শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভুলতো ফ্ৰীজত নাৰাখিব এইসমূহ ফল, ভয়ংকৰ পৰিণতি ভুগিব পাৰে আপুনি!

বহু লোকে একেলগে বহু ফল-মূল কিনে। যিবোৰ বাহিৰত ৰাখিলে সোনকালে বেয়া হৈ যায়। পচি যোৱাৰ সম্ভাৱনা থাকে। এই কাৰণেই ফল-মূল ফ্ৰীজত ৰখা হয়। কিন্তু সকলো ফল ফ্ৰীজত ৰখাটো ঠিক নহয়। যেনে কিছুমান ফল ফ্ৰীজত থৈ খাব নালাগে।

ভুলতো ফ্ৰীজত নাৰাখিব এইসমূহ ফল,  ভয়ংকৰ পৰিণতি ভুগিব পাৰে আপুনি!
প্ৰতীকী ছবিImage Credit source: Getty Images
trishna-kalita
Trishna Kalita | Updated On: 22 Jul 2025 14:39 PM

বহুতৰে ফল খোৱাৰ অভ্যাস আছে। এয়া এক ভাল অভ্যাস। কিন্তু তেওঁলোকে সতেজ ফল-মূল খাইছে বুলি কোনেও নিশ্চিতভাৱে ক’ব নোৱাৰে। সাধাৰণতে ফলমূল শীতল ভঁৰালত ৰখা হয়। তাৰ পৰা বজাৰলৈ আহে। আৰু তাৰ পিছত কাৰোবাৰ ডাইনিং টেবুলত থোৱা হয়। বহু লোকে একেলগে বহু ফল-মূল কিনে। যিবোৰ বাহিৰত ৰাখিলে সোনকালে বেয়া হৈ যায়। পচি যোৱাৰ সম্ভাৱনা থাকে। এই কাৰণেই ফল-মূল ফ্ৰীজত ৰখা হয়। কিন্তু সকলো ফল ফ্ৰীজত ৰখাটো ঠিক নহয়। যেনে কিছুমান ফল ফ্ৰীজত থৈ খাব নালাগে।

ফলবোৰ ফ্ৰীজত ৰখা হয় যাতে সতেজ হৈ থাকে। কিন্তু কিছুমান ফলৰ ক্ষেত্ৰত ই স্বাস্থ্যকৰ হোৱাৰ পৰিৱৰ্তে ‘বিষ’লৈ পৰিণত হ’ব পাৰে। তেনে ফলৰ বিষয়ে জানো আহক…

আপেল একেবাৰেই ফ্ৰীজত ৰাখিব নালাগে। ইয়াৰ ফলত সোনকালে কোমল হৈ পৰে। ফ্ৰীজৰ ঠাণ্ডাই আপেলৰ প্ৰাকৃতিক সোৱাদ নষ্ট কৰি পেলায়। যদি আপেল সম্পূৰ্ণ পকা নহয় তেন্তে কোঠাৰ উষ্ণতাত ৰখা ভাল। ফ্ৰীজত ৰাখিলে সোনকালে নষ্ট হ’ব পাৰে।

এতিয়া আমৰ বতৰ। ফলৰ ৰজাক এতিয়া প্ৰতিখন ঘৰতে দেখা যায়। অধিক আম আনি ফ্ৰীজত বহু সময় ধৰি খাবলৈ ৰখাৰ ধাৰণাটো নতুন নহয়। আম ফ্ৰীজত ৰাখিলে ইয়াৰ সোৱাদ নষ্ট হৈ যায়। আধা পকা আম ফ্ৰীজত ৰাখিলে সম্পূৰ্ণ পকিবলৈ বাধা দিব। আমো কোঠাৰ উষ্ণতাত ৰখাটো ভাল।

আন এটা ফল যিটো ফ্ৰীজত একেবাৰেই ৰাখিব নালাগে সেয়া হ’ল আনাৰস। ইয়াৰ প্ৰাকৃতিক সোৱাদ আৰু ৰসালতা নষ্ট হ’ব পাৰে। আনাৰস কটা অৱস্থাতহে ফ্ৰীজত ৰাখিব পাৰি।

কমলাৰ কথাও আমি পাহৰিব নালাগে। এই ফলখিনি কিছু সময় ফ্ৰীজত ৰাখিব পাৰি। কিন্তু বেছি দিন ৰাখিলে ইয়াৰ প্ৰাকৃতিক গুণ আৰু সোৱাদ নষ্ট হ’ব পাৰে। বৰং কমলা ফ্ৰীজৰ বাহিৰে ঠাণ্ডা ঠাইত ৰাখিব পাৰিলে ভাল।

অমিতা কেঁচা অৱস্থাত যেনেকৈ পাচলি হিচাপে ব্যৱহাৰ কৰিব পাৰি, পকা অমিতাও অতি উপযোগী ফল। কেঁচা বা আধাপকা অমিতা ফ্ৰীজত ৰাখিলে কেতিয়াও পকি নাযায়। পকা অমিতা ফ্ৰীজত ৰাখিলে ইয়াৰ সোৱাদ নষ্ট হ’ব পাৰে। অৱশ্যে কাটিলে বেলেগ কথা।