শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মঙলবাৰৰ দিনটোত কেতিয়াও নকৰিব এনে কাম, অন্যথা ক্ষুব্ধ হ’ব পাৰে গ্ৰহৰ সেনাপতি! জীৱন হ‘ব পাৰে দুৰ্বিষহ

মঙলবাৰ দিনটোৰ বাবে কিছুমান নিয়ম হিন্দু শাস্ত্ৰত উল্লেখ কৰা হৈছে। ভগৱান হনুমান আৰু মংগল গ্ৰহক সন্তুষ্ট কৰিবলৈ মঙলবাৰে পৰিহাৰ কৰিবলগীয়া কিছু দিশৰ বিষয়েও শাস্ত্ৰত উল্লেখ আছে। জানো আহক এই বিষয়ে।

মঙলবাৰৰ দিনটোত কেতিয়াও নকৰিব এনে কাম, অন্যথা ক্ষুব্ধ হ’ব পাৰে গ্ৰহৰ সেনাপতি! জীৱন হ‘ব পাৰে দুৰ্বিষহ
মঙলবাৰৰ বিধানImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 11 Nov 2025 09:26 AM

হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি সপ্তাহৰ প্ৰতিটো দিন কোনো বিশেষ দেৱতাৰ নামত উৎসৰ্গা কৰা হয়। ধৰ্ম বিশ্বাস অনুসৰি দেৱতাৰ লগতে প্ৰতিটো দিন এটা গ্ৰহৰ সৈতেও জড়িত হৈ থাকে। আজি মঙলবাৰ। এই মঙলবাৰ দিনটো বিশেষভাৱে ভগৱান হনুমান আৰু মংগল গ্ৰহৰ সৈতে জড়িত বুলি কোৱা হয়। এই দিনটো অতি শুভ হিচাপে গণ্য কৰা হয়। ধৰ্মীয় তথা লোক বিশ্বাস অনুসৰি এই দিনটো যিদৰে শুভ, সিমানেই সাৱধানতা অৱলম্বন কৰাৰো প্ৰয়োজন।

কোৱা হয় যে সৰু ভুল এটাৰ পৰিণামো কেতিয়াবা অতি চিন্তনীয় হ’ব পাৰে। মঙলবাৰ দিনটোৰ বাবে কিছুমান নিয়ম হিন্দু শাস্ত্ৰত উল্লেখ কৰা হৈছে। ভগৱান হনুমান আৰু মংগল গ্ৰহক সন্তুষ্ট কৰিবলৈ মঙলবাৰে পৰিহাৰ কৰিবলগীয়া কিছু দিশৰ বিষয়েও শাস্ত্ৰত উল্লেখ আছে। জানো আহক এই বিষয়ে।

মঙলবাৰে এইবোৰ কাম নকৰিব

ঋণ নল’ব

মঙলবাৰে ধনৰ লেনদেন অশুভ বুলি গণ্য কৰা হয়। এই দিনটোত আৰ্থিক লেনদেন পৰিহাৰ কৰা উচিত। তদুপৰি মঙলবাৰে নতুন ঋণ লোৱাৰ পৰা বিৰত থাকিব লাগে। কোৱা হয় যে মঙলবাৰে নতুনকৈ ঋণ লোৱাটো ক্ষতিকাৰক হ’ব পাৰে। অৱশ্যে ঋণ পৰিশোধৰ বাবে এই দিনটো শুভ বুলি গণ্য কৰা হয়।

মাংস, মাছ, কণী, সুৰা খাব নালাগে

মঙলবাৰে মাংস, মাছ, কণী, মদ খোৱাটো অশুভ বুলি গণ্য কৰা হয়। এইবোৰ সেৱন কৰিলে মংগল গ্ৰহৰ ঋণাত্মক শক্তি বৃদ্ধি পায়। ইয়াৰ ফলত পাৰিবাৰিক সংঘাত আৰু মানসিক চাপৰ সৃষ্টি হ’ব পাৰে।

চুলি, দাড়ি, নখ কাটিব নালাগে

মঙলবাৰে চুলি, দাড়ি, নখ কাটিলেও অশুভ হিচাপে গণ্য কৰা নহয়। তেনে কৰিলে স্বাস্থ্য আৰু দীৰ্ঘায়ুৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। তেজৰ লগত জড়িত সমস্যাৰ লগতে হঠাতে কোনো সংকট আহিব পাৰে।

এইবোৰ কাম কৰক

মঙলবাৰে হনুমান চলিছা আৰু সুন্দৰকাণ্ড পাঠ কৰক। ৰঙা মচুৰ দাইল, গুড়, বা ৰঙা কাপোৰ দান কৰক। বান্দৰক গুড় খুৱাব লাগে। এই সকলোবোৰ কৰ্মই আপোনাৰ জীৱনলৈ মংগল গ্ৰহৰ আশীৰ্বাদ কঢ়িয়াই আনে।

বিশেষ দ্ৰষ্টব্যঃ এই লেখাত উল্লেখ কৰা তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু লোক বিশ্বাসৰ আধাৰত ভিত্তি কৰি দিয়া হৈছে। TV9 Assam- এ এনে কোনো তথ্য নিশ্চিত কৰা নাই।