শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মা লক্ষ্মীৰ ১৮ খন হাত ! কোন ঠাইত দেৱীৰ এই ৰূপক পূজা কৰা হয় ? জানেনে

এইবাৰ দেখা গ’ল মা লক্ষ্মীৰ ১৮ খন হাত। প্ৰত্যকখন হাততে আছে বিভিন্ন ধৰণৰ অস্ত্ৰ। লক্ষ্মী পূজাৰ দিনটোত এই প্ৰতিমা দেখা পাব মালদাৰ বামনগোলাত।

মা লক্ষ্মীৰ ১৮ খন হাত ! কোন ঠাইত দেৱীৰ এই ৰূপক পূজা কৰা হয় ? জানেনে
লক্ষ্মী পূজা
manas-borah
Manas Borah | Published: 07 Oct 2025 14:50 PM

মা লক্ষ্মীৰ হাতত অস্ত্ৰ! এই দৃশ্য বা মূৰ্তি সচৰাচৰ দেখা নাযায়। সাধাৰণতে প্ৰত্যেক ঘৰত পূজা কৰা লক্ষ্মী মূৰ্তিৰ দুখন হাত থাকে। এহাতত কলহ আৰু আনখন হাতত অভয় মুদ্ৰা, যাক আশীৰ্বাদৰ প্ৰতীক বুলি কোৱা হয়। কিন্তু এইবাৰ দেখা গ’ল মা লক্ষ্মীৰ ১৮ খন হাত। প্ৰত্যকখন হাততে আছে বিভিন্ন ধৰণৰ অস্ত্ৰ। লক্ষ্মী পূজাৰ দিনটোত এই প্ৰতিমা দেখা পাব মালদাৰ বামনগোলাত।

মালদাৰ বামনগোলাৰ সাৰদা তীৰ্থ আশ্ৰমত ১৮ খন হাতৰ মহালক্ষ্মীৰ পূজা কৰা হয়। লক্ষ্মীক সাৰদা তীৰ্থ আশ্ৰমত ২৬ বছৰ ধৰি মহাশক্তি হিচাপে পূজা কৰি অহা হৈছে। এই লক্ষ্মী প্ৰতিমাত দুবাৰ পূজা কৰা হয়। ৰাতি লক্ষ্মী দেৱীক কোজাগৰী আৰু লক্ষ্মীৰ ৰূপত পূজা কৰা হয়। ২৬ বছৰ ধৰি চলি অহা প্ৰাচীন নিয়ম মানি কোজাগৰী পূৰ্ণিমাৰ দিনা এইদৰে দেৱী লক্ষ্মীক পূজা কৰি অহা হৈছে।

সংশ্লিষ্ট আশ্ৰমৰ স্বামী আত্মপ্ৰেনন্দ মহাৰাজে কয় যে, এই আশ্ৰমখন ১৯৯৮ চনত প্ৰতিষ্ঠা কৰা হৈছিল। তেতিয়াৰ পৰা অৰ্থাৎ ১৯৯৯ চনৰ পৰা তেওঁ এই পূজা আৰম্ভ কৰিছে। ইয়াত দেৱীৰ এখন হাতত চক্ৰ থকাৰ লগতে অন্য হাতত ত্ৰিশূল, গদা, ধনু-কাঁড়, কুঠাৰ, পদুম, শংখ আদি অস্ত্ৰ আছে। অসুৰক বধ কৰাৰ বাবে তেওঁ এই ৰূপ লোৱা বুলি বিশ্বাস কৰা হয়। ইফালে, পূজাৰ ৰীতি-নীতিৰো আছে ভিন্নতা।

কোজাগৰী পূৰ্ণিমাৰ নিশা ১৬টা ভিন্ন ৰীতি-নীতিৰে পূজা কৰা হয়। পূজাৰ দিনটোত বস্ত্ৰ, আলতাৰ লগতে বিভিন্ন সামগ্ৰী দি পূজা কৰা হয়। যজ্ঞত ১০৮ টা বেল পাত আগবঢ়োৱা হয় দেৱীক। পূজাৰ প্ৰসাদৰ ভিতৰত আছে পাঁচ প্ৰকাৰৰ ভজা খাদ্য, তিনি প্ৰকাৰৰ তৰকাৰী, দালি আৰু মিঠাই। এই পূজা চাবলৈ দূৰ-দূৰণিৰ পৰা অহা ভক্তই ভিৰ কৰা দেখা যায়।

আশ্ৰম কৰ্তৃপক্ষৰ মতে ইয়াত দেৱীক লক্ষ্মী, মা দুৰ্গা, চণ্ডী ৰূপীকে ধৰি বিভিন্ন ৰূপত পূজা কৰা হয়। গতিকে কাল্পনিক চিন্তাৰে ইয়াত ১৮ খন হাত থকা দেৱীক পূজা কৰা হয়।