শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily Horoscope: স্বাস্থ্যজনিত সমস্যাই আজি জুৰুলা কৰিব পাৰে এই ৰাশিৰ লোকক! চাওক আজিৰ ৰাশিফলে আৰু কি কয়…

আজি ১২ অক্টোবৰ, দেওবাৰ। জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ গণনা কৰি প্ৰকাশ কৰা ৰাশিফলে ভিন্ন ৰাশি অনুসাৰে আজিৰ দিনটোৰ বাবে কি আগজাননী কৰিছে চাওক।

Daily Horoscope: স্বাস্থ্যজনিত সমস্যাই আজি জুৰুলা কৰিব পাৰে এই ৰাশিৰ লোকক! চাওক আজিৰ ৰাশিফলে আৰু কি কয়…
আজি দিনটোৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 12 Oct 2025 06:00 AM

আজি ১২ অক্টোবৰ, দেওবাৰ। সাপ্তাহিক বন্ধৰ বাবে আজিৰ দিনটোত স্বাভাৱিকতেই অধিকাংশ লোকেই নানা পৰিকল্পনা কৰিব পাৰে। কিন্তু অনাকাংক্ষিত কিছুমান বিপদে এইক্ষেত্ৰত আপোনাক কিছু অসুবিধাত পেলাব পাৰে। এনে অনাকাংক্ষিত বিপদ সন্দৰ্ভত আপোনাক আগতীয়াকৈ সাৱধান কৰি দিব পাৰে ৰাশিফলে। জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ গণনা কৰি প্ৰকাশ কৰা ৰাশিফলে আজিৰ দিনটোৰ বাবে কি আগজাননী কৰিছে চাওক-

মেষ ৰাশিৰ ৰাশিফল

এই ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো শুভ বিবেচিত হ’ব। কৰ্মসংস্থাপনৰ বাবে যুঁজি থকাসকলে সকাহ লাভ কৰিব। সন্তানে কৰ্ম সংক্ৰান্তত বাহিৰলৈ যাবলগা হ’ব পাৰে। আপোনাৰ দায়িত্ব সম্পূৰ্ণ কৰিব পাৰিব আৰু সেয়ে আনন্দিত হ’ব। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে পদোন্নতি লাভ কৰিব পাৰিব। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব।

বৃষ ৰাশিৰ ৰাশিফল

কোনো কামৰ বাবে ঋণ লৈছিল যদি আজি আদায় কৰিব পাৰিব। শাৰীৰিক সমস্যাৰ সন্দৰ্ভত চিকিৎসকৰ সঠিক পৰামৰ্শ ল’ব লাগিব, অন্যথা ভৱিষ্যতে স্বাস্থ্যৰ অৱস্থা অধিক চিন্তনীয় হ’ব পাৰে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আশা কৰা ধৰণে কৰ্মস্থানৰ বদলিৰ খবৰ পাব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহত বাধা আছিল যদি আজি সেয়া দূৰ হ’ব। প্ৰেমৰ সম্পৰ্কত শুভ। সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত হ’ব।

মিথুন ৰাশিৰ ৰাশিফল

উপাৰ্জনৰ উৎস বাঢ়িব, ইয়াৰ জৰিয়তে মানসিক সুখো বৃদ্ধি পাব। কেৰিয়াৰলৈ ইতিবাচকতাৰ আগমন ঘটিব। পৰিয়ালৰ বিষয়সমূহ একেলগে বহি আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ চেষ্টা কৰা উচিত। কৰ্মস্থানত নতুন পদবী লাভ কৰিব পাৰে। সহকৰ্মীৰ কোনো কথাত বিচলিত হ’ব পাৰে। ৰাজনীতিৰ সৈতে জড়িত লোকসকলে নিজৰ কামৰ জৰিয়তে নতুন স্বীকৃতি লাভ কৰিব।

কৰ্কট ৰাশিৰ ৰাশিফল

স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব পাৰে। আপোনাৰ মূল্যৱান সামগ্ৰীসমূহ সুৰক্ষিত কৰিব লাগিব, অন্যথা হেৰাই যোৱাৰ বা চুৰি হোৱাৰ আশংকা আছে। ব্যৱসায়ত ভালদৰে মনোনিৱেশ কৰা উচিত আৰু খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থকা উচিত হ’ব। অচিনাকি মানুহৰ পৰা দূৰত্ব বজাই ৰাখক। কৰ্মস্থানত বৰমূৰীয়াৰ সৈতে সম্পৰ্ক উন্নত হ’ব।

সিংহ ৰাশিৰ ৰাশিফল

বতৰৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। কাৰোবাৰ পৰা ধন লাভ কৰিবলৈ বাকী আছিল যদি আজি প্ৰাপ্য ধন লাভ কৰাৰ সম্ভাৱনা আছে। কোনো পুৰণি বিবাদে যাতে পুনৰাই দেখা নিদিয়ে, তাৰ প্ৰতি সাৱধান হ’ব লাগিব। আপুনি কোনো এক নতুন প্ৰকল্পত কাম কৰাৰ সুযোগ পাব আৰু ইয়াৰ দ্বাৰা আপোনাৰ ভাবমূৰ্তি উজ্জল হ’ব।

