শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Akash Deep: প্ৰশিক্ষক গম্ভীৰেও কৰিব নোৱাৰা কৃতিত্ব অৰ্জন আকাশ দীপৰঃ দ্বিতীয়জন ভাৰতীয় হিচাপে ৰচিলে এনে অভিলেখ

Akash Deep: পিছে আজি পুনৰ খেল আৰম্ভ হোৱাৰ পিছতে আকাশ দীপে এগৰাকী বিশেষজ্ঞ বেটাৰৰ দৰে ক্ৰীজত থিয় দি ইংলেণ্ডৰ বাবে মূৰৰ কামোৰণি স্বৰূপ হৈ পৰে। ভাৰতীয় দলক এক শক্তিশালী স্থিতি প্ৰদান কৰি আকাশ দীপে খেলে ৬৬ ৰানৰ এক অৰ্ধশতকীয় ইনিংছ।

Akash Deep: প্ৰশিক্ষক গম্ভীৰেও কৰিব নোৱাৰা কৃতিত্ব অৰ্জন আকাশ দীপৰঃ দ্বিতীয়জন ভাৰতীয় হিচাপে ৰচিলে এনে অভিলেখ
অভেলত আকাশ দীপৰ চমকImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 02 Aug 2025 18:03 PM

কেনিংটন অভেলত ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা শৃংখলাৰ পঞ্চমখন টেষ্টৰ আজি তৃতীয় দিন। মেচখনৰ আজি তৃতীয় দিনাৰ প্ৰথম চেচনত আধিপত্য বিস্তাৰ কৰে ভাৰতীয় দলে। কালিৰ দুই উইকেটত ৭৫ ৰানৰ দলীয় স্ক’ৰৰ পৰা ইনিংছ আৰম্ভ কৰি ভাৰতীয় দলে প্ৰথম চেচনৰ সমাপ্তিলৈ ৩ উইকেটত ১৮৯ ৰান সংগ্ৰহ কৰিছে। এইদৰে ভাৰতীয় দলে এইপৰ্যন্ত ১৬৬ ৰানৰ অগ্ৰগতি লাভ কৰিছে। স্বাভাৱিকতেই জয় অনিবাৰ্য এই মেচখনত ভাৰতৰ বৰ্তমানৰ স্থিতি সন্তোষজনক।

ভাৰতীয় দলৰ এনে স্থিতিৰ মূলতে আছে অপেনাৰ যশস্বী জয়ছোৱাল আৰু আকাশ দীপৰ চমকপ্ৰদ বেটিং। বিশেষকৈ আজি ইংলেণ্ডৰ বলিং আক্ৰমণৰ সমুখত অধিক প্ৰত্যাহ্বানজনক হৈ পৰে আকাশ দীপ। কালি মেচৰ দ্বিতীয় দিনা নাইট ৱাছমেনৰ ৰূপত ক্ৰীজলৈ আহিছিল আকাশ দীপ। দিনটোৰ খেল সামৰণই পৰালৈ তেওঁ ৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ ৰৈছিল।

পিছে আজি পুনৰ খেল আৰম্ভ হোৱাৰ পিছতে আকাশ দীপে এগৰাকী বিশেষজ্ঞ বেটাৰৰ দৰে ক্ৰীজত থিয় দি ইংলেণ্ডৰ বাবে মূৰৰ কামোৰণি স্বৰূপ হৈ পৰে। তৃতীয় উইকেটত আকাশ দীপে জয়ছোৱালৰ সৈতে যোগ দিয়ে গুৰুত্বপূৰ্ণ ১০৭ ৰান। ভাৰতীয় দলক এক শক্তিশালী স্থিতি প্ৰদান কৰি আকাশ দীপে খেলে ৬৬ ৰানৰ এক অৰ্ধশতকীয় ইনিংছ।

নিজ টেষ্ট কেৰিয়াৰত প্ৰথমবাৰৰ বাবে অৰ্ধশতক অৰ্জনৰ কৃতিত্ব অৰ্জন কৰিছে আকাশে। এই অনন্য কৃতিত্ব অৰ্জনৰ ক্ষেত্ৰত তেওঁ ভাৰতীয় দলৰ বৰ্তমানৰ প্ৰশিক্ষক তথা প্ৰাক্তন ভাৰতীয় তাৰকা গৌতম গম্ভীৰকো অতিক্ৰম কৰে। গম্ভীৰে নিজ টেষ্ট কেৰিয়াৰত ইংলেণ্ডৰ মাটিত ১০ খন মেচ খেলিছিল যদিও এটাও অৰ্ধশতক অৰ্জন কৰিব পৰা নাছিল।

কিন্তু এই কাৰ্য সম্পন্ন কৰি দেখুৱালে আকাশ দীপে। তেওঁৰ অৰ্ধশতক পূৰ হোৱাৰ লগে লগে ড্ৰেছিং ৰুমত বহি থকা মুখ্য প্ৰশিক্ষক গম্ভীৰৰ মুখতো ফুটি উঠে হাঁহি।  ইফালে এগৰাকী নাইট ৱাছমেনৰ ৰূপত ক্ৰীজলৈ আহি অৰ্ধশতক সম্পূৰ্ণ কৰা দ্বিতীয়গৰাকী ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে আকাশ দীপ। তেওঁৰ পূৰ্বে ২০১১ চনত ইংলেণ্ডৰ বিপক্ষে অভেলতে এই কৃতিত্ব অৰ্জন কৰিছিল অমিত মিশ্ৰই।