পূজাৰ সময়ত কিয় চকু মুদি মন্ত্ৰ জপ কৰা হয়? ইয়াৰ আঁৰৰ কাৰণ জানক…
Mantra Jaap Benefits : ভাৰতীয় সংস্কৃতিত পূজাৰ এক গুৰুত্বপূৰ্ণ স্থান আছে আৰু ইয়াত মন্ত্ৰ জপ কৰাৰ বিশেষ তাৎপৰ্য আছে। প্ৰায়ে আমি দেখিবলৈ পাওঁ যে মানুহে মন্ত্ৰ জপ কৰাৰ সময়ত চকু মুদি থাকে। আপুনি কেতিয়াবা ভাবিছেনে ইয়াৰ আঁৰৰ কাৰণ কি?

পূজা আৰু মন্ত্ৰ জপ ভাৰতীয় সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ। আমি যেতিয়াই মন্দিৰলৈ যাওঁ বা ঘৰত পূজা কৰো তেতিয়াই এটা কথা সাধাৰণতে দেখা যায়, সেয়া হ’ল ভক্তসকলে চকু মুদি মন্ত্ৰ জপ কৰে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে পূজাৰ সময়ত কিয় চকু মুদিব লাগে? এয়া কেৱল পৰম্পৰা নহয়, ইয়াৰ আঁৰত লুকাই আছে গভীৰ বৈজ্ঞানিক, মানসিক আৰু আধ্যাত্মিক কাৰণ। বিতংভাৱে জানো আহক।
আভ্যন্তৰীণ ধ্যানলৈ লৈ যায়
মনক একাগ্ৰ কৰি বাহ্যিক বিক্ষিপ্ততাৰ পৰা মুক্ত কৰাটোৱেই হৈছে মন্ত্ৰ জপৰ প্ৰধান উদ্দেশ্য। চকু মুদিলে আমি দৃষ্টিশক্তিৰ উদ্দীপক বহু পৰিমাণে কমি যায়। আমাৰ চকুৱে চাৰিওফালৰ পৰিৱেশৰ পৰা অহৰহ তথ্য লাভ কৰে আৰু এই দৃশ্যবোৰে প্ৰায়ে মনটোক বিচলিত কৰে। চকু মুদি আমি এই বাহ্যিক উদ্দীপকবোৰৰ পৰা বিচ্ছিন্ন হৈ পৰো, যাৰ ফলত মনটোক শান্ত কৰি কেৱল মন্ত্ৰৰ শব্দ আৰু তাৰ অৰ্থত মনোনিৱেশ কৰাটো সহজ হৈ পৰে। ইয়াৰ ফলত আভ্যন্তৰীণ ধ্যান-ধাৰণা গভীৰ হোৱাত সহায় হয়।
ঈশ্বৰৰ সৈতে আধ্যাত্মিক সংযোগ
মন্ত্ৰ জপ কেৱল উচ্চাৰণ নহয়, ই এক সাধনা। চকু মুদি এজন ব্যক্তিয়ে নিজৰ চৌপাশৰ জগতখন পাহৰি ঈশ্বৰৰ সৈতে গভীৰভাৱে সংযোগ স্থাপন কৰিবলৈ সক্ষম হয়। এই অৱস্থাই ‘একাগ্ৰতা’ আৰু ‘ভক্তি’ দুয়োটাকে শক্তিশালী কৰে।
বাহ্যিক বিঘিনিৰ পৰা সুৰক্ষা
চকু মেলিলে চাৰিওফালৰ গতি বা দৃশ্যই আমাৰ মনোযোগ বিঘ্নিত কৰিব পাৰে। চকু মুদিলে এই সকলো বিঘিনি পৰিহাৰ কৰিব পাৰি আৰু পূজা বা মন্ত্ৰ জপ অধিক ফলপ্ৰসূ হয়।
আধ্যাত্মিক শক্তিৰ সংক্ৰমণ
বিশ্বাস কৰা হয় যে যেতিয়া আমি চকু মুদি পূজা কৰো তেতিয়া আমাৰ চেতনা অধিক সক্ৰিয় হয়। এই অৱস্থাত মন্ত্ৰৰ শব্দ আমাৰ অন্তৰ্নিহিত মনৰ গভীৰতালৈ সোমাই যায় আৰু ধনাত্মক শক্তি সঞ্চাৰিত হয়।
বৈজ্ঞানিক দৃষ্টিভংগী
বিজ্ঞানীসকলৰ মতে চকু মুদিলে মগজুৰ আলফা তৰংগ সক্ৰিয় হৈ পৰে, যাৰ ফলত মন শান্ত হয় আৰু মানসিক চাপ কমি যায়। ইয়াৰ ফলত মন্ত্ৰ জপৰ গুণো বৃদ্ধি পায়।
প্ৰাচীন গ্ৰন্থতো উল্লেখ আছে
বেদ-উপনিষদত স্পষ্টকৈ উল্লেখ আছে যে মন্ত্ৰ জপ মন, বাক-আত্মাৰে কৰিব লাগে। চকু মুদি মন্ত্ৰ জপ কৰিলে এই নীতিৰ নিখুঁততা পোৱা যায়।
মন্ত্ৰৰ শক্তি ভিতৰত নিহিত হৈ থাকে
আমি যেতিয়া চকু মুদি মন্ত্ৰ জপ কৰো তেতিয়া সেই শক্তি কেৱল বাহিৰতেই নহয় ভিতৰলৈও প্ৰৱেশ কৰে। ই আত্মাক শুদ্ধ কৰি মানসিক শান্তি প্ৰদান কৰে।
(অস্বীকাৰ: ইয়াত দিয়া তথ্যসমূহ মানসিক আৰু বৈজ্ঞানিক তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে নিশ্চিত নকৰে।)