আৰ্থিক সমস্যা, মানসিক অসন্তুষ্টিত ভুগিছে নেকি? শাওনত দান কৰক এই সামগ্ৰী, শিৱ হ’ব সন্তুষ্ট…
হিন্দু ধৰ্মত শাওন মাহৰ বিশেষ গুৰুত্ব আছে। কোৱা হয়, এই মাহটোত শিৱক পূজা কৰিলে মনৰ সকলো কামনা পূৰণ হয়। ইয়াৰোপৰি আপুনি এই মাহটোত কিছুমান বিশেষ বস্তু দান কৰিব পাৰে।

বৰ্তমান চলি আছে শাওন মাহ। এই মাহটো ভগৱান শিৱ আৰু মা পাৰ্বতীৰ নামত অৰ্পিত। ধৰ্মীয় মান্যতা অনুসৰি, এই মাহটোত শিৱৰ পূজা কৰিলে মনৰ সকলো ইচ্ছা পূৰণ হয়। বহুতে এই মাহটোত ব্ৰত ৰাখে। কোৱা হয়, এই মাহটোত শিৱক প্ৰিয় বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়। পূজাৰ লগত এই মাহটোত দানৰো বিশেষ গুৰুত্ব আছে। অসমীয়া পঞ্জিকা অনুসৰি ১৮ জুলাইৰ পৰা আৰম্ভ হৈছে শাওন মাহ, আৰু ই আগষ্টলৈ চলিব।
জ্যোতিষ শাস্ত্ৰ অনুসৰি শাওনৰ সোমবাৰত কিছুমান বিশেষ বস্তু দান কৰিলে মনৰ সকলো কামনা পূৰণ হয়। ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল-
শিৱলিংগঃ জ্যোতিষ শাস্ত্ৰ অনুসৰি, শাওনৰ সোমবাৰত কোনো মন্দিৰত ৰূপৰ শিৱ লিংগ দান কৰিব পাৰে। এনে কৰাৰ ফলত বিশেষ সফলতা লাভ কৰা যায়। যদি আপোনাৰ ৰূপৰ শিৱলিংগ দান কৰাত অসুবিধা হয় তেতিয়া অন্য শিৱলিংগও দান কৰিব পাৰে।
নাগ-নাগিনঃ জ্যোতিষ শাস্ত্ৰ অনুসৰি, আপোনাৰ কুণ্ডলীত যদি কালসৰ্প দোষ আছে তেন্তে সোমবাৰে নাগ-নাগিনৰ যোৰা দান কৰিব লাগে। এনে কৰিলে এনে দোষ নোহোৱা হয়।
চাউলঃ যদি আপোনাৰ চন্দ্ৰ দুৰ্বল তেন্তে সোমবাৰে কোনো দৰিদ্ৰ লোকক চাউল দান কৰিব পাৰে। ইয়াৰোপৰি পায়খ বনাই শিৱক অৰ্পন কৰিব পাৰে। পাছত ইয়াক প্ৰসাদ ৰূপে ভক্তৰ মাজত বিতৰণ কৰিব পাৰে। এনে কৰিলে শিৱৰ কৃপা লাভ কৰা যায়।
ৰুদ্ৰাক্ষঃ শাৰীৰিক আৰু মানসিক দিশৰ পৰা যদি আপুনি অশান্তিত আছে তেন্তে সোমবাৰে ৰুদ্ৰাক্ষ দান কৰিব পাৰে। ইয়াৰ ফলত এনে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।
গুড়ঃ যদি আপোনাৰ আৰ্থিক সমস্যাই দেখা দিছে তেন্তে সোমবাৰে কোনো দৰিদ্ৰজনক গুড় দান কৰিব পাৰে। ইয়াৰ ফলত ধনৰ লগত জড়িত সমস্যা দূৰ হয়।
তিলঃ যিসকল লোকে মানসিকভাৱে সমস্যা পাই আছে তেনে লোকসকলে তিল দান কৰিব পাৰে। ভগৱানক অৰ্পন কৰাৰ লগতে কোনো লোকৰ মাজত ইয়াক দান কৰিব পাৰে। ইয়াৰ ফলত মানসিক সমস্যা দূৰ হয় আৰু আত্মবিশ্বাস বৃদ্ধিত সহায় হয়।
ইয়াৰোপৰি আপুনি শাওনৰ সোমবাৰে শিৱৰ প্ৰিয় বস্তু যেনে, ধতুৰা, বগা ৰঙৰ ফুল আদি আগবঢ়াই পূজা কৰিব পাৰে। ইয়াৰোপৰি জলাভিষেক বা ৰুদ্ৰাভিষেক কৰিব পাৰে।
(অস্বীকাৰঃ এই লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্য টিভি৯ অসম-য়ে নিশ্চিত নকৰে।)
অন্য খবৰ পঢ়কঃ Sawan 2025: অত্যন্ত অশুভ! ভগৱান শিৱক ভুলতো অৰ্পন নকৰিব এই ফুল, হ’ব অসন্তুষ্ট, আহিব দুৰ্দশা…