কন্যা ৰাশিৰ ৰাশিফল

কৰ্মক্ষেত্ৰত আপুনি নিজ কামত দায়বদ্ধ হ’ব লাগিব। কেৰিয়াৰতো উত্থান ঘটিব। সন্তানৰ পৰা হয়তো কোনো হতাশাজনক খবৰ শুনিব পাৰে। অপ্ৰয়োজনীয় কোনো কথাত খঙাল হোৱাৰ পৰা বিৰত থাকক। ঘৰত আজি কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। মাতৃৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত ইতিবাচক আলোচনা হ’ব পাৰে।

তুলা ৰাশিৰ ৰাশিফল
উপাৰ্জন বৃদ্ধি পোৱাৰ বাবে মানসিকভাৱে সন্তুষ্টি লাভ কৰিব। বিবাহিত জীৱন সুখকৰ হ’ব। পত্নীৰ পৰা সম্পূৰ্ণ সহায়-সহযোগিতা লাভ কৰিব। পত্নীয়ে কোনো কৰ্মসংস্থানো লাভ কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্যক কেৰিয়াৰ সম্পৰ্কে উপযুক্ত পৰামৰ্শ দিব পাৰে। কৰ্মক্ষেত্ৰত জুনিয়ৰৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। নতুন কোনো প্ৰচেষ্টাই ইতিবাচক ফল দিব।

বৃশ্চিক ৰাশিৰ ৰাশিফল

ব্যৱসায়ত আপুনি কোনো পৰিৱৰ্তন আনিব পাৰে আৰু এয়া আপোনাৰ উপকাৰী বিবেচিত হ’ব। বন্ধু-বান্ধৱীৰ সৈতে কোনো মনোৰঞ্জনমূলক কাৰ্যসূচীৰ পৰিকল্পনা কৰিব পাৰে। যদি আৰ্তজনক সহায় কৰাৰ সুযোগ পায়, নিশ্চিতভাৱে সহায়ৰ ক্ষেত্ৰত বিনাদ্বিধাই আগবাঢ়ক। সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। শৈক্ষিক কোনো বিষয়ত চিন্তিত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ সৈতে এই বিষয়ত কথা পাতিলে সঠিক পৰামৰ্শ লাভ কৰিব।

ধনু ৰাশিৰ ৰাশিফল

পাৰিবাৰিক জীৱনত চলি থকা সমস্যাসমূহৰ বহুলাংশে সমাধান হ’ব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। কামৰ ক্ষেত্ৰত ভাতৃ-ভগ্নীৰ পৰা সম্পূৰ্ণৰূপে সহায় লাভ কৰিব। পাৰিবাৰিক কোনো অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলাব পাৰে। মনৰ কোনো দীৰ্ঘদিনীয়া ইচ্ছা পূৰণৰ বাবে আনন্দিত হ’ব। পিতৃ-মাতৃৰ আশীৰ্বাদত বাকী থকা কোনো কাম সম্পূৰ্ণ হ’ব। সম্পত্তিৰ বিষয়ত অত্যন্ত সাৱধান হওক।

মকৰ ৰাশিৰ ৰাশিফল

নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে। ব্যৱসায়িক ক্ষেত্ৰতো নতুন কোনো পৰিকল্পনা গ্ৰহণ কৰিব পাৰে। পত্নীৰ সৈতে সম্পৰ্কত কোনো তিক্ততা আছিল যদি সেয়া আজি সমাধান হ’ব। পূৰ্বৰে পৰা থকা সমস্যাসমূহৰ সমাধানৰ পথ বিচাৰি পাব। সন্তানৰ বাবে উপহাৰ ক্ৰয় কৰিব পাৰে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে কিছু সময় কটাব আৰু ইয়াৰ দ্বাৰা আপোনাৰ অভিজ্ঞতা বৃদ্ধি পাব।

কুম্ভ ৰাশিৰ ৰাশিফল

আপোনাৰ কিছুমান নতুন প্ৰচেষ্টাই ইতিবাচক ফল দিব। প্ৰয়োজন পূৰণৰ বাবে কিছু অতিৰিক্ত খৰচ কৰিবলগা হ’ব পাৰে। আপোনাৰ ব্যৱসায়ৰ সৈতে জড়িত ভাল খবৰ শুনিব পাৰে। কৰ্মক্ষেত্ৰত নিয়োজিতসকলৰ সুনাম বৃদ্ধি পাব। বহুদিনৰ মূৰত হয়তো পুৰণি বন্ধুৰ সৈতে সাক্ষাৎ হ’ব পাৰে। শিক্ষাৰ্থীসকলে শৈক্ষিক ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা দূৰ হ’ব।

মীন ৰাশিৰ ৰাশিফল

বাকী থকা কোনো কামে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল আপুনি লাভ কৰিব। সন্তানে আপোনাৰ আশা অনুসৰি আগবঢ়াৰ বাবে আপুনি সুখী হ’ব। নতুন কোনো সম্পদ ক্ৰয়ৰ ইচ্ছা হ’ব পাৰে। আত্মবিশ্বাসেৰে নিজৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰিব লাগিব, তেতিয়াহে সফলতা লাভ কৰিব। তীৰ্থযাত্ৰাৰ সুযোগ লাভ কৰিব পাৰে।