শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নতুন বছৰ সোমোৱাৰ পূৰ্বে ঘৰৰ পৰা আঁতৰাই ৰাখক এইসমূহ সামগ্ৰী, অন্যথা নামিব পাৰে সংকট

এই অপ্ৰয়োজনীয় সামগ্ৰীসমূহ আঁতৰাই নাৰাখিলে নতুন বছৰত আৰ্থিক সমস্যা বৃদ্ধি পাব পাৰে। লগতে ঘৰৰ এই সামগ্ৰীসমূহ আপোনাৰ প্ৰগতিৰ পথৰ বাধা হৈ পৰিব পাৰে। গতিকে, নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বে কোনবোৰ সামগ্ৰী আঁতৰাই পেলাব লাগে জানো আহক।

নতুন বছৰ সোমোৱাৰ পূৰ্বে ঘৰৰ পৰা আঁতৰাই ৰাখক এইসমূহ সামগ্ৰী, অন্যথা নামিব পাৰে সংকট
বাস্তু বিধানImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 21 Dec 2025 16:24 PM

নতুন বৰ্ষ ২০২৬ চনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন। সাধাৰণতে এটা বৰ্ষ বিদায় দি আন এটা নতুন বৰ্ষ আদৰাৰ সময়ত প্ৰতিজন ব্যক্তিয়েই মনত কিছু ইতিবাচক আশা পুহি ৰাখে। এটা নতুন বছৰে সমৃদ্ধি আৰু নতুন সুযোগ কঢ়িয়াই আনিব বুলি সকলোৱে আশা কৰে। কিন্তু কিছুমান সৰু সৰু ভুলৰ বাবে মনত এই আশাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে। বাস্তু শাস্ত্ৰত এনে বহু ভুলৰ বিষয়ে সকীয়াই দিয়া হৈছে। বাস্তু মতে নৱবৰ্ষৰ পূৰ্বে ঘৰৰ পৰা অপ্ৰয়োজনীয় কিছুমান সামগ্ৰী আঁতৰাই পেলাব লাগে।

এই অপ্ৰয়োজনীয় সামগ্ৰীসমূহ আঁতৰাই নাৰাখিলে নতুন বছৰত আৰ্থিক সমস্যা বৃদ্ধি পাব পাৰে। লগতে ঘৰৰ এই সামগ্ৰীসমূহ আপোনাৰ প্ৰগতিৰ পথৰ বাধা হৈ পৰিব পাৰে। গতিকে, নতুন বছৰ আৰম্ভ হোৱাৰ পূৰ্বে কোনবোৰ সামগ্ৰী আঁতৰাই পেলাব লাগে জানো আহক।

ভঙা ঘড়ী

বাস্তু মতে ঘৰৰ পৰা ভঙা বা অচল ঘড়ী আঁতৰাই পেলাব লাগে, বা সময় সঠিক কৰি ৰাখিবলৈ পুনৰ সক্ৰিয় কৰিব লাগে। বন্ধ ঘড়ী ঘৰত ৰাখিব নালাগে। ইয়াৰ ফলত জীৱনৰ প্ৰগতিৰ পথত বাধাৰ সৃষ্টি হ’ব পাৰে আৰু আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি বিশ্বাস কৰা হয়।

শুকান আৰু মৰহি যোৱা উদ্ভিদ

কেতিয়াও শুকান আৰু মৰহি যোৱা গছ-গছনি ঘৰত ৰাখিব নালাগে। শুকান আৰু মৰহি যোৱা গছ-গছনিয়ে ঘৰলৈ নেতিবাচক প্ৰভাৱ কঢ়িয়াই আনে। পৰিয়ালৰ সদস্যসকলৰ আৰ্থিক অগ্ৰগতিতো বাধা আহিব পাৰে। গতিকে নৱবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰৰ পৰা এনে উদ্ভিদ আঁতৰাই পেলাওক।

ভঙা মূৰ্তি

ঘৰত আৰাধ্য দেৱ-দেৱতাৰ ভঙা মূৰ্তি কেতিয়াও নাৰাখিব। এনে মূৰ্তিয়ে ঘৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে এনে মূৰ্তি কোনো মন্দিৰত বা আঁহত গছৰ তলত ৰাখক। নতুন বছৰৰ পূৰ্বে ঘৰলৈ নতুন মূৰ্তি আনিলে শুভ ফল পাব।

ভঙা কাঁচ

ভঙা কাঁচ বা ভঙা কাঁচৰ বাচন ঘৰত কেতিয়াও নাৰাখিব। বাস্তু মতে ঘৰৰ কাঁচ ভাঙিলে সমস্যাৰ সৃষ্টি হ’ব পাৰে। ঘৰত ভঙা কাঁচ থাকিলে আৰ্থিক অসুবিধাৰ সৃষ্টি হ’ব পাৰে। তদুপৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে।

বেয়া ঝাড়ু

ঝাড়ু লক্ষ্মী দেৱীৰ প্ৰতীক হিচাপে গণ্য কৰা হয়, গতিকে কেতিয়াও ঘৰত বেয়া হৈ পৰা ঝাড়ু ঘৰত নাৰাখিব। ইয়াৰ ফলত লক্ষ্মী দেৱী ৰুষ্ট হয় আৰু ঘৰখনৰ পৰা আঁতৰি যায় বুলি বিশ্বাস কৰা হয়।