শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিশ্বৰ শ্ৰেষ্ঠ বেংক SBI! আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিলে স্বীকৃতি

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই বিশেষ সন্মান লাভ কৰাৰ পিছত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ অধ্যক্ষ, সাল্লা শ্ৰীনিবাসুলু চেট্টীয়ে। এই স্বীকৃতি বেংকৰ দৈনন্দিন প্ৰতিশ্ৰুতিৰ প্ৰতি সন্মান আখ্যা দিছে ষ্টেট বেংকৰ অধ্যক্ষগৰাকীয়ে।

বিশ্বৰ শ্ৰেষ্ঠ বেংক SBI! আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিলে স্বীকৃতি
ভাৰতীয় ষ্টেট বেংকImage Credit source: Ashish Vaishnav/SOPA Images/LightRocket via Getty Images
monjit-dutta
Monjit Dutta | Published: 25 Oct 2025 09:49 AM

ষ্টেট বেংক অৱ ইণ্ডিয়া, চমুকৈ SBI- এ লাভ কৰিছে এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় সন্মান। নিউয়ৰ্কৰ ‘গ্ল’বেল ফাইনেঞ্চ’ আলোচনীয়ে ভাৰতীয় ষ্টেট বেংকক ‘বিশ্বৰ শ্ৰেষ্ঠ গ্ৰাহক বেংক’ বা ২০২৫ চনৰ বিশ্বৰ শ্ৰেষ্ঠ উপভোক্তা বেংক হিচাপে স্বীকৃতি প্ৰদান কৰিছে। বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (IMF) বাৰ্ষিক বৈঠকৰ সময়ত এই বঁটা ঘোষণা কৰা হৈছিল। ইয়াৰ সমান্তৰালকৈ ষ্টেট বেংক অৱ ইণ্ডিয়াই চলিত ২০২৫ চনৰ ভাৰতৰ শ্ৰেষ্ঠ বেংকৰ খিতাপো লাভ কৰিছে।

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই বিশেষ সন্মান লাভ কৰাৰ পিছত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ অধ্যক্ষ, সাল্লা শ্ৰীনিবাসুলু চেট্টীয়ে। এই স্বীকৃতি বেংকৰ দৈনন্দিন প্ৰতিশ্ৰুতিৰ প্ৰতি সন্মান আখ্যা দিছে ষ্টেট বেংকৰ অধ্যক্ষগৰাকীয়ে।

বৰ্তমান সময়ত ষ্টেট বেংকে ৫২ কোটি গ্ৰাহকক সেৱা আগবঢ়ায় বুলি সাল্লা শ্ৰীনিবাসুলু চেট্টীয়ে উল্লেখ কৰিছে। ইয়াৰ উপৰিও প্ৰতিদিনে ৬৫ হাজাৰ নতুন গ্ৰাহক ষ্টেট বেংকৰ সৈতে সংযোজন হয় বুলি অধ্যক্ষগৰাকীয়ে সদৰী কৰে।

বৰ্তমান ষ্টেট বেংকে ‘ডিজিটেল ফাৰ্ষ্ট, কনজিউমাৰ ফাৰ্ষ্ট’ নীতি মানি চলে। প্ৰায় ১০ কোটি গ্ৰাহকে ষ্টেট বেংকৰ মোবাইল এপ্লিকেচন ব্যৱহাৰ কৰে। ইয়াৰে দৈনিক সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা প্ৰায় ১ কোটি।

এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা এই বঁটাই ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিশ্বব্যাপী বেংকিং ব্যৱস্থাত উদ্ভাৱন আৰু গ্ৰাহক সেৱাৰ প্ৰতি থকা দায়বদ্ধতাক অধিক পৰিস্ফুত কৰি তুলিছে বুলি ক’ব পাৰি।

ইয়াৰ সমান্তৰালকৈ ষ্টেট বেংকে লাভ কৰা এই সন্মানে সামগ্ৰিকভাৱে ভাৰতীয় বেংকিং খণ্ডকো গৌৰৱান্বিত কৰা বুলিব পাৰি। এই সন্মানৰ পিছত এতিয়া অনাগত সময়ত ষ্টেট বেংকৰ দায়বদ্ধতা স্বাভাৱিকতেই বৃদ্ধি পাব।