শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিটিচি নিৰ্বাচনৰ কুচকাৱাজৰ পৰা সোণাপুৰৰ উচ্ছেদলৈ….চাওক দিনটোৰ শীৰ্ষ খবৰ

বিটিআৰত নিৰ্বাচনী ৰণদংকা বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত গঢ়ি তোলা ৰিজ'ৰ্টত প্ৰশাসনৰ বুলড'জাৰ। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

বিটিচি নিৰ্বাচনৰ কুচকাৱাজৰ পৰা সোণাপুৰৰ উচ্ছেদলৈ….চাওক দিনটোৰ শীৰ্ষ খবৰ
দিনটোৰ শীৰ্ষ খবৰ
trishna-kalita
Trishna Kalita | Updated On: 02 Aug 2025 20:10 PM

বিটিআৰত নিৰ্বাচনী ৰণদংকা বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি কলাইগাঁও আৰু খালিং দুৱাৰত দুখনকৈ জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত গঢ়ি তোলা ৰিজ’ৰ্টত প্ৰশাসনৰ বুলড’জাৰ। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।

  1. পঞ্চম দিনাও উৰিয়ামঘাটত অব্যাহত আছে উচ্ছেদ অভিযান। বৰ্তমানলৈকে বেদখলমুক্ত কৰা হৈছে প্ৰায় ১১০০ হেক্টৰ ভূমি। প্ৰায় ৩৬০০ একৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য চৰকাৰৰ। উক্ত অঞ্চলত বসবাস কৰা ২০০০ পৰিয়ালৰ ভিতৰত ১৫০০ পৰিয়ালক দিয়া হৈছিল উচ্ছেদৰ জাননী।
  2. বিটিআৰত নিৰ্বাচনী ৰণদংকা বজালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি কলাইগাঁও আৰু খালিং দুৱাৰত দুখনকৈ জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। বিটিআৰৰ অধিক উন্নয়নৰ বাবে বিজেপি চৰকাৰৰ বিটিচি শাসনৰ সুবিধা দিবলৈ জনতাক আহ্বান ডঃ শৰ্মাৰ।
  3. বিটিচি নিৰ্বাচনত অকলেই প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে এই কথা। ৪০ খন পৰিষদীয় আসনত প্ৰাৰ্থী দিব গেৰুৱা দলটোৱে। ইউ পি পি এল আৰু বিপিএফক বিজেপিয়ে শত্ৰুজ্ঞান নকৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিটিচিৰ সামগ্ৰিক উন্নয়নৰ বাবে অহা পাঁচ বছৰত মনোনিৱেশ কৰিব বিজেপি দলে।
  4. বিটিচি নিৰ্বাচনত মিত্ৰতা সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য ইউ পি পি এলৰ জ্যেষ্ঠ নেতা উৰ্খাও গৌড়া ব্ৰহ্মৰ। হাগ্ৰামা মহিলাৰী আগবাঢ়ি আহিলে ইউ পি পি এল মিত্ৰতাৰ বাবে সাজু আছে কয় ব্ৰহ্মই। তেওঁ লগতে কয় যে বিটিআৰত ইউ পি পি এল বৰ্তমান শক্তিশালী। যোৱা নিৰ্বাচনত ইউ পি পি এলৰ সৈতে মিত্ৰতা কৰা বিজেপিয়ে এইবাৰ অকলেই নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছে বিটিআৰত।
  5. সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলৰ ভূমিত গঢ়ি তোলা ৰিজ’ৰ্টত প্ৰশাসনৰ বুলড’জাৰ। পুৱাৰে পৰা বিশাল বাহিনী লৈ বন বিভাগ আৰু ডিমৰীয়া সমজিলা প্ৰশাসনে এফালৰ পৰা ভাঙি গ’ল অবৈধভাৱে নিৰ্মাণ কৰা ৰিজ’ৰ্ট। এইবাৰ সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত শেনচকু বনিয়াৰ। ডিমৰীয়া সমজিলাৰ অধীনস্থ কমাৰকুছিৰ মৰকদোলা সংৰক্ষিত বনাঞ্চলত প্ৰায় দুই হেক্টৰ ভূমি সামৰি গঢ়ি তোলা হৈছিল ৰিজ’ৰ্ট। অৰূপ কুমাৰ দাস নামৰ লোকজনে অবৈধভাৱে সংৰক্ষিত বনাঞ্চলৰ মূল্যৱান গছ-বন কাটি পাহাৰ খননেৰে আৰম্ভ কৰিছিল ৰিজ’ৰ্টৰ নিৰ্মাণকাৰ্য।
  6. গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় তাৰকা গোবিন্দা আৰু জন আব্ৰাহম। দুটা পৃথক কাৰ্যসূচীলৈ অসমত উপস্থিত হোৱা দুয়োগৰাকী তাৰকাক লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত উষ্ম আদৰণি জনায় অনুৰাগীয়ে।
  7. আমেৰিকাই প্ৰতিশোধমূলকভাৱে শুল্ক আৰোপ কৰিলেও ৰাছিয়াৰ পৰা তেলৰ আমদানি বন্ধ নকৰে ভাৰতে। শনিবাৰে ট্ৰাম্পক এই ইংগিত দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। দেশৰ স্বাৰ্থক সৰ্বোচ্চ কৰি আমদানিৰ সিদ্ধান্ত লোৱা হ’ব বুলি স্পষ্ট কৰি দিয়ে প্ৰধানমন্ত্ৰীয়ে।
  8. জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ। কুলগামত চলোৱা এক অভিযানত সেনাৰ গুলীত নিহত হয় এটা সন্ত্ৰাসবাদী। বিগত সময়ছোৱাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অবিৰতভাৱে অভিযান চলাই আহিছে সেনাবাহিনীয়ে। অপাৰেচন মহাদেৱৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈক ৬ টা সন্ত্ৰাসবাদীক নিধন।
  9. ৰোমাঞ্চকৰ হৈ পৰিছে ভাৰত আৰু ইংলেণ্ডৰ অন্তমি টেষ্ট। দ্বিতীয় ইনিংছত শতক অৰ্জন যশস্বী জয়ছোৱালৰ। আকাশদ্বীপে সংগ্ৰহ কৰে ৬৬ ৰাণ। প্ৰথম ইনিংছত ভাৰতৰ ২২৪ ৰাণৰ বিপৰীতে ইংলেণ্ডে সংগ্ৰহ কৰে ২৪৭ ৰাণ।