শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বহু সময় লঘোনে থাকিলে ওজন হ্ৰাস পায় নে বৃদ্ধি হয় ? ইয়াৰ ফলত কেনেধৰণৰ পাৰ্শ্বক্ৰিয়া হয় ? জানক

ওজন হ্ৰাস কৰা বা পেটৰ চৰ্বি কমোৱাৰ বাবে বহুতে লঘোনে থাকে বা উপবাসে থাকিবলৈ লয়। প্ৰকৃততে এই অভ্যাসে আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰেনে? ইয়াৰ পাৰ্শ্বক্ৰিয়া কি? জানক।

বহু সময় লঘোনে থাকিলে ওজন হ্ৰাস পায় নে বৃদ্ধি হয় ? ইয়াৰ ফলত কেনেধৰণৰ পাৰ্শ্বক্ৰিয়া হয় ? জানক
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 22 Jul 2025 15:11 PM

প্ৰায় সংখ্যক লোকে বিশ্বাস কৰে যে, উপবাসে বা বহু সময় লঘোনে থাকিলে ওজন হ্ৰাস কৰিব পাৰি। কিন্তু বিশেষজ্ঞসকলৰ মতে, যেতিয়া আপুনি উপবাসে থাকে, তেতিয়া আপোনাৰ শৰীৰে শক্তি সংৰক্ষণৰ বাবে বিপাকীয় ক্ৰিয়া লেহেমীয়া কৰে। ইয়াৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে। গতিকে খাদ্য এৰি দিয়াৰ পৰিৱৰ্তে সুষম, সময়মতে খাদ্য খোৱাটো ওজন নিয়ন্ত্ৰণ আৰু হজম শক্তি বৃদ্ধিৰ এক স্বাস্থ্যসন্মত আৰু ফলপ্ৰসূ উপায় বুলি কোৱা হয়।

অধিক ভোকত থকাৰ পাৰ্শ্বক্ৰিয়া

যেতিয়া আপুনি বেছি সময় নাখায় তেতিয়া আপোনাৰ শৰীৰে ভোকত থকা বুলি ভাবে। আপোনাক সুৰক্ষা দিবলৈ ই আপোনাৰ বিপাকীয় ক্ৰিয়া লেহেমীয়া কৰে। ইয়াৰ ফলত ওজন কমাবলৈ অধিক কঠিন হৈ পৰে।

খাদ্য অবিহনে দীঘলীয়া সময় থাকিলে আপোনাৰ শৰীৰে পেটৰ চাৰিওফালে অধিক চৰ্বি জমা কৰি ৰাখিব পাৰে। এই চৰ্বি আপোনাৰ অংগসমূহৰ চাৰিওফালে মেৰিয়াই ধৰে আৰু ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ সমস্যাৰ দৰে ৰোগৰ সৃষ্টি কৰিব পাৰে। একেদৰে যদি আপোনাৰ পেট বেছি সময় খালী হৈ থাকে তেন্তে আপোনাৰ তেজৰ চুগাৰৰ মাত্ৰা কমি যায়।

যেতিয়া আপুনি অত্যধিক ভোকত থাকে, তেতিয়া আপুনি অতিমাত্ৰা খাদ্য গ্ৰহণ কৰাৰ সম্ভাৱনা বেছি হয়। ইয়াৰ ফলত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। খাদ্যৰ অভাৱ আৰু শক্তি কম হোৱাৰ এক চক্ৰৰ সৃষ্টি হয়।

ভোকৰ ফলত কৰ্টিছল নামৰ মানসিক চাপৰ হৰম’ন নিৰ্গত হয়। উচ্চ কৰ্টিছলে আপোনাৰ শৰীৰত পেটৰ চৰ্বি জমা কৰি ৰাখে। আয়ুৰ্বেদত কোৱা হৈছে, ভোকত থকাৰ ফলত পেট ফুলা, গেছ আৰু বদহজমৰ সমস্যা হোৱাৰ সম্ভৱনা থাকে। খালী পেটত থাকিলে মনৰ উদ্বেগ, খিংখিঙীয়া, মনোযোগক প্ৰভাৱিত কৰিব পাৰে।

পেটৰ চৰ্বি কমোৱাৰ বাবে কিছুমান সহজ টিপছ

নিয়মীয়াকৈ আহাৰ গ্ৰহণ কৰক। ব্ৰেকফাষ্ট এৰিব নালাগে বা ঘণ্টাৰ পিছত ঘণ্টা ভোকত থাকিব নালাগে। প্ৰতি ৪-৫ ঘণ্টাৰ মূৰে মূৰে খাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ বিপাকীয় ক্ৰিয়া সক্ৰিয় হৈ থাকে।

দিনটো গৰম পানীৰে আৰম্ভ কৰক। ৰাতিপুৱা নেমু বা বনৌষধি চাহৰ সৈতে গৰম পানী খালে হজম শক্তি সক্ৰিয় হয়।

সুষম আহাৰ বাছি লওক। এনে খাদ্য খাওক যিয়ে আপোনাক শক্তি প্ৰদান কৰে আৰু আপোনাৰ পেট ভৰি থাকে।

খাদ্যৰ তালিকাত, গোটা শস্য, সতেজ ফলমূল আৰু শাক-পাচলি, প্ৰটিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰক।

খাদ্য খোৱাৰ পিছত খোজ কঢ়াৰ অভ্যাস কৰক। খাদ্য খোৱাৰ পিছত অলপ খোজ কাঢ়িলে শৰীৰে খাদ্য ভালদৰে হজম কৰাত সহায় কৰে আৰু চৰ্বি জমা হোৱাত বাধা দিয়ে।