৫৩ বছৰৰ বিদেশীৰ বোজা জাপি অসমক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচিছে কেন্দ্ৰই: লুৰীণজ্যোতি গগৈ
গৃহ মন্ত্ৰণালয়ে নাগৰিকত্ব সংশোধনী আইনৰ ভিত্তি বৰ্ষ ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাক লৈ ক্ষোভ প্ৰকাশ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। এই আইন অসমত ৰূপায়ন নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ দাবী উত্থাপন কৰে লুৰীণজ্যোতি গগৈয়ে।
কেন্দ্ৰৰ গৃহ মন্ত্ৰণালয়ে নাগৰিকত্ব সংশোধনী আইনৰ ভিত্তি বৰ্ষ ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়া দেখা গৈছে। অসমৰ বিৰোধী দলসমূহে কেন্দ্ৰৰ এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰিছে। এই সন্দৰ্ভত কেন্দ্ৰক তীব্ৰ সমালোচনা কৰিছে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।
সংবাদ মাধ্যমৰ আগত অজাপৰ সভাপতিগৰাকীয়ে কয় যে, অসমৰ জনগণে যিটো শংকা কৰিছিল, যিটো সন্দেহ কৰিছিল, কা বিৰোধী গণ আন্দোলনৰ সময়তে অসমৰ জনসাধাৰণে কৈছিল যে ৪৩ বছৰৰ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিয়া হৈছে। এতিয়া পুনৰ ১০ বছৰৰ ম্যাদ বৃদ্ধি কৰি ৫৩ বছৰৰ বিদেশীৰ বোজা জাপি দি অসমৰ ভৱিষ্যত নিঃশেষ কৰিবৰ কাৰণে দিল্লীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে। গণ আন্দোলনক ভেঙুচালি কৰি প্ৰথমে কা আইনখন অসমক জাপি দিয়া হৈছিল। এতিয়া পুনৰ দহ বছৰৰ বোজা জাপি দিয়া হৈছে। অসমৰ খিলঞ্জীয়া মানুহক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ বাবে এই ষড়যন্ত্ৰ কৰা হৈছে।
তেওঁ লগতে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২১ চনৰ নিৰ্বাচনৰ আগত কৈছিল ২০১৪ চনলৈকে সময়সীমা চীল-মোহৰ মাৰি দিয়া হ’ল, আৰু বিদেশীৰ বোজা অসমে ল’ব নালাগে। কিন্তু এই আইনৰ যোগেদি বাট মুকলি কৰি দিয়া হৈছে। এই আইন অসমত ৰূপায়ন নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ দাবী উত্থাপন কৰে লুৰীণজ্যোতি গগৈয়ে।
উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ম্যাদ বৃদ্ধি কৰা হৈছে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনৰ সময়সীমাৰ। এই আইন গৃহীত কৰাৰ সময়ত আবেদনৰ বাবে সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰ। কিন্তু এতিয়া এই সময়সীমা ১০ বছৰ বৃদ্ধি কৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰ কৰা হৈছে। কেৱল অ-মুছলিম অনুপ্ৰৱেশকাৰীয়েহে লাভ কৰিব এই সুবিধা। অৰ্থাৎ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতলৈ অহা অ-মুছলমান অনুপ্ৰৱেশকাৰীয়ে আবেদন কৰিব পাৰিব ভাৰতীয় নাগৰিকত্বৰ বাবে।