সন্তানৰ সুখ পাবলৈ শাওন মাহত শিৱক দান কৰক এইসমূহ সামগ্ৰী…বৃদ্ধি পাব সুখ-সমৃদ্ধি…
শাওন মাহত মহাদেৱে ভক্তৰ আশা পূৰণ কৰে বুলি কোৱা হয়। মানুহে বিশ্বাস কৰে যে, এই মাহত শিৱক কিছুমান বিশেষ বস্তু দান কৰিলে জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়।

শিৱ এনে এজন দেৱতা যিয়ে সহজে সন্তুষ্ট হয়। পবিত্ৰ শাওন মাহত মহাদেৱে ভক্তৰ আশা পূৰণ কৰে বুলি কোৱা হয়। মানুহে বিশ্বাস কৰে যে, এই মাহত যদি শিৱক কিছুমান বিশেষ বস্তু আগবঢ়োৱা হয়, তেন্তে ই জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়।
ইয়াৰে এটা পৰম্পৰা হ’ল শিৱক পাঁচ বিধ শস্য দান কৰা। এই দান কৰাৰ পাছত জীৱনৰ বহু সমস্যা আৰু বাধাৰ পৰা মুক্তি পোৱা যায়। সেই সমস্যাবোৰৰ ভিতৰত এটা হ’ল শিশুৰ সন্দৰ্ভত। এই শস্য শিৱক দান কৰাটো সন্তানৰ সুখৰ পৰা বঞ্চিতসকলৰ বাবে শুভ বুলি গণ্য কৰা হয় । গতিকে সন্তানৰ সুখ পাবলৈ শিৱক কি কি সামগ্ৰী দান কৰিব জানোঁ আহক।
চাউল
ভগৱান শিৱক এই মাহত চাইল দান কৰক। শাওন মাহত ভগৱান শিৱক চাউল অৰ্পণ কৰাটো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ভগৱান শিৱক চাউল অৰ্পণ কৰিলে ধন আৰু শস্য বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়।
ক’লা তিল
দ্বিতীয়তে ক’লা তিল। বিশ্বাস অনুসৰি, ভগৱান শিৱক ক’লা তিল অৰ্পণ কৰিলে জীৱনৰ বিকাৰ আৰু সমস্যাৰ পৰা মুক্ত হয়। জীৱনৰ পৰা নেতিবাচক শক্তি আঁতৰি যায়।
ঘেঁহু
ভগৱান শিৱক এমুঠি ঘেঁহু অৰ্পণ কৰিলে সাংসাৰিক সুখ বৃদ্ধি পায় আৰু এইটোও বিশ্বাস কৰা হয় যে, যদি আপুনি আপোনাৰ জীৱনত বিবাহ বা সন্তানৰ সৈতে জড়িত কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে ভগৱান শিৱক এমুঠি ঘেঁহু অৰ্পণ কৰিলে সেই সমস্যাবোৰৰ পৰা মুক্ত হ’ব। মনত ৰাখিব, এই ঘেঁহু পৰিষ্কাৰ হ’ব লাগে।
গোটা মগু
চতুৰ্থটো হৈছে গোটা মগু। ভগৱান শিৱক এমুঠি গোটা মগু মাহ আগবঢ়ালে জীৱনৰ ৰোগ আৰু দুখৰ পৰা মুক্ত হয় বুলি কোৱা হয়। সুখ আৰু সমৃদ্ধি বৃদ্ধি পায় । ই জীৱনত মানসিক শান্তি আনে আৰু প্ৰগতিৰ পথ মুকলি কৰে।
মাটি-দাইল
শাওন মাহত শিৱক এমুঠি মাটি-দাইল আগবঢ়োৱা হয়। ইয়াৰ দ্বাৰা ধন-সম্পত্তি, সমৃদ্ধি আৰু সুখ বৃদ্ধি পায় আৰু ই সকলো ধৰণৰ দুখ আঁতৰ কৰে বুলি বিশ্বাস কৰা হয়।
শিৱক এই সামগ্ৰী দান কৰাৰ সঠিক উপায়
এই দান আপুনি গোটেই শাওন মাহটোত কৰিব পাৰে বা যদি আপুনি কেৱল শাওন মাহৰ সোমবাৰে শিৱক এই সামগ্ৰী আগবঢ়াব বিচাৰে, তেন্তে সেইটোও কৰিব পাৰে। কিন্তু মনত ৰাখিব যে, এই পাঁচটা বস্তু একেলগে মিহলাই অৰ্পণ কৰা নহয়, বৰঞ্চ এই ৫ টা শস্য এটা এটাকৈ শিৱলিঙত আগবঢ়াব লাগিব। ইয়াৰ পিছত ঘিঁউ চাকি জ্বলাই নিজৰ ইচ্ছা পূৰণৰ বাবে প্ৰাৰ্থনা কৰিব।
স্পষ্টীকৰণ: এই প্ৰতিবেদন ধৰ্মীয় বিশ্বাসৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে। TV9 অসমীয়া কোনো কাৰণতে দায়ী নহয়।