Do you know what percentage of the son-in-law has rights over the property of Father in Law | Do you know what percentage of the son-in-law has rights over the property of Father in law Assam news - Assam Tv9

শহুৰৰ সম্পত্তিৰ ওপৰত জোঁৱাইৰ অধিকাৰ কিমান শতাংশ থাকে জানেনে আপুনি ?

Edited By: 

Barasha Misra | Updated On: 31 Jan 2025 | 02:41 PM

কোনো জোঁৱায়ে শহুৰৰ সম্পত্তিৰ অংশ লাভ কৰিব পাৰেনে ? এই ক্ষেত্ৰত আইনে কি কয় জানো আহক-

1 / 7শহুৰৰ ঘৰত জোঁৱাইৰ আদৰ অলপ বেছি । বিশেষকৈ শহুৰৰ ঘৰলৈ জোঁৱাই গ'লে শাহু আৰু খুৰশালীয়ে অলপ বেছি মৰম আৰু আপদাল কৰা দেখা যায় । ভিন ভিন ব্যঞ্জনেৰে জোঁৱাইক এসাজ খুৱাবলৈ শাহুৱে বৰ আনন্দ পায় । জোঁৱায়ে ভালপোৱা বস্তুবোৰ ৰান্ধি খুওৱাত ব্যস্ত হৈ পৰে শাহু-খুৰশালী সকলো । আকৌ উভতি যোৱাৰ পৰত গামোচা এখন বা আন কোনো বস্ত্ৰৰে মৰম যঁচাৰ পৰম্পৰাতো আছেই । এইবোৰ আমাৰ চিৰ পৰিচিত দৃশ্য ।

শহুৰৰ ঘৰত জোঁৱাইৰ আদৰ অলপ বেছি । বিশেষকৈ শহুৰৰ ঘৰলৈ জোঁৱাই গ'লে শাহু আৰু খুৰশালীয়ে অলপ বেছি মৰম আৰু আপদাল কৰা দেখা যায় । ভিন ভিন ব্যঞ্জনেৰে জোঁৱাইক এসাজ খুৱাবলৈ শাহুৱে বৰ আনন্দ পায় । জোঁৱায়ে ভালপোৱা বস্তুবোৰ ৰান্ধি খুওৱাত ব্যস্ত হৈ পৰে শাহু-খুৰশালী সকলো । আকৌ উভতি যোৱাৰ পৰত গামোচা এখন বা আন কোনো বস্ত্ৰৰে মৰম যঁচাৰ পৰম্পৰাতো আছেই । এইবোৰ আমাৰ চিৰ পৰিচিত দৃশ্য ।

2 / 7

জোঁৱাইৰ মন ভৰি যোৱাকৈ শহুৰৰ ঘৰত আপ্যায়ন কৰা হয় । সাধাৰণতে অলপ বেছিকৈয়ে শহুৰৰ ঘৰত মৰম বোটলা জোঁৱাইৰ ক্ষেত্ৰত আইনে কি কয় ? কোনো জোঁৱায়ে শহুৰৰ সম্পত্তিৰ অংশ লাভ কৰিব পাৰেনে ? বিবাহ বিচ্ছেদ সময়ত এগৰাকী পত্নীয়ে যেনেকৈ স্বামীৰ সম্পত্তিৰ অংশ দাবী কৰিব পাৰে, ঠিক তেনেকৈ এজন জোঁৱায়ে শহুৰৰ সম্পত্তি দাবী কৰাৰ নিয়ম আছে নেকি ?

3 / 7

শেহতীয়াকৈ মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ত এটা গোচৰ বিচাৰ চলাৰ সময়ত এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ পৰ্যৱেক্ষণ কৰে বিচাৰকে। ঘটনাটো মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ। ভূপালৰ বাসিন্দা দিলীপে তেওঁৰ শহুৰৰ ঘৰত বাস কৰে।

4 / 7

কিন্তু শহুৰৰ পৰিয়ালৰ লোকৰ সৈতে মনোমালিন্য হোৱাৰ পাচতে তেওঁলোকে দিলীপক ঘৰৰ পৰা ওলাই যাবলৈ কয় । কিন্তু ওলাই যা বুলিলেই ওলাই যাবনে ! ওলোটাই শহুৰৰ সম্পত্তিৰ ওপৰত অধিকাৰ দাবী কৰিলে দিলীপে ।

5 / 7

এনে পৰিস্থিতিত দিলীপৰ শাহুৱেক আদালতৰ দ্বাৰস্থ হ'বলৈ বাধ্য হয় । দিলীপৰ শহুৰৰ ঘৰৰ লোকে ঘৰ খালী কৰাৰ দাবী জনাই মহকুমা দণ্ডাধীশৰ আদালতত গোচৰ দাখিল কৰে । আদালতেও এই আবেদনৰ সপক্ষে ৰায় দি দিলীপক ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়ে ।

6 / 7

কিন্তু হাৰ নামানিলে দিলীপে । তেওঁ চিধাই পালেগৈ ভূপালৰ জিলা আযুক্তৰ কাষ । ঘৰৰ ওপৰত অধিকাৰ বিচাৰি দাখিল কৰিলে আবেদন । কিন্তু তাতো বিমুখ হ'বলগীয়া হয় দিলীপ । তাৰ পাচতে উচ্চ ন্যায়ালয়ত আবেদন জনাই তেওঁ । তেওঁ জনাই যে ঘৰ নিৰ্মাণৰ বাবে ১০ লাখ টকা তেওঁ দিছিল । তেন্তে এতিয়া তেওঁক ঘৰৰ পৰা ওলাই যাবলৈ ক'ব কিয় ? এই গোচৰৰ ওপৰত নিজৰ ৰায় প্ৰদান কৰে ভূপাল উচ্চ ন্যায়লয়ে ।

7 / 7

আদালতে কয় যে দিলীপক তেওঁৰ শহুৰৰ ঘৰত কেৱল থাকিবলৈহে দিয়া হৈছিল । তেওঁ শহুৰৰ ঘৰখন নিজৰ বুলি দাবী কৰিব নোৱাৰে । শহুৰৰ ঘৰৰ মানুহে যদি জোঁৱায়েকৰ নামত সম্পত্তি ক্ৰয় কৰে তেন্তে তাৰ ওপৰত তেওঁ অধিকাৰ দাবী কৰিব পাৰে । কিন্তু কেৱল বাস কৰিবলৈ অনুমতি প্ৰদান কৰিলে সেই সম্পত্তিৰ ওপৰত অধিকাৰ দাবী কৰিব নোৱাৰে ।

পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
যকৃত দুৰ্বল হৈ পৰাৰ ৫টা সাধাৰণ লক্ষণ কি, জানক...
প্ৰস্ৰাৱত বেছিকৈ ফেন আহে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে