শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ দেহাৱসানঃ ৰাজ্যজুৰি শোকৰ ছাঁ

চাৰিবাৰকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ আসনত উপৱিষ্ট হোৱা ডি ডি লাপাঙে অৱশ্যে কৰ্মজীৱনৰ আৰম্ভণি ঘটাইছিল এগৰাকী পথৰ শ্ৰমিক হিচাপে। পিছলৈ তেওঁ বিদ্যালয়ৰ উপ-পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছিল।

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ দেহাৱসানঃ ৰাজ্যজুৰি শোকৰ ছাঁ
মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডি ডি লাপাঙৰ দেহাৱসান
monjit-dutta
Monjit Dutta | Updated On: 13 Sep 2025 07:29 AM

মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড° ডি ডি লাপাঙৰ যোৱা নিশা দেহাৱসান ঘটে বাৰ্ধক্যজনিত ৰোগৰ বাবে তেখেতৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে তেওঁক শ্বিলঙৰ বেথানী হাস্পতালত ভৰ্তি কৰা হৈছিল হাস্পতালৰ বিচনাতে তেওঁ যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ। মেঘালয়ৰ ৰাজনীতিৰ অন্যতম এগৰাকী গুৰুত্বপূৰ্ণ নেতা হিচাপে পৰিচিত ডি ডি লাপাং বয়োজ্যেষ্ঠ ৰাজনীতিবিদগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি দেখা গৈছে শোকৰ ছাঁ

চাৰিবাৰকৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ আসনত উপৱিষ্ট হোৱা ডি ডি লাপাঙে অৱশ্যে কৰ্মজীৱনৰ আৰম্ভণি ঘটাইছিল এগৰাকী পথৰ শ্ৰমিক হিচাপে পিছলৈ তেওঁ বিদ্যালয়ৰ উপপৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছিল চৰকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহৰ পিছত তেওঁ ৰাজনীতিত যোগ দিয়ে

১৯৭২ চনত লাপাঙে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নংপোহৰ আসনৰ পৰা প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। অৱশ্যে পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হয় আৰু কেইবাটাও দশক জুৰি মেঘালয় কংগ্ৰেছৰ এগৰাকী শক্তিশালী কংগ্ৰেছ নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰে

কংগ্ৰেছ দলৰ পৰাই চাৰিবাৰকৈ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰে যদিও ২০১৮ চনত অৱশ্যে তেওঁ বৰ্তমানৰ মেঘালয়ৰ শাসকীয় দল নেশ্যনেল পিপলছ পাৰ্টি, চমুকৈ এন পি পিত যোগদান কৰে ইয়াৰ পিছত মৃত্যু পৰ্যন্ত এন পি পি সদস্য হিচাপেই নিজৰ ৰাজনৈতিক জীৱন আগবঢ়াই নিয়ে লাপাঙে

উল্লেখ্য যে ১৯৩৩ চনৰ ১০ এপ্ৰিলত ডি ডি লাপাঙৰ জন্ম হৈছিল। ১৯৫৮ চনত তেওঁ এমেথিষ্ট লিণ্ডা জোমছ ব্লাহৰ সৈতে বিবাহপাশত আবদ্ধ হয়। লাপাঙে ১৯৯২ চনৰ পৰা ২০১০ চনৰ ভিতৰত চাৰিবাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। অৱশ্যে এই চাৰিবাৰৰ কাৰ্যকালত তেওঁ এবাৰো সম্পূৰ্ণ কাৰ্যকাল লাভ কৰা নাছিল

পোনপ্ৰথমবাৰৰ বাবে ১৯৯২ চনৰ পৰা ১৯৯৩ চনৰ ফেব্ৰুৱাৰীলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল ইয়াৰ পিছত ২০০৩ চনৰ ৪ মাৰ্চত তেওঁ পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কিন্তু মিত্ৰজোঁটৰ চৰকাৰৰ মতানৈক্যৰ বাবে ২০০৬ চনৰ ১৫ জুনত তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে

২০০৭ চনৰ মাৰ্চ মাহত তেওঁ তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। কিন্তু বিধায়িনী দলৰ সদস্যৰ সংখ্যাগৰিষ্ঠ সমৰ্থনৰ অভাৱত ২০০৮ চনৰ ১৯ মাৰ্চত তেওঁ পদত্যাগ কৰে। মেঘালয়ত দুমাহজোৰা ৰাষ্ট্ৰপতিৰ শাসনৰ পিছত ২০০৯ চনৰ ১৩ মে’ত চতুৰ্থবাৰৰ বাবে লাপাং মুখ্যমন্ত্ৰী হয় কিন্তু ২০১০ চনৰ ১৯ ​​এপ্ৰিলত তেওঁ মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰে।