উপাৰ্জনৰ তুলনাত খৰচ বেছি হৈছে নেকি? তুলসী গছৰ এই প্ৰতিকাৰ কৰক…
Tulsi Plant: এফালে ধৰ্মীয় বিশ্বাস যেনেকৈ তুলসী গছৰ লগত জড়িত, এই গছজোপা অৰ্থনৈতিক সমৃদ্ধিৰ লগত জড়িত। তদুপৰি তুলসী গছৰ প্ৰতিটো অংশৰ স্বাস্থ্যসন্মত গুণৰ বিষয়ে কোনেও অজ্ঞাত নহয়। অতীজৰে পৰা স্বাস্থ্য খণ্ডত তুলসীৰ ব্যৱহাৰ লক্ষ্যণীয়।

হিন্দু ধৰ্মত তুলসী গছ অতি গুৰুত্বপূৰ্ণ। তুলসী গছৰ এক বেলেগ মহত্ব আছে। তুলসী গছক সদায় অতি পবিত্ৰ বুলি গণ্য কৰা হৈছে। লক্ষ্মী দেৱী তুলসী গছত বাস কৰে বুলি বিশ্বাস কৰা হয়। ফলত যিসকল লোকৰ হাতত বেছি ধন নাই আৰু যিসকলৰ খৰচ তেওঁলোকৰ উপাৰ্জনৰ তুলনাত বেছি, তেওঁলোকে তুলসী গছত কিছু প্ৰতিকাৰ কৰিব পাৰে। ইয়াৰ ফলত অতি কম সময়ৰ ভিতৰতে ফলাফল লাভ কৰিব।
এফালে ধৰ্মীয় বিশ্বাস যেনেকৈ তুলসী গছৰ লগত জড়িত, এই গছজোপা অৰ্থনৈতিক সমৃদ্ধিৰ লগত জড়িত। তদুপৰি তুলসী গছৰ প্ৰতিটো অংশৰ স্বাস্থ্যসন্মত গুণৰ বিষয়ে কোনেও অজ্ঞাত নহয়। অতীজৰে পৰা স্বাস্থ্য খণ্ডত তুলসীৰ ব্যৱহাৰ লক্ষ্যণীয়। ইয়াৰ লগতে এই গছজোপাৰ ওপৰত বিশ্বাস অধিক বাঢ়ি গৈ আছে।
বহুতে বিশ্বাস কৰে যে যিহেতু তুলসী গছত দেৱী লক্ষ্মী বাস কৰে, গতিকে নিয়মিতভাৱে তুলসী গছ পূজা কৰা ঘৰৰ সদস্যসকলৰ ওপৰত লক্ষ্মী দেৱীৰ আশীৰ্বাদ থাকে। তদুপৰি তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়। বিষ্ণুৰ নৈবাদ্যত তুলসী পাত দিয়া হয়। এই কাম কৰিলে ভগৱান বিষ্ণু সন্তুষ্ট হয় বুলি বিশ্বাস আছে।
জ্যোতিষ শাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা তুলসী বহু গ্ৰহৰ সৈতে সম্পৰ্কিত। ফলত তুলসীক শুদ্ধকৈ পূজা কৰিলে কেইবাটাও ৰাশিৰ লোকৰ ওপৰত থকা অশুভ গ্ৰহৰ দোষবোৰ দূৰ হয়। বহুতে বিশ্বাস কৰে যে তুলসী পাত গা ধোৱা পানীত পেলাই দিলে বা তুলসী গছৰ সন্মুখত চাকি জ্বলালে ঋণৰ পৰা মুক্তি পাব। ইয়াৰ বাহিৰেও নিয়মিতভাৱে তুলসী পূজা কৰিলে ঘৰৰ পৰিৱেশ শুদ্ধ হয় আৰু সুখ আৰু শান্তি অব্যাহত থাকে।
সবিশেষ: ছেপ্টেম্বৰ মাহত এইসকল লোকৰ উন্নত হ’ব আৰ্থিক অৱস্থা, লাভ কৰিব মা লক্ষ্মীৰ কৃপা!
(টোকা – এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ জ্যোতিষ শাস্ত্ৰৰ পৰা পোৱা তথ্য। এই ক্ষেত্ৰত TV9 Assam-এ কোনো দায়িত্ব বহন নকৰে।)