এইবোৰ কাৰণত আপোনাৰ হঠাত চুগাৰৰ মাত্ৰা বৃদ্ধি পাব পাৰে

12 September 2025

TV9 ASSAM

কেৱল মিঠা খাদ্য খালেই তেজৰ চুগাৰৰ মাত্ৰা বৃদ্ধি নহয়। দৈনন্দিন কিছুমান অভ্যাসেও আপোনাৰ চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে।

মিঠা খাদ্য

টোপনিৰ অভাৱে আপোনাৰ চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গতিকে পৰ্যাপ্ত সময়ত শুবলৈ চেষ্টা কৰক।

টোপনিৰ অভাৱ

মানসিক চাপে চুগাৰৰ মাত্ৰা বৃদ্ধিত অৰিহণা যোগায়। গতিকে মানসিক চাপ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক।

মানসিক চাপ

শৰীৰত পানী অভাৱ হ'বলৈ নিদিব। ইয়াৰ ফলত আপোনাৰ তেজৰ চুগাৰৰ মাত্ৰা বৃদ্ধিৰ সম্ভাৱনা থাকে। গতিকে পৰ্যাপ্ত পানী খাওক।

শৰীৰত পানীৰ অভাৱ

ষ্টেৰইড বা অণ্টিডিপ্ৰেছনৰ দৰে কিছুমান ঔষধে আপোনাৰ চুগাৰ নিয়ন্ত্ৰণত বাধা সৃষ্টি কৰে। গতিকে ঔষধ খোৱাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।

কিছুমান ঔষধ

নিদিষ্ট সময়ত খাদ্য নোখোৱাৰ ফলত চুগাৰ বৃদ্ধি পাব পাৰে। গতিকে নিদিষ্ট সময়ত আঁহ, প্ৰটিন আৰু স্বাস্থ্যকৰ কাৰ্বহাইড্ৰেইটযুক্ত খাদ্য খাওক।

খাদ্য খাওক

চুগাৰ বৃদ্ধি পোৱাৰ উমান পালেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। পৰামৰ্শ মতে জীৱনশৈলী সলনি কৰক।

চিকিৎসকৰ পৰামৰ্শ

পঢ়িবলৈ ক্লিক কৰক

প্ৰতিদিনে ৰঙা চাহ খালে শৰীৰত কি প্ৰভাৱ পৰে ?