ওজন হ্ৰাস কৰিবলৈ মানি চলক এইসমূহ অভ্যাস, অন্যথা হ’ব বিফল

12 Sep 2025

TV9 ASSAM

খাদ্য আৰু জীৱনশৈলীৰ প্ৰতি ভালদৰে যত্ন নোলোৱাৰ বাবে বৰ্তমান সময়ত ওজন বৃদ্ধিৰ সমস্যা যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ যত্ন নল’লে মেদবহুলতাৰ ৰূপ ল’ব পাৰে।

ওজন বৃদ্ধি

মেদবহুলতাৰ ফলত দেহত বহু ৰোগে থিতাপি লোৱাৰ শংকা থাকে। সেয়ে প্ৰয়োজনৰ সময়ত ওজন নিয়ন্ত্ৰণৰ প্ৰতি গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে।

সমস্যা

ওজন হ্ৰাসৰ বাবে অধিকাংশ লোকে ৱৰ্ক আউট কৰে। ইয়াৰ সমান্তৰালকৈ আন কিছুমান দিশৰ ওপৰত যত্ন নল’লে আপোনাৰ প্ৰচেষ্টা বিফল হ’ব পাৰে।

সঠিক যত্ন

সুস্বাস্থ্যৰ ক্ষেত্ৰত টোপনিৰ গুৰুত্ব অপৰিসীম। ই বিপাকীয় ক্ৰিয়া উন্নত কৰি ওজন নিয়ন্ত্ৰণত সহায় কৰে। দৈনিক কমেও ৭-৮ ঘণ্টা ভালদৰে শোৱাৰ অভ্যাস কৰক।

পৰ্যাপ্ত টোপনি

দেহ হাইড্ৰেট কৰি ৰখাটো সকলো লোকৰ বাবে অতি প্ৰয়োজনীয়। পানীৰ অভাৱ হ’লে দেহৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্গত হোৱাত বাধাগ্ৰস্ত হয়। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণত বাধা আহে।

প্ৰচুৰ পানী

খাদ্যই হৈছে ওজন নিয়ন্ত্ৰণৰ প্ৰধান পথ। শৰীৰ অনুসৰি সঠিক ৰূপত কেলৰি গ্ৰহণ নকৰিলে ওজন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কৰা সকলো প্ৰচেষ্টা বিফল হৈ পৰিব।

সঠিক কেলৰি

বৰ্তমানৰ জীৱন-প্ৰণালীত মানসিক চাপ অতি সাধাৰণ এক সমস্যা হৈ পৰিছে। ইয়ো ওজন বৃদ্ধিৰ এক অন্যতম কাৰণ। গতিকে অত্যধিক মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক।

মানসিক চাপ

পঢ়িবলৈ ক্লিক কৰক 

এনে লক্ষণ হ'ব পাৰে হৃদৰোগৰ আগজাননী