শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জয়া বচ্চনৰ বাবে ঘৰ এৰিছিল নেকি অমিতাভৰ পিতৃ-মাতৃয়ে?

জয়া বচ্চনৰ বাবে ঘৰ এৰিছিল নেকি অমিতাভৰ পিতৃ-মাতৃয়ে?

Trishna Kalita
Trishna Kalita | Published: 03 Sep 2025 21:45 PM

‘দৈনিক ভাস্কৰ’ক দিয়া এক সাক্ষাৎকাৰত প্ৰয়াত ৰাজনীতিবিদগৰাকীয়ে দাবী কৰিছিল যে জয়াৰ বাবেই অমিতাভৰ পিতৃ-মাতৃয়ে গোটেই জীৱন সুকীয়া ঘৰত বাস কৰিছিল। ইয়াৰ পূৰ্বে অমিতাভৰ পিতৃ-মাতৃ ক্ৰমে হৰিবংশ ৰায় বচ্চন আৰু তেজী বচ্চনে দিল্লীত বাস কৰিছিল।

জয়া বচ্চনক লৈ আলোচনাৰ অন্ত নাই। তেওঁৰ স্বভাৱ, ঐশ্বৰ্য-অভিষেকৰ লগত সম্পৰ্ক ভাল নহয় নেকি? এনে বহু বিষয় চৰ্চালৈ আহি থাকে। কিন্তু আপুনি জানেনে যে সমাজবাদী পাৰ্টিৰ এজন সুপৰিচিত ৰাজনীতিবিদ অমৰ সিঙে এসময়ত জয়াক লৈ বিস্ফোৰক মন্তব্য কৰিছিল। তেওঁ সংবাদ মাধ্যমৰ সন্মুখত মুকলিকৈ কৈছিল যে জয়াৰ শাহুৱেক আৰু শহুৰেকৰ লগত একেবাৰে মিল নাই।