে। পিছে কাপোৰত লগা এইধৰণৰ দাগক লৈ চিন্তাৰ কোনো কাৰণ নাই, কিয়নো এনে দাগ আঁতৰোৱাৰ কিছুমান সহজ কিন্তু ফলপ্ৰসূ উপায় আপোনাৰ ঘৰতে লুকাই আছে।

দৈনন্দিন জীৱনত আমি সকলোৱে পৰিষ্কাৰ–পৰিচ্ছন্ন হৈ থাকিব বিচাৰোঁ। আমি পৰিধান কৰি থকা পোছাকেও আমাৰ পৰিষ্কাৰ–পৰিচ্ছন্নতাৰ খতিয়ান দাঙি ধৰে। কিন্তু কেতিয়াবা কাপোৰত লগা অস্বাভাৱিক দাগৰ বাবে আমি লজ্জিত হ’বলগা হয়। ধৰি লওক আপুনি আহাৰ গ্ৰহণ কৰি থকাৰ সময়তে হঠাতে কাপোৰত খাদ্য পৰিল, ইয়াৰ ফলত কাপোৰত বেয়া দাগ লাগে। বিশেষকৈ খাদ্যত থকা তেলৰ দাগ কাপোৰত লাগিলে সহজে নাযায়। এনে দাগৰ বাবে পছন্দৰ কাপোৰসাজ পিন্ধাটোও কেতিয়াবা লজ্জাৰ কাৰণ হৈ পৰিব পাৰে।
পিছে কাপোৰত লগা এইধৰণৰ দাগক লৈ চিন্তাৰ কোনো কাৰণ নাই, কিয়নো এনে দাগ আঁতৰোৱাৰ কিছুমান সহজ কিন্তু ফলপ্ৰসূ উপায় আপোনাৰ ঘৰতে লুকাই আছে। গতিকে কঠিন দাগ আঁতৰোৱাৰ বাবে অধিক ধন খৰচ কৰাৰ কোনো প্ৰয়োজন নাই, কেইটামান ঘৰুৱা উপায়ে আপোনাৰ কাপোৰৰ পৰিষ্কাৰ ৰূপ ঘূৰাই আনিব পাৰিব।
জানো আহক, কাপোৰৰ পৰা তেলৰ দাগ আঁতৰোৱাৰ এনে কেইটামান সহজ ঘৰুৱা উপায়—
১) নিমখ আৰু বেবী পাউদাৰ
সতেজ তেলৰ দাগ থাকিলে দাগটোৰ ওপৰত বেবী পাউদাৰ বা নিমখ ছটিয়াই অলপ সময় থৈ দিব। এই দ্ৰব্যসমূহে তেল শোষণ কৰিব। কিছু সময় এইদৰে থোৱাৰ পিছত সেইস্থানত ব্ৰাছেৰে মোহাৰি আৰু সাধাৰণ ডিটাৰজেণ্টে পাউদাৰেৰে ধুই পেলাওক।
২) নেমুৰ ৰস
নেমুৰ ৰসৰ প্ৰাকৃতিক এচিডিটিয়ে তেলৰ দাগ পৰিষ্কাৰ কৰাত সহায় কৰে। কাপোৰত লগা দাগত ১০ মিনিট নেমুৰ ৰস লগাই ৰাখক। তাৰ পিছত কুহুমীয়া পানীৰে ধুব।
৩) বাচন ধোৱাৰ তৰল পদাৰ্থ
বাচন ধোৱাৰ তৰল পদাৰ্থ মূলতঃ তেলৰ দাগ আঁতৰাব পৰাকৈ প্ৰস্তুত কৰা হয়। কাপোৰত থকা তেলৰ দাগত বাচন ধোৱা তৰল পদাৰ্থ কেইটোপালমান লগাই লাহে লাহে ঘঁহিব পাৰে। অলপ সময় থৈ ধুই দিলে দাগটো পাতল হৈ পৰিব।
৪) গাখীৰ
শুনাত আচৰিত যেন লাগিলেও গাখীৰেও তেলৰ দাগ আঁতৰাব পাৰে। কাপোৰত লগা তেলৰ দাগ আঁতৰাবলৈ সেই দাগ লগা স্থান গাখীৰত অলপ সময় তিয়াই থ’ব লাগে, তাৰ পিছত ধুই দিলে ফল দেখা পাব।
৫) আটা বা কৰ্ণফ্লাৱাৰ
কাপোৰত লগা তেলৰ দাগৰ ওপৰত কিছু পৰিমাণৰ আটা বা কৰ্ণফ্লাৱাৰ অলপ সময় থৈ দিব। এইবোৰে তেল শোষণ কৰে। ইয়াৰ পিছত ভালদৰে ধুলে কাপোৰ পৰিষ্কাৰ হৈ পৰিব।
৬) বেকিং ছ’ডা
দাগটোৰ ওপৰত বেকিং ছ’ডা ছটিয়াই কোমল ব্ৰাছেৰে ঘঁহি দিব। বেকিং ছ’ডাই দাগ শোষণ কৰি দাগ পাতল কৰে।
অতি সোনকালে তেলৰ দাগ পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰক। দাগ পুৰণি হ’লে দূৰ কৰাটো কঠিন হৈ পৰে। গতিকে, হাতত থকা ঘৰুৱা সামগ্ৰীৰে সহজে তেলৰ দাগ সহজতে বিদায় দিয়ক।