Asia cup 2025 AFG vs HK Live Streaming: এছিয়া কাপ ২০২৫ৰ প্ৰথম মেচত আজি আফগানিস্তান-হংকং, ক’ত চাব পাৰিব মেচ!
Asia cup 2025 Afghanistan vs Hong Kong, Live Streaming: আজি প্ৰতিযোগিতাৰ প্ৰথমখন মেচত মুখামুখি হ’ব আফগানিস্তান আৰু হংকং। গ্ৰুপ বিৰ এই মেচখনত আফগানিস্তানকে জয়ৰ দাবীদাৰ হিচাপে দেখা গৈছে যদিও বেট-বলৰ যুঁজত যিকোনো ক্ষণতে হ’ব পৰা অঘটনৰ বাবে হংকঙকো নিশ্চয় সহজে লোৱা নহ’ব।

এছিয়া কাপৰ আজি প্ৰথম মেচ
ক্ৰিকেটপ্ৰেমীৰ দীৰ্ঘদিনীয়া প্ৰতিক্ষাৰ আজি অন্ত পৰিব। সংযুক্ত আৰব আমিৰশ্বাহীত (ইউ এ ই) আজিৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ ২০২৫। আজি প্ৰতিযোগিতাৰ প্ৰথমখন মেচত মুখামুখি হ’ব আফগানিস্তান আৰু হংকং। আজি নিশা ৮ বজাৰ পৰা আবুধাবিত আৰম্ভ হ’ব এই মেচখন। গ্ৰুপ বিৰ এই মেচখনত আফগানিস্তানকে জয়ৰ দাবীদাৰ হিচাপে দেখা গৈছে যদিও বেট-বলৰ যুঁজত যিকোনো ক্ষণতে হ’ব পৰা অঘটনৰ বাবে হংকঙকো নিশ্চয় সহজে লোৱা নহ’ব। গতিকে এই মেচখনত দৃষ্টি নিবদ্ধ হ’ব সকলোৰে।
অৱশ্যে কেৱল এই মেচখনতে বুলি নহয়, এছিয়া কাপ ২০২৫তো অন্যতম শক্তিশালী দাবীদাৰ হিচাপে বিবেচিত হৈছে আফগানিস্তান। ভাৰতৰ পিছতে ৰছিদ খান নেতৃত্বাধীন দলটো খিতাপৰ অন্যতম দাবীদাৰ হৈ উঠিছে। শেহতীয়াকৈ ত্ৰিদেশীয় শৃংখলাতো নিজ শক্তিৰ উমান দি আফগানিস্তানে এছিয়া কাপৰ বাবে নিজকে সাজু ঘোষণা কৰিছে।
পাকিস্তান আৰু ইউ এ ইৰ বিৰুদ্ধে এই শৃংখলাত ফাইনেলত পৰাস্ত হ’লেও আফগানিস্তানে শৃংখলাটোত শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিছে। সাম্প্ৰতিক সময়ত টি-২০ ফৰ্মেটত আফগানিস্তান বিশ্বৰ অন্যতম এক ক্ৰিকেট শক্তি। অধিনায়ক ৰছিদ খানৰ লগতে নবী, নাইব, গুৰবাজ, জড্ৰানৰ দৰে তাৰকাৰে সমৃদ্ধ আফগানিস্তানে যিকোনো দলকে প্ৰত্যাহ্বান জনাবলৈ সক্ষম।
ইফালে প্ৰতিযোগিতাত আজি আফগানিস্তানৰ প্ৰথম প্ৰতিদ্বন্দী হংকঙৰ শক্তি অৱশ্যে তুলনামূলকভাৱে কিছু কম। দলটোত সাম্প্ৰতিক সময়ত ক্ৰিকেট বিশ্বত সুপৰিচিত তেনে কোনো বিশ্বমানৰ তাৰকা নাই বুলিব পাৰি। কিন্তু এছিয়া কাপৰ দৰে এক বৃহৎ মঞ্চত নিজকে প্ৰমাণৰ চেষ্টা চলাব বিচাৰিব য়াছিম মুৰ্টাজা নেতৃত্বাধীন দলটোৱে।
উল্লেখ্য যে এছিয়া কাপ ২০২৫ত মুঠ ৮টা দলে অংশ ল’ব। প্ৰতিযোগিতাৰ এই ৮টা দলক চাৰিতাকৈ দুটা গ্ৰুপত ভাগ কৰা হৈছে। গ্ৰুপ এত আছে ভাৰত, পাকিস্তান, ওমান আৰু আয়োজক ইউ এ ই। আনহাতে গ্ৰুপ বিত আছে শ্ৰীলংকা, আফগানিস্তান, বাংলাদেশ আৰু হংকং। প্ৰতিযোগিতাৰ মেচসমূহ ডুবাই আৰু আবুধাবিত অনুষ্ঠিত হ’ব।
আজি আফগানিস্তান আৰু হংকঙৰ মাজত হ’বলগা প্ৰতিযোগিতাৰ প্ৰথমখ মেচ আবুধাবিৰ শ্বেইখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাৰ পৰা আৰম্ভ হ’ব এই মেচখন। ক্ৰিকেটপ্ৰেমীসকলে এই মেচখনৰ লগতে প্ৰতিযোগিতাৰ সকলো মেচ চ’নী স্প’ৰ্টছ নেটৱৰ্ক আৰু চনী লিভ এপত চাব পাৰিব।