পুৱা শুই উঠাৰ পাছত চকু-মুখ ফুলি উঠে নেকি? হ’ব পাৰে গুৰুতৰ ৰোগৰ কাৰণ, জানক…
পুৱা শুই উঠাৰ সময়ত বহুতৰে চকু-মুখ আদি ফুলা দেখা যায়। সকলো সময়তে ই সাধাৰণ নহ'ব পাৰে। ইয়াৰ আঁৰত কিছুমান ৰোগ লক্ষণ থাকিব পাৰে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

পুৱা সাৰ পাই উঠাৰ পাছত সামান্য চকু ফুলা সাধাৰণ কথা। কিন্তু চকুৰ লগতে চকু মুখৰ চাৰিওফালো ফুলে তেন্তে ইয়াক সহজভাৱে লোৱা ঠিক নহয়। ই আপোনাৰ স্বাস্থ্যৰ কোনো সমস্যাৰ ইংগিত হ’ব পাৰে। বহুতে ইয়াক টোপনিৰ অভাৱ, ৰাতি দেৰিকৈ শুৱা বা ভাগৰুৱা হোৱাৰ প্ৰভাৱ বুলি ভাবি আওকাণ কৰে, কিন্তু মুখ বা চকুত সঘনাই ফুলাটোও কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে।
ই শৰীৰৰ বিভিন্ন সমস্যাৰ ইংগিত দিয়ে। এলাৰ্জী, থাইৰয়ডৰ সমস্যা, বৃক্ক বিকল হোৱা বা যকৃতৰ সমস্যাৰ ফলত মুখ বা চকু ফুলিব পাৰে। পুৱা মুখ আৰু চকু ফুলাৰ আঁৰৰ কাৰণ কি হ’ব পাৰে আৰু কেতিয়া সজাগ হ’ব লাগে সেই বিষয়ে জনাইছে আৰ এম এল হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ পুলিন কুমাৰে।
১) বৃক্কৰ সমস্যা- বৃক্কে সঠিকভাৱে কাম নকৰিলে শৰীৰত থকা অতিৰিক্ত তৰল পদাৰ্থ আৰু বিষাক্ত পদাৰ্থ বাহিৰলৈ ওলাই আহিব নোৱাৰে। যাৰ প্ৰভাৱ মুখমণ্ডল আৰু চকুৰ চাৰিওফালে দেখা যায়। পুৱা মুখত ফুলাটো লুকাই থকা বৃক্কৰ ৰোগৰ প্ৰথম লক্ষণ হ’ব পাৰে।
২) থাইৰয়ডৰ সমস্যা (হাইপোথাইৰয়ডিজম)ঃ হাইপোথাইৰয়ডিজম অৰ্থাৎ থাইৰয়ড হৰম’নৰ অভাৱতো মুখমণ্ডল ফুলি উঠিব পাৰে। এই অৱস্থাত বিপাকীয় ক্ৰিয়া লেহেমীয়া হয় আৰু শৰীৰত তৰল পদাৰ্থ জমা হোৱা বৃদ্ধি পায়, যাৰ বাবে পুৱা চকু আৰু মুখখন ফুলি উঠা দেখা যায়।
৪) যকৃতৰ লগত জড়িত সমস্যাঃ যকৃতে সঠিকভাৱে কাম নকৰাৰ সময়ত প্ৰটিনৰ বিপাকীয় ক্ৰিয়াত ব্যাঘাত জন্মে, যাৰ ফলত শৰীৰত পানী জমা হ’বলৈ আৰম্ভ কৰে। এনে অৱস্থাত মুখ, চকু, ভৰি আদি ফুলিব পাৰে।
পৰিত্ৰাণৰ উপায়
- শোৱাৰ আগতে লঘু খাদ্য খাব।
- বেছি নিমখ নাখাব।
- পৰ্যাপ্ত পৰিমাণৰ পানী খাব ।
- মুখখন বৰফেৰে মালিচ কৰক।
- পৰ্যাপ্ত পৰিমাণে টোপনি যাওক।
- দিনত ঘাম ওলোৱালৈকে ব্যায়াম কৰক (শৰীৰ ক্ষমতা অনুসৰি)।
- যদি প্ৰতিদিনে পুৱা ফুলে, তেন্তে তেজৰ পৰীক্ষা, কিডনী ফাংচন টেষ্ট (KFT), থাইৰয়ড প্ৰফাইল আৰু লিভাৰ ফাংচন টেষ্ট (LFT) কৰাব লাগে।
- চিকিৎসকৰ পৰামৰ্শ লওক আৰু নিজাববীয়াকৈ ঔষধ গ্ৰহণ নকৰিব।
উল্লেখ্য যে,এই সমস্যা আওকান কৰা উচিত নহয়। অন্যথা পাছলৈ কোনো ডাঙৰ সমস্যা হ’ব পাৰে। গতিকে শৰীৰত পৰিবৰ্তন দেখিলে সেইবোৰক লৈ সজাগ হোৱা প্ৰয়োজন। এই বিষয়ে অধিক জানিবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।
অন্য খবৰ পঢ়কঃ অত্যাধিক ওজন বৃদ্ধি বা হ্ৰাস পোৱাৰ সমস্যাত ভুগিছে নেকি? বাবা ৰামদেৱে দিলে টিপছ…