শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: শনিবাৰৰ দিনটোত আপোনাৰ ওপৰত পৰিব নেকি শনিৰ কোপদৃষ্টি! চাওক আজিৰ ৰাশিফলে কি কয়…

শনিবাৰৰ দিনটো দেৱতা শনিৰ সৈতে জড়িত বুলি ধৰ্মবিশ্বাস প্ৰচলিত হৈ আহিছে। দেৱতা শনিৰ কোপদৃষ্টি পৰিলে জীৱনত সমস্যা নামি আহে বুলি কোৱা হয়। আজি দিনটোত কোনো ৰাশিৰ ওপৰত শনিৰ কোপদৃষ্টি পৰিছে নেকি, চাওঁ আহক।

Daily Horoscope: শনিবাৰৰ দিনটোত আপোনাৰ ওপৰত পৰিব নেকি শনিৰ কোপদৃষ্টি! চাওক আজিৰ ৰাশিফলে কি কয়…
আজিৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 13 Sep 2025 06:00 AM

আজি ১৩ ছেপ্টেম্বৰ, শনিবাৰ। হিন্দু ধৰ্মত শনিবাৰৰ দিনটোৰ কিছু বিশেষ গুৰুত্ব থকা পৰিলক্ষিত হয়। এই দিনটো দেৱতা শনিৰ সৈতে জড়িত বুলি ধৰ্মবিশ্বাস প্ৰচলিত হৈ আহিছে। দেৱতা শনিৰ কোপদৃষ্টি পৰিলে জীৱনত সমস্যা নামি আহে বুলি কোৱা হয়। সেয়ে আজি শনিবাৰৰ দিনটোত কোনো বিশেষ ৰাশিৰ লোকৰ ওপৰত শনি দেৱতাৰ কোপদৃষ্টি পৰিব পাৰে নেকি, সেয়া জানিবলৈ সকলো ইচ্ছুক হ’ব পাৰে। গতিকে চাওঁ আহক আজিৰ ৰাশিফলে এই সন্দৰ্ভত কি কয়-

মেষ ৰাশিৰ ৰাশিফল

এই ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো শুভ। কোনো নতুন পৰিকল্পনাত আপোনাৰ প্ৰচেষ্টাই ফল দিব। সন্তানৰ ধন সম্পৰ্কীয় কোনো সমস্যা আছিল যদি আজি দূৰ হ’ব। বন্ধু-বান্ধৱীৰ সৈতে মনোৰঞ্জনৰ পৰিকল্পনা কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। কোনো গুৰুত্বপূৰ্ণ তথ্য আন কাৰোবাৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থকা উচিত হ’ব।

বৃষ ৰাশিৰ ৰাশিফল

আপোনাৰ পুৰণি ৰোগৰ বাবে আজি সমস্যাত পৰিব পাৰে, সেয়ে স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিব লাগিব। কোনো অপূৰণীয় ইচ্ছা আছিল যদি সেয়া আজি পূৰণ কৰাৰ সুযোগ লাভ কৰিব পাৰে। আন কাৰোবাৰ কথাত বিশ্বাস কৰাৰ পৰা আজি বিৰত থাকক। কাৰোবাক ঋণ দিছিল যদি আজি সেই ধন ঘূৰাই পাব পাৰে। জীৱন সংগীৰ সৈতে সম্পৰ্কত বিবাদে দেখা দিছিল যদি আজি সেয়া দূৰ হ’ব।

মিথুন ৰাশিৰ ৰাশিফল

ধৰ্মীয় কাম-কাজৰ প্ৰতি আজি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। যিকোনো সিদ্ধান্ত খুব ভালদৰে বিচাৰ বিবেচনা কৰি গ্ৰহণ কৰিব লাগিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। পূৰ্বে কোনো কাম সম্পূৰ্ণ নোহোৱাকৈ আছিল যদি আজি সেই কাম সম্পূৰ্ণ কৰিব পাৰিব। অৱশ্যে এইক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মাতৃৰ স্বাস্থ্যক লৈ কিছু চিন্তিত হ’ব।

কৰ্কট ৰাশিৰ ৰাশিফল

বিনিয়োগৰ ক্ষেত্ৰত আজি সফলতাৰ মুখ দেখিব। প্ৰেমৰ সম্পৰ্ক অধিক মধুময় হ’ব। সংগীৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। আৰ্থিক বিষয়ত অলপ সাৱধান হ’ব লাগিব, ভালদৰে চিন্তা কৰি খৰচ কৰিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰৰ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিব পাৰে।

সিংহ ৰাশিৰ ৰাশিফল

শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিলে ভাল ফল লাভ কৰিব, কিন্তু কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকিব। ব্যৱসায়ত সহকৰ্মীসকলৰ পৰা কিছু পৰামৰ্শ লোৱাৰ প্ৰয়োজন হ’ব পাৰে। সমাজত আপোনাৰ প্ৰভাৱ তথা সন্মান বৃদ্ধি পাব। আপোনাৰ আচৰণৰ বাবে মানসিকভাৱে কিছু অশান্তি পাব পাৰে।

