শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ পদত্যাগ, সুস্বাস্থ্য কামনা প্ৰধানমন্ত্ৰী মোদীৰ, গৌৰৱ গগৈৰ প্ৰশ্ন চৰকাৰক

৭৪ বছৰীয়া জগদীপ ধনখড়ে ৩ বছৰ পূৰ্বে ২০২২ চনৰ আগষ্ট মাহত উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৭ চনলৈকে আছিল। কিন্তু সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতে ধনখড়ে পদত্যাগ কৰে।

উপ-ৰাষ্ট্ৰপতি ধনখড়ৰ পদত্যাগ, সুস্বাস্থ্য কামনা প্ৰধানমন্ত্ৰী মোদীৰ, গৌৰৱ গগৈৰ প্ৰশ্ন চৰকাৰক
জগদীপ ধনখড়Image Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 22 Jul 2025 13:42 PM

লোকসভাত বিৰোধীৰ উপ-দলপতি গৌৰৱ গগৈয়ে মঙলবাৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগক ‘আশ্চৰ্যজনক’ বুলি উল্লেখ কৰি কেন্দ্ৰক এই সন্দৰ্ভত পূৰ্বৰ কোনো তথ্য আছে নেকি সেয়া স্পষ্ট কৰিবলৈ কয়। উপ-ৰাষ্ট্ৰপতি পদৰ পৰিৱৰ্তনৰ পৰিকল্পনা সন্দৰ্ভতো চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছে গৌৰৱ গগৈয়ে।

এক্সত এটা পোষ্টত গৌৰৱ গগৈয়ে কয় যে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ পদত্যাগ আশ্বৰ্যজনক। পোষ্টটোত ধনখড়ৰ সুস্বাস্থ্যও কামনা কৰে গৌৰৱ গগৈয়ে।

তেওঁ লগতে কয়, “তেওঁলোকৰ পূৰ্বৰ তথ্য আছিল নেকি আৰু মসৃণ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে নেকি সেয়া স্পষ্ট কৰাটো কেন্দ্ৰীয় চৰকাৰৰ কাম। উপ-ৰাষ্ট্ৰপতিৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত কালি জ্যেষ্ঠ মন্ত্ৰীসকলৰ অনুপস্থিতিয়ে এতিয়া আৰু অধিক তাৎপৰ্য বহন কৰিছে।”

স্বাস্থ্যজনিত কাৰণত সোমবাৰে সন্ধিয়া ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পদত্যাগ কৰা বুলি কয়।

ধনখৰৰ সুস্বাস্থ্য কামনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰি কয়, “শ্ৰী জগদীপ ধনখৰ জীয়ে ভাৰতৰ উপ-ৰাষ্ট্ৰপতিকে ধৰি বিভিন্ন পদবীত আমাৰ দেশৰ সেৱাৰ বহু সুযোগ লাভ কৰিছে। তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ।”

২০২৭ চনলৈকে আছিল ধনখড়ৰ কাৰ্যকাল

ইফালে, জগদীপ ধনখড়ে স্বাস্থ্যজনিত কাৰণত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰাৰ এদিন পিছতে মঙলবাৰে ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশৰ অধ্যক্ষতাত সদনৰ পুৱাৰ কাৰ্যসূচী পৰিচালিত হয়। যিহেতু উপ-ৰাষ্ট্ৰপতি ৰাজ্যসভাৰ অধ্যক্ষ, সেয়েহে ধনখড়ে সাধাৰণতে দিনটোৰ আৰম্ভণিতে ৰাজ্যসভাৰ কাৰ্যবিধিৰ অধ্যক্ষতা কৰিছিল।

৭৪ বছৰীয়া জগদীপ ধনখড়ে ৩ বছৰ পূৰ্বে ২০২২ চনৰ আগষ্ট মাহত উপ-ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেওঁৰ কাৰ্যকাল ২০২৭ চনলৈকে আছিল। কিন্তু সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতে ধনখড়ে পদত্যাগ কৰে।

কিছুদিন পূৰ্বে তেওঁ দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স (এইমছ)ত এঞ্জিওপ্লাষ্টি কৰিছিল। চলিত বৰ্ষৰ মাৰ্চ মাহত তেওঁক কিছুদিনৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

অৱশ্যে হঠাৎ পদত্যাগক লৈ প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। কংগ্ৰেছে কয় যে ধনখড়ৰ এই পদত্যাগে তেওঁৰ বিষয়ে বহু কথাই কয় আৰু একে সময়তে তেওঁক উপ-ৰাষ্ট্ৰপতি পদলৈ অনাসকলৰ উদ্দেশ্যৰ ওপৰতো গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সংযোগ প্ৰভাৰী) জয়ৰাম ৰমেশে কয় যে কালি দিনৰ ১২:৩০ বজাত জগদীপ ধনখড়ে ৰাজ্যসভাৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ অধ্যক্ষতা কৰিছিল।

তাৰ পিছত দুপৰীয়া ১ বজাৰ পৰা ৪:৩০ বজাৰ ভিতৰত কিবা এটা ডাঙৰ ঘটনা হ’ল যে, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু কিৰেন ৰিজিজু ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকত উপস্থিত নহ’ল। নীতি-নিয়ম, শিষ্টাচাৰ আৰু বিধিৰ প্ৰতি তেওঁ অতি সজাগ আছিল আৰু তেওঁৰ মতে তেওঁৰ কাৰ্যকালত এই নিয়মসমূহ অহৰহ অৱজ্ঞা কৰা হৈছিল। বিৰোধীয়ে উত্থাপন কৰা প্ৰশ্নক লৈ চৰকাৰে বৰ্তমানলৈকে একো কোৱা নাই।