কন্যা ৰাশিৰ ৰাশিফল

কিছুমান নতুন মানুহৰ সৈতে সাক্ষাৎ হ’ব, এনে নতুন সম্পৰ্ক আপোনাৰ বাবে সময়ত কামত আহিব। কোনো মনোৰঞ্জনধৰ্মী অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। কোনো বিবাদ সন্দৰ্ভত আইনৰ কাষ চাপিবলগীয়া হ’ব পাৰে। ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত পদোন্নতিয়ে আপোনাক যথেষ্ট সুখী কৰিব। ঘৰৰ মেৰামতিৰ কামত আগবাঢ়িব পাৰে।

তুলা ৰাশিৰ ৰাশিফল

যিকোনো লেনদেন সঠিক বিচাৰ বিবেচনাৰে কৰিব লাগিব। ঈশ্বৰৰ উপাসনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। কাৰোবাৰ পৰা ধন ধাৰে লোৱাৰ পৰা বিৰত থাকিব লাগিব। আপোনাৰ পৰিয়ালৰ ভিতৰৰ দিশসমূহৰ ওপৰত সাৱধান হোৱাৰ প্ৰয়োজন হ’ব। সন্তানে আপোনাৰ আশা অনুসৰি জীৱন নিৰ্বাহ কৰিব। পত্নীৰ পৰা হয়তো কোনো আকৰ্ষণীয় উপহাৰ লাভ কৰিব পাৰে।

বৃশ্চিক ৰাশিৰ ৰাশিফল

বৰ্ধিত খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। চাকৰিত নিয়োজিত লোকসকলৰ বাবে আজি দিনটো শুভ হ’ব। বিবাহিত জীৱন সুখকৰ হৈ উঠিব। বহুদিনৰ মূৰত আপোনাৰ কোনো পুৰণি বন্ধু এজনৰ সৈতে সাক্ষাৎ হ’ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ ক্ষেত্ৰত থকা বাধা দূৰ হ’ব। পুৰণি কোনো ভুলৰ পৰা শিক্ষা ল’ব লাগিব। ধনৰ বাবে কোনো কাম অসম্পূৰ্ণ হৈ আছিল যদি আজি সম্পূৰ্ণ কৰিব পাৰিব। এলাহ ভাৱ ত্যাগ নকৰিলে কামত বাধা আহিব।

ধনু ৰাশিৰ ৰাশিফল

আয় বৃদ্ধিৰ দিন হ’ব। ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে। কিন্তু ভ্ৰমণৰ সময়ত মূল্যৱান সামগ্ৰীৰ সম্পূৰ্ণ যত্ন ল’ব লাগিব। ভাতৃ-ভগ্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। কৰ্মক্ষেত্ৰত পদোন্নতি পোৱাৰ বাবে আপুনি যথেষ্ট সুখী হ’ব। নতুন কোনো লোকৰ সৈতে সাক্ষাৎ হ’ব পাৰে, এই সাক্ষাৎ আপোনাৰ বাবে উপকাৰী হ’ব। সহকৰ্মীৰ কোনো কথাত আপোনাৰ বেয়া লাগিব পাৰে। নিজৰ দায়িত্বৰ প্ৰতি সাৱধান হওক।

মকৰ ৰাশিৰ ৰাশিফল

এই ৰাশিৰ লোকৰ বাবে আজি দিনটো শুভ বিবেচিত হ’ব। নতুন সম্পত্তি বিশেষকৈ বাহন ক্ৰয় কৰিব পাৰিব। পৰিয়ালত কোনো শুভ অনুষ্ঠানৰ আয়োজনৰ বাবে পৰিৱেশ সুখদায়ক হ’ব। সন্তানৰ ফালৰ পৰা কিছুমান ভাল খবৰ শুনিবলৈ পাব পাৰে। অবিবাহিত লোকসকলে হয়তো আজি জীৱন সংগীৰ সাক্ষাৎ লাভ কৰিব। কৰ্মক্ষেত্ৰত কামৰ সঠিক পৰিকল্পনা কৰিব লাগিব।

কুম্ভ ৰাশিৰ ৰাশিফল

ব্যৱসায়ত কিছু পৰিৱৰ্তন সাধন কৰিব, এনে পৰিৱৰ্তন আপোনাৰ বাবে শুভ বিবেচিত হ’ব। আপোনাৰ নতুন পৰিকল্পনাৰ দিশত আগবঢ়াৰ বাবে আজিৰ দিনটো শুভ হ’ব। কামৰ বাবে আন কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰা বিৰত থাকক। পৰিয়ালৰ কোনো সদস্যক কিবা পৰামৰ্শ দিলে এই পৰামৰ্শই ফল দিব। কোনো আইনী বিষয়ৰ সেয়া দূৰ হ’ব।

মীন ৰাশিৰ ৰাশিফল

কোনো ধৰ্মস্থানলৈ তীৰ্থ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত হ’ব। বৈবাহিক জীৱন সুখকৰ হ’ব। পত্নীগৃহৰ পৰা কোনো অতিথিৰ আগমন ঘটিব পাৰে। যিকোনো ধৰণৰ বিতৰ্কত জড়িত হোৱাৰ পৰা বিৰত থাকিব লাগিব, তেতিয়াহে পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হ’ব। পৰিয়ালৰ বাবে সময় উলিয়াব লাগিব।